ৰণবীৰ কাপুৰ
ৰণবীৰ কাপুৰ (উচ্চাৰণ: [ɾəɳˈbiːɾ kəˈpuːɾ], জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮২) মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা।[1] তেওঁ হিন্দী চলচ্চিত্ৰৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতাসকলৰ ভিতৰত অন্যতম এজন। তেওঁ ২০১২ চনৰ পৰা বৰ্তমানলৈকে ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত অন্তৰ্ভুক্ত হৈয়ে আছে। কাপুৰে ৭টা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা-বাহন তথা স্বীকৃতি লাভ কৰিছে৷[2] অভিনেতা ঋষি কাপুৰ আৰু নীতু সিঙৰ পুত্ৰ, আৰু অভিনেতা তথা পৰিচালক ৰাজ কাপুৰৰ নাতি ৰণবীৰে স্কুল অৱ ভিজুৱেল আৰ্টছ আৰু লি ষ্ট্ৰাছবাৰ্গ থিয়েটাৰ এণ্ড ফিল্ম ইনষ্টিটিউটত চলচ্চিত্ৰ নিৰ্মাণ আৰু অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ সঞ্জয় লীলা ভণশালীৰ ছবি ব্লেক (২০০৫)ত সহকাৰী পৰিচালক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। আৰু ভণশালীৰ কৰুণ ৰোমাঞ্চধৰ্মী ছবি ছাৱৰিয়া (২০০৭)ৰে অভিনয়ত আত্মপ্ৰকাশ কৰে, যদিও ছবিখন ব্যৱসায়িকভাৱে ব্যৰ্থ হয়। ২০০৯ চনত মুক্তিপ্ৰাপ্ত দুখনকৈ ছবি ৱেক আপ চিড আৰু আজব প্ৰেম কি গজব কাহানি, আৰু ২০১০ চনত মুক্তিপ্ৰাপ্ত ৰাজনৈতিক নাট্য ছবি ৰাজনীতিৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা লাভ কৰে।[3] ৰকষ্টাৰ (২০১১) ছবিত এজন অশান্ত সংগীতজ্ঞ আৰু বৰ্ফি! (২০১২) ছবিত এজন উল্লাসিত মূক-বধিৰ ব্যক্তিৰ চৰিত্ৰত অভিনয়েৰে কাপুৰে একেৰাহে দুটাকৈ "শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ফিল্মফেয়াৰ বঁটা" লাভ কৰে। ৰোমান্টিক কমেডীধৰ্মী ছবি য়েহ জৱানী হ্যায় দীৱানী (২০১৩)ৰে তেওঁ তাৰকা হিচাপে আৰু অধিক খ্যাতি লাভ কৰিছিল। ইয়াৰ পিছতে কিছু ধাৰাবাহিকভাৱে ব্যৱসায়িক বিফল হয়। কিন্তু, ইয়াৰ ব্যতিক্ৰম আছিল এ দিল হাই মুছকিল (২০১৬) আৰু সঞ্জু (২০১৮)। সঞ্জু ছবিখনত সঞ্জয় দত্তৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পুনৰবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। কিছুকাল বিৰতিৰ পিছত তেওঁ ফেণ্টাচি ছবি ব্ৰহ্মাস্ত্ৰ: পাৰ্ট ওৱান – শিৱা (২০২২) আৰু একচনধৰ্মী নাট্য ছবি এনিমেল (২০২৩) শীৰ্ষক দুখন ব্যৱসায়িক সফল ছবিত অভিনয় কৰে। এনিমেলে তেওঁৰ কৰ্মজীৱনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে খিতাপ পায় আৰু লগতে ছবিখনৰ বাবে তেওঁ "চতুৰ্থ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ফিল্মফেয়াৰ বঁটা" লাভ কৰে।[4] অভিনয়ৰ উপৰিও কাপুৰে দাতব্য সংস্থা আৰু সমাজ হিতৈষী কাম-কাজত সহায় কৰে। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল দল মুম্বাই চিটি এফ চিৰ সহস্ৰগৰাকীও৷ ২০২২ চনত তেওঁ অভিনেত্ৰী আলিয়া ভাটৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ এগৰাকী কন্যা সন্তানৰ পিতৃ।[5] প্ৰাৰম্ভিক জীৱন আৰু পটভূমি১৯৮২ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বেত হিন্দী চলচ্চিত্ৰ জগতৰ অভিনেতা ঋষি কাপুৰ আৰু অভিনেত্ৰী নীতু সিঙৰ গৃহত ৰণবীৰ কাপুৰে জন্মগ্ৰহণ কৰিছিল।[6] তেওঁ পৃথ্বীৰাজ কাপুৰৰ প্ৰপৌত্ৰ আৰু অভিনেতা-পৰিচালক ৰাজ কাপুৰৰ নাতি।[7] তেওঁৰ বাইদেউ, ৰিদ্ধিমা এগৰাকী ইণ্টেৰিয়ৰ আৰু ফেশ্বন ডিজাইনাৰ।[8][9] অভিনেতা ৰণধীৰ কাপুৰ তেওঁৰ বৰদেউতাক, আৰু সেই সূত্ৰে তেখেতৰ কন্যা, অভিনেত্ৰী কৰিশ্মা কাপুৰ আৰু কৰিণা কাপুৰ ৰণবীৰৰ বাইদেউ।[10] কাপুৰ মূলতঃ পাঞ্জাবী বংশৰ, পিতৃ হিন্দু ধৰ্মাৱলম্বী আৰু মাতৃ শিখ ধৰ্মাৱলম্বী। তেওঁ বম্বে স্কটিছ স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। ছাত্ৰাৱস্থাত পঢ়াশুনাৰ প্ৰতি তেওঁৰ আগ্ৰহ খুউব কম আছিল আৰু সমনীয়াসকলৰ মাজত নিম্ন স্থান অৰ্জন কৰিছিল।[11][12] অৱশ্যে তেওঁ উল্লেখ কৰিছে যে তেওঁ ক্ৰীড়া বিশেষকৈ ফুটবলত উন্নত প্ৰদৰ্শন আগবঢ়াইছিল।[13] সৰুতে পিতৃ-মাতৃৰ অশান্ত বিবাহে তেওঁক কেনেদৰে প্ৰভাৱিত কৰিছিল সেই সন্দৰ্ভত কাপুৰে কণ্ঠস্বৰ প্ৰকাশ কৰি কয় যে, "কেতিয়াবা কাজিয়াবোৰ সঁচাকৈয়ে বেয়া হৈ গৈছিল। কাজিয়া বন্ধ হোৱাৰ অপেক্ষাত, মই চিঁড়িত বহি আঁঠুৰ মাজত মূৰটো থৈ ৰাতিপুৱা পাঁচ-ছয় বজালৈকে ৰৈ থাকো।"[14] এই অভিজ্ঞতাবোৰৰ ফলত "তেওঁৰ ভিতৰত আৱেগৰ জলাশয় গঢ় লৈ উঠিল", যিয়ে তেওঁক চলচ্চিত্ৰৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিবলৈ বাধ্য কৰাইছিল বুলি তেওঁ কয়।[14] জীৱনৰ আদিছোৱাত মাকৰ সৈতে কাপুৰৰ ঘনিষ্ঠ সম্পৰ্ক আছিল যদিও পিতৃৰ সৈতে তেওঁৰ সম্পৰ্ক সিমান ভাল নাছিল।[11][15] মেট্ৰিক পাছ কৰাৰ পিছত তেওঁ আ অব লউট চলে (১৯৯৯) ছবিখনত তেওঁৰ পিতৃৰ সহকাৰী পৰিচালক হিচাপে কাম কৰে আৰু সেই সময়তেই পিতৃৰ সৈতে তেওঁৰ সৈতে অধিক ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠে।[15] এইচ.আৰ. কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সত প্ৰাক-বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পিছত[11] কাপুৰে স্কুল অৱ ভিজুৱেল আৰ্টছত চলচ্চিত্ৰ নিৰ্মাণ শিকিবলৈ নিউয়ৰ্ক মহানগৰলৈ যায় আৰু তাতেই লি ষ্ট্ৰাছবাৰ্গ থিয়েটাৰ এণ্ড ফিল্ম ইনষ্টিটিউটত মেথড এক্টিং কৰে।[16][17] ফিল্ম স্কুলত কাপুৰে পেচন টু লাভ আৰু ইণ্ডিয়া ১৯৬৪ শীৰ্ষক দুখন চুটি ছবি পৰিচালনা কৰাৰ লগতে তাত অভিনয়ো কৰিছিল।[16][18] নিউয়ৰ্ক চহৰত অকলে থকাৰ নিসংগতাৰ লগতে তেওঁ "অসাৰ" বুলি অভিহিত কৰা ফিল্ম স্কুলৰ অভিজ্ঞতাই তেওঁক হিন্দী চলচ্চিত্ৰত কেৰিয়াৰ গঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল।[14][19] মুম্বাইলৈ উভতি অহাৰ লগে লগে কাপুৰে ২০০৫ চনৰ ছবি ব্লেকত সঞ্জয় লীলা ভণশালীৰ সহকাৰী পৰিচালক হিচাপে নিযুক্তি লাভ কৰে। তেওঁ অভিজ্ঞতাটোৰ বিষয়ে বৰ্ণনা কৰি কয় যে, "মোক মাৰপিট কৰা হৈছিল, গালি-গালাজ দিয়া হৈছিল, পুৱা ৭ বজাৰ পৰা ৪ বজালৈকে মজিয়া চাফা কৰাৰ পৰা আৰম্ভ কৰি লাইট ঠিক কৰালৈকে সকলো কাম কৰিছিলো, কিন্তু এই সকলোবোৰৰ লগতে মই প্ৰতিদিনে শিকিও আছিলো।"[16] পিছত তেওঁ মন্তব্য কৰে যে ব্লেক ছবিখনত কাম কৰাৰ উদ্দেশ্য আছিল যে, ভণশালীয়ে যাতে তেওঁক ছবিত অভিনয়ৰ প্ৰস্তাৱ দিয়ে।[15] তথ্য উৎস
বাহ্যিক সংযোগ
|