পথেৰ পাঁচালী
পথেৰ পাঁচালী ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত পশ্চিমবঙ্গ চৰকাৰ প্ৰযোজিত আৰু সত্যজিৎ ৰায় পৰিচালিত এটি বঙালী ভাষাৰ চলচ্চিত্ৰ। বিভূতিভূষণ বন্দ্যোপাধ্যায় লিখা পথেৰ পাঁচালী নামৰ উপন্যাসখনৰ অৱলম্বনেৰে নিৰ্মিত এই ছবিখন সত্যজিৎ ৰায় পৰিচালিত প্ৰথম চলচ্চিত্ৰ। মুখ্য চৰিত্ৰ অপুৰ শৈশৱক কেন্দ্ৰ কৰি চলচ্চিত্ৰখনত বিংশ শতাব্দীৰ কুৰিৰ দশকত বঙ্গদেশৰ এটি গাঁৱৰ জীৱনধাৰা চিত্ৰায়িত কৰা হৈছে। এই চলচ্চিত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অৰ্থৰ সমস্যা থকাৰ বাবে নিৰ্মাণকাৰ্য বহুবাৰ ব্যাহত হয় আৰু দীঘলীয়া তিনি বছৰৰ পাছত সেয়া সম্পূৰ্ণ হয়। কম বাজেটত অদক্ষ অভিনেতা আৰু অনভিজ্ঞ শিল্পীসকলক লৈ এই চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল। চেতাৰ বাদক ৰবি শংকৰে ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ ৰাগ ব্যৱহাৰ কৰি চলচ্চিত্ৰখনৰ সঙ্গীত নিৰ্মাণ কৰে। সুব্ৰত মিত্ৰ চিত্ৰগ্ৰহণ আৰু দুলাল দত্ত সম্পাদনাৰ দায়িত্ব আছিল। ১৯৫৫ চনৰ ৩ মে' তাৰিখত নিউয়ৰ্ক চহৰৰ মিউজিয়াম অব মডাৰ্ন আৰ্টৰ এটি প্ৰদৰ্শনীত চলচ্চিত্ৰখন মুক্তি পায় আৰু তাৰ পাছত সেই একেই বছৰতে কলকাতাতো মুক্তি লাভ কৰে। ছবিৰ সমালোচকসকলে চলচ্চিত্ৰখনত প্ৰদৰ্শিত বাস্তৱতা, মানৱতা আৰু গুণমানক প্ৰশংসা কৰিলেও বহুতে ছবিখনৰ মন্থৰ গতিৰ বাবে চলচ্চিত্ৰখনক সমালোচনা কৰে। অপুৰ জীৱনৰ ভিত্তিত সত্যজিৎ ৰায়ৰ অপু ত্ৰিলজী চলচ্চিত্ৰ চিৰিজৰ পৰবৰ্তী দুখন ছবি 'অপৰাজিত' (১৯৫৬) আৰু 'অপুৰ সংসাৰ' (১৯৫৯) নিৰ্মাণ কৰা হৈছিল। পথেৰ পাঁচালী চলচ্চিত্ৰখনে ভাৰতীয় চলচ্চিত্ৰ জগতত সামাজিক বাস্তৱতাৰ ওপৰত ভিত্তি কৰা সামান্তৰাল চলচ্চিত্ৰ ধাৰাৰ আৰম্ভ কৰে। স্বাধীন ভাৰতত নিৰ্মাণ কৰা পথেৰ পাঁচালী আছিল প্ৰথম ভাৰতীয় চলচ্চিত্ৰ যিখন আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰিব সক্ষম হৈছিল। এইখন চলচ্চিত্ৰখন ১৯৫৫ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৯৫৬ চনত কাঁ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ মানৱিক দলিল পুৰস্কাৰৰ লগতে আৰু বহুতো পুৰস্কাৰ অৰ্জন কৰে। সেইবাবে সত্যজিৎ ৰায়ক ভাৰতৰ বিখ্যাত চলচ্চিত্ৰ পৰিচালকসকলৰ ভিতৰত অন্যতম বুলি কোৱা হয়। কাহিনীবিংশ শতাব্দীৰ কুৰি দশকত নিশ্চিন্তপুৰ নামক বঙালী এক প্ৰত্যন্ত গাওঁ অঞ্চলত অপু (সূবীৰ বন্দ্যোপাধ্যায়) আৰু তাৰ পৰিয়ালৰ কথাই পথেৰ পাঁচালী ছবিৰ মূল কাহিনী। অপুৰ দেউতা পুৰোহিত হৰিহৰ ৰায় (কানু বন্দ্যোপাধ্যায়) নিশ্চিন্দিপুৰৰ পৈতৃক ভূমিত তেওঁৰ পৰিয়াল সৈতে বসবাস কৰে। তেওঁৰ পেশাত আছিল এজন পুৰোহিত। খুবেই দৰিদ্ৰ। পঢ়াশুনা জনা শিক্ষিত মানুহ। এবাৰ তীব্ৰ অৰ্থসংকটৰ সময়ত তেওঁ তেওঁৰ প্ৰাপ্য পাৰিশ্ৰমিক আদায় কৰাৰ বাবে নিয়োগকৰ্তাৰ পৰা পইচা বিচাৰিব নোৱাৰে। তেওঁ এজন লাজুকী প্ৰকৃতিৰ মানুহ আছিল। হৰিহৰৰ স্ত্ৰী সৰ্বজয়া (কৰুণা বন্দ্যোপাধ্যায়) তেওঁৰ দুই সন্তান দুৰ্গা (উমা দাশগুপ্ত) আৰু অপু আৰু হৰিহৰৰ দূৰ সম্পৰ্কৰ বিধবা পেহীয়েক ইন্দিৰ ঠাকুৰণ (চুনীবালা দেবী)-ৰ চোৱাচিতা কৰে। হৰিহৰ দুখীয়া হোৱা বাবে সৰ্বজয়া ইন্দিৰ ঠাকুৰনক ছোৱাচিতা কৰাটো ভাল চকুৰে নাচায়। সৰ্বজয়াৰ বেয়া ব্যৱহাৰত অতিষ্ঠ হৈ ইন্দিৰ ঠাকুৰণ মাজে সময়ে বেলেগ আত্মীয়ৰ ঘৰত গৈ আশ্ৰয় লয়। দুৰ্গাই তেওঁলোকৰ ধনী চুবুৰীয়াৰ বাগিচাৰ পৰা ফল চুৰ কৰি আনে আৰু ইন্দিৰ ঠাকুৰণৰ লগত ভগাই খায়। এদিন সেই চুবুৰীয়াৰ গৃহিণী আহি দুৰ্গাক তেওঁলোকৰ এখন পুতিৰ মালা চুৰ কৰাৰ বাবে চোৰ বুলি অভিহিত কৰে আৰু সেই চুৰিৰ প্ৰৱণতাক উৎসাহ দিয়াৰ বাবে সৰ্বজয়াক দোষী সাব্যস্ত কৰে। অপু আৰু দুৰ্গা, দুই ভাই-ভনীয়েকৰ মাজত বহুত মিল। দুৰ্গা ডাঙৰ, তায়ো তাইৰ মাৰ নিচিনা সৰু ভায়েক অপুক বহুত মৰম কৰে। কিন্তু মাজে সময়ে দুৰ্গা আৰু অপুৰ মাজত কাজিয়াও হয়। তেওঁলোকে কেতিয়াবা গছৰ তলত বহি থাকে, কেতিয়াবা মিঠাই বিক্ৰেতাৰ পিছে পিছে দৌৰি ফুৰে, কেতিয়াবা একেলগে যাত্ৰা নাট চাবলৈ যায়। এদিন দুয়োটা মিলি সকলোৰ অগোচৰে ৰেলগাড়ী চাবলৈ যায়। কঁহুৱা বনত অপু আৰু দুৰ্গাৰ দৌৰি দৌৰি ৰেলগাড়ী চাবলৈ যোৱাৰ দৃশ্য সত্যজিৎ ৰায়ে এই ছবিখনত ধুনীয়াকৈ চিত্ৰায়িত কৰিছে। ঘৰত উভতি আহি সিহঁতে ইন্দিৰা ঠাকুৰণক মৃত অৱস্থাত দেখা পায়। গাঁৱত উপাৰ্জন ভাল নোহোৱাৰ বাবে হৰিহৰ অধিক উপাৰ্জনৰ বাবে চহৰলৈ যায়। হৰিহৰে সৰ্বজয়াক প্ৰতিশ্ৰুতিৰ দি যায় যে চহৰত ভাল উপাৰ্জন হ'লে উভতি আহি সি সিহঁতৰ ভঙা পুৰণি পৈতৃক ঘৰখন ঠিক কৰিবহি। হৰিহৰৰ অনুপস্থিতিত সৰ্বজয়া তীব্ৰ অৰ্থ সংকটত পৰে আৰু সৰ্বজয়া অকলশৰীয়া হোৱাৰ কাৰণে বহুত খঙাল হৈ পৰে। এবাৰ বৰষুণত তিতি দুৰ্গাৰ জ্বৰ হয়। উপযুক্ত চিকিৎসাৰ অভাৱত দুৰ্গাৰ জ্বৰ আৰু অধিক হৈ পৰে আৰু এদিন তীব্ৰ ধুমুহাৰ ৰাতিত দুৰ্গাৰ মৃত্যু হয়। ইয়াৰ পাছত এদিন হৰিহৰ চহৰৰ পৰা উভতি আহে। চহৰৰ পৰা অনা বস্তু অতি আগ্ৰহেৰে সৰ্বজয়াক দেখুৱাব আৰম্ভ কৰে; সৰ্বজয়া প্ৰথমে মনে মনে থাকে আৰু পাছত হৰিহৰৰ ভৰিত মুৰ থৈ কান্দিব আৰম্ভ কৰে। তেতিয়া হৰিহৰ বুজিব পাৰে যে সিহঁতৰ একমাত্ৰ কন্যা দুৰ্গা আৰু নাই। ইয়াৰ পাছত সিহঁতে পৈতৃক ঘৰ আৰু গাওঁ এৰি চহৰলৈ গুচি যায়। এই চলচ্চিত্ৰখনৰ শেষত অপু, হৰিহৰ আৰু সৰ্বজয়া গৰুৰ গাড়ীৰে চহৰলৈ যাত্ৰা কৰাৰ দৃশ্য দেখোৱা হৈছে। অভিনয়ত
কাহিনীৰ উৎসবিভূতিভূষণ বন্দোপাধ্যায় ৰচিত পথেৰ পাঁচালী উপন্যাসখন বঙালী ভাষাৰ এক ধ্ৰূপদী জীৱনীমূলক উপন্যাস। ১৯২৮ চনত এখন আলোচনীত ধাৰাবাহিকভাবে উপন্যাসখন প্ৰকাশ পাইছিল আৰু ১৯২৯ চনত উপন্যাসখন কিতাপ আকাৰে ছপা হয়। বিভূতিভূষণে উপন্যাসখনত এটা দুখীয়া পৰিয়ালৰ পৈতৃক গৃহত বসবাস আৰু তীব্ৰ আৰ্থিক সংকটৰ মাজত সিহঁতৰ জীয়াই থকাৰ সংগ্ৰাম ধুনীয়াকৈ বৰ্ণনা কৰিছে। সত্যজিৎ ৰায়ে ১৯৪৪ চনত চিগনেট প্ৰেছত গ্ৰাফিক্স ডিজাইনাৰ ৰূপে কাম কৰাৰ সময়তে পথেৰ পাঁচালী উপন্যাসখনৰ নতুন অখণ্ড সংস্কৰণৰ অলংকৰণ কৰাৰ সুবিধা লাভ কৰে। তেতিয়া তেওঁ কিতাপখন পঢ়ে আৰু প্ৰেছৰ মালিক ডি কে গুপ্তক ব্যক্ত কৰে যে কিতাপখনৰ পৰা এখন ভাল চলচ্চিত্ৰ নিৰ্মাণ কৰিব পৰা যাব। ১৯৪৬ চনত যেতিয়া সত্যজিৎ ৰায়ে চলচ্চিত্ৰ নিৰ্মাণৰ কথা ভাবে তেতিয়া ডি কে গুপ্তই তেওঁক পথেৰ পাঁচালী উপন্যাসৰ কাহিনীৰ ভিত্তিত ছবি নিৰ্মাণৰ পৰামৰ্শ দিয়ে। অৰ্জিত সন্মানপথেৰ পাঁচালী চলচ্চিত্ৰখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে বহুতো আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰে।
তথ্য সংগ্ৰহ
|