মিৰ্জা গালিব (চলচ্চিত্ৰ)
মিৰ্জা গালিব (ইংৰাজী: Mirza Ghalib) ১৯৫৪ চনৰ হিন্দী আৰু উৰ্দু ভাষাত নিৰ্মিত, চোহৰাব মোডী পৰিচালিত প্ৰখ্যাত কবি মিৰ্জা গালিবৰ জীৱন আধাৰিত এখন বলিউদী চলচ্চিত্ৰ, যিখন ছবি মুক্তিৰ পিছতে দৰ্শক-সমালোচনকৰ দ্বাৰা প্ৰশংসিত হৈছিল। ইয়াত ভাৰত ভূষণে মিৰ্জা গালিবৰ আৰু সুৰাইয়াই গালিবৰ প্ৰেমিকা ভূমিকাত অভিনয় কৰিছে। ছবিখনে ১৯৫৪ চনৰ দ্বিতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত সৰ্ব-ভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক আৰু হিন্দী ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে। ৰাষ্ট্ৰপতি ভৱনত হোৱা ছবিখনৰ এক বিশেষ প্ৰদৰ্শনৰ সময়ত সুৰাইয়াই গোৱা মিৰ্জা গালিবৰ গজল আৰু তেওঁৰ অভিনয়ক তৎকালীন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে উচ্চ প্ৰশংসা কৰিছিল আৰু সুৰাইয়াই গালিবক জীৱন্ত কৰি তোলা বুলি মন্তব্য কৰিছিল।[1][2] কাহিনীৰ সাৰাংশঅভিনয় শিল্পী
সংগীতসংগীত ৰচনা কৰিছে গুলাম মহম্মদে। গীত আৰু গজলবোৰত কণ্ঠদান কৰিছে সুৰাইয়া, মহম্মদ ৰফি আৰু তালাত মেহমুদে।
বঁটা
বক্স-অফিচমিৰ্জা গালিব ১৯৫৪ চনৰ বক্স-অফিচৰ সৰ্বাধিক উপাৰ্জনকাৰীৰ তালিকাত চতুৰ্থ স্থানত আছিল।[4] তথ্যসূত্ৰ
বাহ্যিক সংযোগ |