চহৰ ঔৰ স্বপ্না
চহৰ ঔৰ স্বপ্না (ইংৰাজী: Shehar Aur Sapna ) ১৯৬৩ চনত মুক্তি পোৱা খাজা আহমদ আব্বাছ পৰিচালিত এখন হিন্দী চলচ্চিত্ৰ। ছবিখনত দ্ৰুত উন্নয়নশীল মহানগৰ এখনত নিজৰ ঘৰ বিচাৰি বৃথা চেষ্টা চলোৱা এহাল যুৱ দম্পতীৰ কাহিনী চিত্ৰিত হৈছে, যিসকল এক উন্নত জীৱনৰ সন্ধানত মহানগৰীত ভীৰ কৰিছিল। [1] ছবিখনে ১৯৬৩ চনৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ ছবিৰ ফিল্মফেয়াৰ বঁটাৰ বাবেও মনোনীত হয়। কাহিনীৰ সাৰাংশএখন সৰু নগৰৰ বাসিন্দা ভোলা এখন বিশাল আৰু বৈপৰীত্বৰ মহানগৰ বোম্বেলৈ আহি হেৰাই যায়। তেনে সময়তে তেওঁ পদপথৰ বাসিন্দা কেইজনমান সহৃদয় লোকক লগ পায়- এজন সংগীতজ্ঞ, এখন কবি, এজন অভিনেতা আৰু এজন মল্লযুঁজাৰু। লগতে তেওঁ লগ পায় জগ্গা গুণ্ডাক, যাৰ সৈতে তেওঁৰ এখুণ্ডা লাগিছিলও। কেইদিনমান পিছত তেওঁ এজনী দুৰ্ভগীয়া ছোৱালী ৰাধাৰ প্ৰতি আকৰ্ষিত হয়। বৰষুণৰ পৰা বাচিবলৈ এদাল ড্ৰেইন পাইপত আশ্ৰয় লওঁতে ৰাধাক তেওঁ প্ৰথম লগ পায়। দুয়োৰ বিবাহ হয়। কেইদিনমান দিনবোৰ ঠিকেঠাকে যায় আৰু দম্পতিহাল পুৰণি বন্ধুৰ সৈতে অবৈধভাবে দখল কৰা অঞ্চল এটাত বাস কৰিবলৈ লয়। গৰ্ভৱতী ৰাধাৰ প্ৰসৱৰ সময় ওচৰ চাপি আহোঁত ধনীলোকৰ বাবে অট্টালিকা নিৰ্মাণ কৰিবলৈ ভোলাহঁত বাসকৰা অঞ্চলটোত উচ্ছেদ চলায়। সিহঁত পুনৰ গৃহহাৰা হয়। নৱজাতকক লৈ সিহঁত পুনৰ আশ্ৰয়ৰ আশাত সেই ড্ৰেইন পাইপডালৰ ওচৰলৈ আহে, য’ত ভোলা আৰু ৰাধাৰ প্ৰথম দেখাদেখি হৈছিল। কিন্তু গৈ দেখে যে সেই ড্ৰেইন পাইপডাল আগৰ ঠাইত আৰু নাই।[2] অভিনয়শিল্পী
বঁটা
তথ্যউৎস
বাহ্যিক সংযোগ
|