আকালেৰ সন্ধানে
আকালেৰ সন্ধানে (ইংৰাজী: Akaler Shandhaney ; অসমীয়া অনুবাদ: "আকালৰ সন্ধানত") ১৯৮২ চনত মুক্তি পোৱা মৃণাল সেন পৰিচালিত বঙালী ভাষাৰ সমান্তৰাল ধাৰাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখনে ২৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালনা, শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ সম্পাদনা শিতানত চাৰিটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[1] কাহিনীৰ সাৰাংশপ্ৰায় পাঁচ নিযুত বঙালী লোকৰ মৃত্যু হোৱা ১৯৪৩ চনৰ দুৰ্ভিক্ষৰ বিষয়ে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ ১৯৮০ চনৰ ছেপ্টেম্বৰ মাহত এটা কলা-কুশলীৰ দল এখন গাঁৱলৈ আহে। এয়া আছিল মানৱ-সৃষ্ট দুৰ্ভিক্ষ, বিশ্বযুদ্ধৰ পাৰ্শ্ব-উৎপাদন; আৰু চলচ্চিত্ৰৰ মাধ্যেমেৰে অনাহাৰত মৃত্যু হোৱা লাখ লাখ লোকৰ দুৰ্দশাগ্ৰস্থ অৱস্থাটোৰ পুনঃনিৰ্মাণ কৰিবলৈ আহিছে এইসকল কলা-কুশলীয়ে। নানা অসুবিধা আৰু উদ্বেগৰ মাজেৰে শ্বুটিং আৰম্ভ হয়। অভিনেতা-অভিনেত্ৰীসকলে এক দ্বৈত জীৱন যাপন কৰে আৰু গাঁৱৰ মানুহবোৰে বিস্ময় আৰু সন্দেহৰ মাজেৰে তেওঁলোকৰ কামকাজ লক্ষ্য কৰি থাকে। ছবিৰ কাম আগবাঢ়ি যোৱাৰ লগেলগে পুনঃনিৰ্মিত অতীত বৰ্তমানৰ মুখামুখি হয়। ১৯৪৩ চনৰ সৈতে ১৯৮০ চনৰ ঘটনাৰ এটা অদ্ভুত সম্পৰ্ক তৈয়াৰ হোৱা দেখা যায়। ইয়াৰ মাজতে এটা নাৰী চৰিত্ৰৰ বাবে বাবে স্থানীয় অভিনেত্ৰীৰ সন্ধানক কেন্দ্ৰ কৰি ছবি নিৰ্মাতা দলটোৰ সৈতে গাঁৱবাসী বিবাদত জড়িত হৈ পৰে। আকাল সন্ধানী লোকসকলৰ বাবে সেয়া আছিল এক উদ্বেগজনক পৰিস্থিতি। অৱশেষত ছবি নিৰ্মাণকাৰী দলটোৱে আধাতে শ্বুটিং সামৰি বাকীখিনি কাম ষ্টুডিঅ’তে কৰাৰ মানসেৰে কলকাতালৈ গুছি আহে।[1] অভিনয় শিল্পী
বঁটা-বাহন
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|