চোখ
চোখ (ইংৰাজী: Chokh) ১৯৮২ চনত মুক্তি পোৱা আৰু উৎপলেন্দু চক্ৰৱৰ্তী পৰিচালিত এখন বঙালী ছবি, য'ত ওম পুৰী, অনিল চেটাৰ্জী, শ্যামানন্দ জালান আৰু শ্ৰীলা মজুমদাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ কাহিনীভাগ ১৯৭৫ চনৰ পটভূমিত কলকাতাৰ এটা মৰাপাট কলৰ শ্ৰমিকসকলৰ ওপৰত হোৱা অত্যাচাৰ আৰু শোষণৰ আধাৰত ৰচনা কৰা হৈছে।[1][2] ছবিখনে শ্ৰেষ্ঠ পূ্ৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ পৰিচালনাৰ বাবে দুটাকৈ ৩০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[3][4] কাহিনীৰ সাৰাংশ১৯৭৫ চনৰ জৰুৰীকালীন সময়ছোৱাৰ পৰিৱেশত ছবিৰ কাহিনী ৰচিত হৈছে। কলকাতাৰ জেথিয়া মৰাপাত কলৰ মালিকৰ ভাতৃ আৰু আন এজন শ্ৰমিকৰ হত্যাৰ অপৰাধত শ্ৰমিক সংঘৰ নেতা যদুনাথক মৃত্যুদণ্ড দিয়া হয়। অথচ যদুনাথে এই হত্যাকাণ্ড সংঘটিত কৰা নাছিল। মৃত্যুৰ আগেয়ে তেওঁ চকু দুটা দানৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু মিলৰ মালিকে এই দানৰ কথা গম পাই কুটিল উপায়েৰে নিজৰ অন্ধ পুত্ৰৰ বাবে দুয়োটা চকু লাভ কৰিবলৈ চেষ্টা কৰে। ইফালে ডাক্তৰে আৱিষ্কাৰ কৰে যে জেথিয়াই দিয়া দান সংক্ৰান্তীয় নথিবোৰ ভুৱা। মালিক জেথিয়াৰ এই অন্যায়ৰ বিৰুদ্ধে অতি সোনকালেই মিলৰ শ্ৰমিকসকল যদুনাথৰ বিধৱা পত্নীৰ নেতৃত্বত সংগঠিত হয় আৰু প্ৰতিবাদী সমদল উলিয়ায়।[5] অভিনয়শিল্পী
বঁটা
তথ্যউৎস
বাহ্যিক সংযোগ
|