শ্বাস (চলচ্চিত্ৰ)
শ্বাস (ইংৰাজী: Shwaas ) ২০০৪ চনত মুক্তি পোৱা এখন মাৰাঠী চলচ্চিত্ৰ। এইখন ২০০৪ চনৰ অস্কাৰ বঁটাত ভাৰতৰ আধিকাৰিক প্ৰৱিষ্টি আছিল আৰু শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ একাডেমী বঁটাৰ শাখাত ৬ নম্বৰ স্থান লাভ কৰিছিল। ইয়াৰ কাহিনীভাগ পুনেৰ এটা সঁচা ঘটনাৰ আধাৰত ৰচিত।[2] অতি কম বাজেট, মাত্ৰ ৬৫ লাখ ভাৰতীয় টকাৰে[3] নিৰ্মিত মাৰাঠী ছবি শ্যামচি আয়ে শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ ৫০ বছৰ পাছত শ্বাসে ২০০৪ চনত এই খিতাপ অৰ্জন কৰিছিল।[2] পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰা সন্দীপ সাৱন্তৰ পৰিচালনাত ৩৩ দিনত সিন্ধুদুৰ্গ, কোংকন, পুনে আৰু পুনেৰ কে ই এম হাস্পতালত শ্বুটিং সম্পন্ন হৈছিল। শ্বাসক বেয়া দিন চলি থকা "মাৰাঠী চলচ্চিত্ৰৰ বাবে এক উল্লেখযোগ্য "পাকঘূৰণি" হিচাপে স্বীকৃতি দিয়া হয়। সফলতা লাভ কৰাৰ পিছত ইয়াক হিন্দী, বাংলা আৰু তামিল ভাষাত মুক্তি দিয়া হৈছিল।[4] আঠজন প্ৰযোজকৰ ভিতৰত অন্যতম বিশ্বনাথ নায়কক মাৰাঠী মঞ্চ অভিনেতা অৰুণ নালাৱাড়েৰ চাৰ্টাৰ্ড একাউণ্টেণ্টে তেওঁক এখন ছবি নিৰ্মাণৰ পৰামৰ্শ দিছিল। পিছলৈ এখন আলোচনীৰ দেৱালী সংস্কৰণত প্ৰকাশিত লেখিকা মাধৱী ঘৰপুৰেৰ এটা গল্প অৰুণ নালাৱাডেৰ চকুত পৰিল আৰু ভাবিলে যে ইয়াৰে এটা সুন্দৰ চলচ্চিত্ৰীয় কাহিনী নিৰ্মাণ হ'ব।[4] শ্বাস নিৰ্মাণ হোৱাৰ পূৰ্বেই বিতৰণ পৰিকল্পনা তৈয়াৰ কৰা হৈছিল। প্ৰাৰম্ভিক পৰ্যায়ত ছবি নিৰ্মাণ দলটোক যিমান পাৰে সিমান গাঁৱলৈ লৈ যোৱা হৈছিল; বিবাহভৱন, স্কুলৰ প্ৰেক্ষাগৃহ আৰু অস্থায়ী স্থান সকলোবোৰ চিত্ৰগ্ৰহণৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ছবিখনত কোনো গীত বা মাৰাঠী চলচ্চিত্ৰ জগতৰ চিনাকি তাৰকা নাছিল।[5] কাহিনী সাৰাংশশ্বাসৰ কাহিনী এজন কেঞ্চাৰ চাৰ্জনৰ জীৱনৰ সত্য ঘটনা আধাৰিত। এজন বৃদ্ধই তেওঁৰ সাত বছৰীয়া নাতিয়েক পৰশুৰামক চহৰৰ চকু বিশেষজ্ঞ ডাক্তৰ ছানেৰ ওচৰলৈ লৈ আহে। পৰীক্ষাৰ পাছত গম পোৱা গ’ল যে ল’ৰাটোৱে ৰেটিনা ব্লাষ্ট’মা ৰোগত ভূগিছে আৰু ল’ৰাটোৰ জীৱন বচাবলৈ চকুহাল উলিয়াই পেলোৱাৰ বাদে উপায় নাই। ককাক বহুত বিচলিত হৈ পৰিল। প্ৰথমতেতো তেওঁ এই সত্যক স্বীকাৰ কৰিবই পৰা নাছিল; শেষত অপাৰেচনৰ বাবে প্ৰস্তুত হ’ল। নিয়ম অনুসাৰে ল’ৰাটোক এইটো কোৱা প্ৰয়োজন আছিল যে তাৰ চকুহাল উলিয়াই পেলোৱা হব। এই কামৰ দায়িত্ব ডাক্তৰে ককাকক দিলে। কিন্তু তেওঁ নাতিয়েকক এই কথা কোৱাৰ সাহস গোটাব নোৱাৰিলে। ডাক্তৰে নিজে আৰু এজন সমাজসেৱকে পৰশুৰামক এইখিনি কথা কয়। ল’ৰাটোক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও জৰুৰীকালীন পৰিস্থিতিৰ বাবে অপাৰেচন ২৪ঘণ্টা পিছুৱাই যায়। চকুৰ সমস্যা, দৃষ্টি হেৰুওৱাৰ ভয়, অপাৰেচনৰ বাবে অপেক্ষা- এই সকলোবোৰ ল’ৰাটোৰ বাবে অসহ্যকৰ হৈ পৰিল। এনে সময়তে ককাকে তাক এই সকলোবোৰ সমস্যাৰ পৰা মুক্ত কৰাৰ কথা ভাবে। কাকো একো নোকোৱাকৈ দুয়ো হাস্পাতালৰ পৰা নাইকীয়া হৈ যায়। ডাক্তৰ, পুলিচ সকলোৰে দৌৰাদৌৰি লাগে। ককাক-নাতিয়েকে পুনৰ উভতি অহাত ডাক্তৰে খং কৰে। তেতিয়া ককাকে কয় যে তেওঁ নাতিয়েকক কিছু উপহাৰ দিবলৈ আৰু বাহিৰখন এবাৰ দেখুৱাবলৈ লৈ গৈছিল। কাৰণ দৃষ্টিশক্তি হেৰুওৱাৰ পাছত সি আৰু একো দেখা নাপাব। কিন্তু এই আনন্দখিনি পৰশুৰামে তাৰ মধুৰ স্মৃতিত সঞ্চিত কৰি ৰাখিব।[6] অভিনয় শিল্পী
বঁটাছবিখনে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত অসংখ্য বঁটা লাভ কৰে। শ্বাস-এ মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু তাৰ পিছত ভাৰতৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[4]
তথ্যউৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia