পি জয়ৰাজ
পাইদী জয়ৰাজ (ইংৰাজী: Paidi Jairaj ; জন্ম ২৮ ছেপ্টেম্বৰ ১৯০৯ – ১১ আগষ্ট ২০০০) এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু প্ৰযোজক, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰৰ বাবে বিশেষভাবে পৰিচিত। তেওঁ মাৰাঠী, গুজৰাটী, তেলেগু ভাষাৰ চলচ্চিত্ৰ আৰু তেলেগু থিয়েটাৰৰ সৈতেও জড়িত আছিল। [2] টকী বা সবাক চলচ্চিত্ৰৰ আগমণৰ সময়তে ১৯৩১ চনত তেওঁ উৰ্দু আৰু ইংৰাজী ভাষাত নিৰ্মিত চিকাৰী ছবিখনেৰে টকীত অভিনয় জীৱন আৰম্ভ কৰে। পৰৱৰ্তী সময়ত ভি শান্তাৰাম, অশোক কুমাৰ, পৃথ্বীৰাজ কাপুৰ, মতিলাল আদিৰ সৈতে প্ৰায় দুটা দশক ধৰি তেওঁ অন্যতম আগশাৰীৰ অভিনেতা হিচাপে পৰিগণিত হয়। প্ৰায় ১৭০ খন পূৰ্ণদৈৰ্ঘ্য ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰে। তেওঁ মোহৰ, মালা (১৯৪৩),প্ৰতিমা, ৰাজঘৰ, সাগৰ (১৯৫১) আদি কেইখনমান ছবি পৰিচালনা কৰিছিল, যি কেইখনৰ প্ৰযোজকো তেৱেঁ আছিল। ১৯৮০ চনত তেওঁলৈ ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা- দাদাচাহেব ফাল্কে বঁটা আগবঢ়োৱা হয়। [3] [4] কৰ্মজীৱননিজাম কলেজত স্নাতক মহলাত অধ্যয়ন কৰি থকাৰ সময়ততে জয়ৰাজৰ থিয়েটাৰ আৰু চলচ্চিত্ৰৰ প্ৰতি আগ্ৰহ জন্মে আৰু ১৯২৯ চনত বম্বেলৈ ৰাওনা হয়।[5] ১৯২৯ চনত ষ্টাৰ ক্লিং ইউথ নামৰ নিৰ্বাক ছবিখনৰ জৰিয়তে তেওঁ অভিনয় জগতত আত্মপ্ৰকাশ কৰে। তাৰ পিছত তেওঁ ট্ৰাইএংগল অৱ লাভ, মাথ্ৰু ভূমি, অল ফৰ লাভাৰ, মহাসাগৰ মোথি, ফ্লাইট ইনটু ডেথ, মাই হিৰো আদি প্ৰায় এঘাৰখন নিৰ্বাক ছবিত অভিনয় কৰে।[2][3] বাচকবনীয়া ছবিৰ ভিতৰত তেওঁ অমৰ সিং ৰাথোৰ (১৯৫৭), পৃথ্বীৰাজ চৌহান ৯১৯৫৯), আৰু মহাৰাণা প্ৰতাপৰ (১৯৬০) চৰিত্ৰত অভিনয় কৰিছিল। শ্বাহজাহান (১৯৪৭),টিপু চুলতান (১৯৫৯) আৰু হাইদৰ আলীৰ (১৯৬২) চৰিত্ৰতো তেওঁ অভিনয় কৰিছিল। বিশিষ্ট অভিনয় কৰা তেওঁৰ আন আন ছবিসমূহ হ’ল- চাছি পুন্নু (১৯৪৭), হাতেমতাই (১৯৫৬), চন্দ্ৰশেখৰ আজাদ (১৯৬৩), দুৰ্গাদাস (১৯৬৪) আদি । জয়ৰাজে ১৯৪০ আৰু ১৯৫০-ৰ দশকত সুৰাইয়াৰ সৈতে ছখন ছবি কৰিছিল; ইয়াৰে পাঁচখন- হামাৰী বাত (১৯৪৩),ছিংগাৰ (১৯৪৯),অমৰ কাহানী (১৯৪৯),ৰাজপুত (১৯৫১) আৰু ৰেশমত (১৯৫২) তেওঁৰ নায়ক হিচাপে আৰু ষষ্ঠখন ছবি লাল কুঁৱৰত (১৯৫২) দ্বিতীয় নায়ক হিচাপে অভিনয় কৰিছিল। ১৯৫২ চনত তেওঁ নিজাববীয়াকৈ সাগৰ পৰিচালনা আৰু প্ৰযোজনা কৰে। কিন্তু ছবিখন দৰ্শকে ভালদৰে গ্ৰহণ কৰা নাছিল।[6] চলচ্চিত্ৰপঞ্জীঅভিনেতা ৰূপে
বঁটা
তথ্যউৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia