তেলেগু থিয়েটাৰতেলেগু থিয়েটাৰ (ইংৰাজী: Telugu theatre )হৈছে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ৰাজ্যক ভিত্তি গঢ় লোৱা তেলেগু ভাষাৰ ভাৰতীয় থিয়েটাৰ।[1] গুৰাজাদা আপ্পাৰাওৱে ১৮৯২ চনত ৰচনা কৰা কন্যাছুলকম নামৰ নাটখনক প্ৰায়ে তেলেগু ভাষাৰ সৰ্বশ্ৰেষ্ঠ নাটক বুলি গণ্য কৰা হয়।[2] চি পুল্লাইয়াক তেলেগু নাট্য আন্দোলনৰ পিতৃ হিচাপে উল্লেখ কৰা হৈছে।[3][4] ভেমুৰি গগাইয়া ১৯১৩–২৮ চনৰ সময়চোৱাত কৃষ্ণা জিলাৰ মাইলাভাৰমৰ মাইলাভাৰম বালা ভাৰতী নাটক সমাজমৰ এজন গুৰুত্বপূৰ্ণ সদস্য আছিল। মাইলাভাৰম থিয়েটাৰত পৌৰাণিক চৰিত্ৰত অভিনয় কৰি গগাইয়া এটা ঘৰুৱা নাম হৈ পৰিছিল।[5] তিৰুপতি ভেংকটা কাভুলুৱে হিন্দু মহাকাব্যসমূহৰ আধাৰত কেইবাখনো নাটক ৰচনা কৰিছে য’ত পৰিমিত মাত্ৰাত গায়নযোগ্য পদ্যৰ অন্তৰ্ভূক্তি হৈছে। তেওঁলোকৰ কেইবাখনো নাট, বিশেষকৈ পাণ্ডোদ্যযোগবিজয়ালু সমগ্ৰ অন্ধ্ৰপ্ৰদেশৰ বহুতো নাট্য সংঘ আৰু দৰ্শকৰ মাজত বহুলভাৱে পৰিচিত।[6] অন্ধ্ৰপ্ৰদেশ চৰকাৰে প্ৰতি বছৰে তেলেগু থিয়েটাৰৰ বিকাশৰ বাবে নান্দী নাটকোৎসৱ বঁটা প্ৰদান কৰে।[7][8] তথ্যউৎস
|
Portal di Ensiklopedia Dunia