থায়ী চাহেবা
থায়ী চাহেবা (ইংৰাজী: Thaayi Saheba) ১৯৯৭ চনত মুক্তি পোৱা, গিৰীশ কাছাৰৱল্লী পৰিচালিত কানাড়া ভাষাৰ এখন ভাৰতীয় চলচ্চিত্ৰ। এই ছবিখন ৰংগনাথ শ্যামৰাও লোকপুৰা ৰচিত একে নামৰ কানাড়া উপন্যাসৰ অভিযোজন আছিল। ছবিখনে চাৰিটা শিতানত ৪৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[1] কাহিনীৰ সাৰাংশনায়িকা নৰ্মদা থায়ী স্বাধীনতা সংগ্ৰামী আপ্পা চাহাবৰ দ্বিতীয় পত্নী। নিঃসন্তান দম্পতীহালে তেওঁলোকৰ ঘনিষ্ঠ আত্মীয় ভেংকোবান্নাৰ সন্তানক দত্তক হিচাপে লোৱাৰ সিদ্ধান্ত লয়। ভেংকোবান্নাই নিজৰ সন্তানক দত্তক দিয়াৰ আঁৰত এটা মতলব আছে, তেওঁ হিচাপ কৰি পায় যে তেওঁৰ পুতেকে আপ্পা চাহাবৰ ধন-সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব। ইয়াৰ মাজতে আপ্পা চাহাবৰ চন্দ্ৰী নামৰ এগৰাকী নাৰীৰ লগতো অবৈধ সম্পৰ্ক আছে আৰু তেওঁলোকৰ ফালৰ পৰা এগৰাকী কন্যা সন্তান জন্ম হয়। নৰ্মদা থায়ী যথেষ্ঠ ধৈৰ্য্যশীল নাৰী আৰু স্বামীৰ চৰিত্ৰৰ সকলো কথা জানিও তেওঁ স্বামী আৰু ঘৰখনক সহায় কৰে। দেশ স্বাধীন হোৱাৰ পিছত আপ্পা চাহাবে তেওঁৰ সকলো ভূমি তেওঁৰ পথাৰত চহ কৰা শ্ৰমিকসকলক এৰি দিয়ে। তেওঁৰ এই দৃষ্টিভংগীৰ বাবে বহু প্ৰত্যাশিত পৰিকল্পনা ছিন্নভিন্ন হোৱাত ভেংকোবান্না ক্ষুব্ধ হৈ পৰে। কিছু সময়ৰ অন্তৰালত আপ্পা চাহাব চৰকাৰৰ প্ৰতিবাদ কৰিবলৈ ঘৰৰ পৰা ওলাই যায় আৰু ঘূৰে নাহে। নৰ্মদাই জানিব পাৰে যে তেওঁৰ স্বামীক চৰকাৰে কাৰাগাৰত বন্দী কৰি থৈছে; কিন্তু স্বামীৰ সম্পৰ্কত সবিশেষ একো গম নাপায়। ইফালে দম্পতিহালে দত্তক লোৱা পুত্ৰ সন্তানটোৱে যৌৱনত ভৰি দিয়ে। হঠাৎ থায়ী চাহিবাই আৱিষ্কাৰ কৰে যে দত্তক পুত্ৰই আপ্পা চাহাবৰ ৰক্ষিতা চন্দ্ৰীৰ কন্যাৰ প্ৰেমত পৰিছে। আইনৰ দৃষ্টিত দুয়ো ভাই-ভনী। তেওঁ পুত্ৰক সামাজিক নৈতিকতাৰ বিৰুদ্ধে নাযাবলৈ বুজনি দিয়ে। কিন্তু পুত্ৰই এই বুজনিত সৈমান নহয়। আনহাতে থায়ী চাহিবাই যদি এই বিয়াত সন্মতি দিয়ে, তেন্তে আইনৰ দৃষ্টিত তেওঁ জগৰীয়া হ’ব। সেয়েহে তেওঁ পুত্ৰৰ দত্তক চুক্তি বাতিল কৰিবলৈ চেষ্টা চলায়, যদিও সেই সময়ত আইনত তেনে ব্যৱস্থা নাছিল। অৱশেষত তেওঁ পুত্ৰক নিজ ইচ্ছামতে কাম কৰিবলৈ সন্মতি দিয়ে আৰু বিয়াখনৰ ফলত হবলগীয়া ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’বলৈ মানসিকভাবে প্ৰস্তুত হয়। শেষ দৃশ্যত দেখা যায় যে থায়ী চাহিবা ঘৰৰ চিৰিৰ ওচৰত থিয় হৈ আছে আৰু ক্ষুব্ধ ভেংকোবান্নাই আৰক্ষীৰ সৈতে আহি তেওঁলোকৰ আগমনৰ জাননী দিয়ে। অভিনয়শিল্পী
বঁটা
তথ্যউৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia