শ্যামচি আই (চলচ্চিত্ৰ)
শ্যামচি আই (ইংৰাজী: Shyamchi Aai; অসমীয়া অনুবাদ: শ্যামৰ মাতৃ) ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত প্ৰহ্লাদ কেশৱ আত্ৰে পৰিচালিত এখন মাৰাঠী চলচ্চিত্ৰ। সানে গুৰুজীৰ একে নামৰ মাৰাঠী গ্ৰন্থ এখনৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছে। সংগীত বসন্ত দেশাইৰ। শ্যাম আৰু শ্যামৰ মাকৰ ভূমিকাত অভিনয় কৰিছে ক্ৰমে মাধৱ ৱজে আৰু বনমালাই। শ্যামচি আই শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম ছবি।[1] কাহিনীৰ সাৰাংশশ্যামচি আইৰ কাহিনীটো শ্যাম নামৰ ল’ৰা এটা শ্যাম নামৰ লৰা আৰু মাকৰ সৈতে তেওঁৰ সম্পৰ্কৰ কেন্দ্ৰ কৰি আবৰ্তিত হৈছে। শ্যামৰ জীৱনৰ ওপৰত মাকৰ গভীৰ প্ৰভাৱ পৰিছে। মাকেই তেওঁক শিকাইছে, কেনেকৈ নীতি আৰু আদৰ্শত অটল থাকিব লাগে; আনকি চৰম দাৰিদ্ৰত পতিত হ’লেও নীতি-আদৰ্শ বিসৰ্জন দিয়া অনুচিত। শ্যামৰ পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্পৰ্কক উন্মোচিত কৰা হৈছে। মাকৰ ৰোগ আৰু মৃত্যুৰে ছবিৰ সমাপ্তি কৰা হৈছে।[1] সমাজকৰ্মী পাণ্ডুৰং সদাশিৱ সানে (সানে গুৰুজী) ৰচিত শ্যামচি আই নামৰ আত্মজীৱনীমূলক গ্ৰন্থ এখনৰ আধাৰত ছবিখনৰ কাহিনীটো যুগুত কৰা হৈছে। শ্যাম নামৰ চৰিত্ৰটো লেখক সদাশিৱ সানে নিজেই বুলি দাবী কৰা হয়। অভিনয় শিল্পী
বঁটা
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia