মৃণাল সেন
প্ৰভাৱপাঁচখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পিছত তেওঁ ভাৰত চৰকাৰে প্ৰদান কৰা অতি কম বাজেটেৰে এখন চিনেমা নিৰ্মাণ কৰে। ভুৱন সোম (১৯৬৯) নামৰ এই ছবিখনে অৱশেষত তেওঁক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এজন প্ৰধান চলচ্চিত্ৰ নিৰ্মাতা হিচাপে চিনাকি কৰি দিলে। ভুৱন সোমে ভাৰততো "নতুন চিনেমা" চলচ্চিত্ৰ আন্দোলনৰ সূচনা কৰিছিল। [5] সামাজিক প্ৰেক্ষাপট আৰু ইয়াৰ ৰাজনৈতিক প্ৰভাৱইয়াৰ পিছত তেওঁ নিৰ্মাণ কৰা ছবিসমূহ মূলতঃ ৰাজনৈতিক আছিল, আৰু ইয়ে তেওঁক মাৰ্ক্সবাদী শিল্পী হিচাপে জনাজাত কৰাই দিছিল। সমগ্ৰ ভাৰততে বৃহৎ পৰিসৰৰ ৰাজনৈতিক অশান্তিৰ সময়ো আছিল সেয়া। বিশেষকৈ কলিকতা আৰু ইয়াৰ আশে-পাশে এই সময়ছোৱাক বৰ্তমান নক্সালবাদী আন্দোলন বুলি জনা যায়। এই পৰ্যায়ৰ লগে লগে তেওঁ ধাৰাবাহিকভাৱে এখনৰ পাছত এখন ছবিৰ সৃষ্টি কৰে, য’ত তেওঁ নিজৰ মনোযোগ সলনি কৰে আৰু বাহিৰত শত্ৰু বিচৰাৰ পৰিৱৰ্তে তেওঁ নিজৰ মধ্যবিত্ত সমাজৰ ভিতৰৰ শত্ৰুক বিচাৰিছিল। তৰ্কসাপেক্ষভাৱে এইটোৱেই আছিল তেওঁৰ আটাইতকৈ সৃষ্টিশীল পৰ্যায়।[6] কলকাতাৰ চিত্ৰায়ণপুনশঃৰ (১৯৬১) পৰা মহাপৃথিৱীলৈকে (১৯৯১) সেনৰ বহুতো চিনেমাত কলকাতাৰ বিশেষ স্থান আছে। তেওঁ কলকাতাক চৰিত্ৰ হিচাপে, আৰু প্ৰেৰণা হিচাপে দেখুৱাইছে। তেওঁ জনসাধাৰণ, মূল্যবোধ ব্যৱস্থা, শ্ৰেণী পাৰ্থক্য আৰু কলকাতা চহৰৰ পথবোৰক চিনেমাত সুন্দৰকৈ প্ৰতিফলিত কৰিছে। স্বীকৃতিসেন ১৯৮২ চনত ৩২ সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ সদস্য আছিল। ১৯৮৩ চনত তেওঁ ত্ৰয়োদশ মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ সদস্য আছিল। ১৯৯৭ চনত সেন ২০ সংখ্যক মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ সদস্য হয়। ২০১২ চনৰ ২৪ জুলাইত পশ্চিমবংগ চৰকাৰে ৰাজ্যখনৰ পৰা চলচ্চিত্ৰ ব্যক্তিত্বক সম্বৰ্ধনা জনোৱাৰ বাবে আয়োজন কৰা অনুষ্ঠানলৈ সেনক আমন্ত্ৰণ জনোৱা হোৱা নাছিল। খবৰ অনুসৰি তেওঁৰ ৰাজনৈতিক মতামতেই তেওঁক অনুষ্ঠানৰ পৰা বাদ দিয়াৰ কাৰণ বুলি ধৰা হয়। [7] চলচ্চিত্ৰপঞ্জী
মৃত্যুসেন বহু বছৰ ধৰি বয়সৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ আছিল। ২০১৮ চনৰ ৩০ ডিচেম্বৰত ৯৫ বছৰ বয়সত কলকাতাৰ ভৱা নীপুৰৰ নিজ গৃহত তেওঁৰ মৃত্যু হয়। [8][9][10] তথ্যসূত্ৰ
|