সঞ্জয় লীলা ভণশালী
সঞ্জয় লীলা ভণশালী[টোকা 1] (গুজৰাটী: સંજય લીલા ભણશાળી; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৬৩), যেওঁ তেখেতৰ আদ্যক্ষৰ এছএলবি দ্বাৰাও পৰিচিত, হৈছে এজন ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক আৰু সংগীত সুৰকাৰ।[1] তেওঁ হিন্দী চলচ্চিত্ৰত কামৰ বাবে পৰিচিত। তেওঁ ৭টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ১২টা ফিল্মফেয়াৰ বঁটা (ইয়াৰে পাঁচটা শ্ৰেষ্ঠ পৰিচালকৰ বাবে)কে ধৰি কেইবাটাও বঁটা লাভ কৰাৰ উপৰিও বাফটা বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।[2] ২০১৫ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সম্বৰ্ধনা জনায়। নান্দনিকতা, সাংগীতিক দূদৃষ্টি আৰু পিৰিয়ড ছবিৰ ব্যৱহাৰৰ বাবে সমালোচকৰ প্ৰশংসিত ভণশালীক ভাৰতীয় চিনেমাৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়। ভণশালীৰ পৰিচালকীয় আত্মপ্ৰকাশ আছিল ৰোমান্টিক মিউজিকেল খাম’শ্বী: দ্য মিউজিকেল (১৯৯৬)। তেওঁ ৰোমান্টিক ছবি হম দিল দে চুকে ছনম (১৯৯৯) আৰু দেৱদাসৰ (২০০২) জৰিয়তে মূলসুঁতিৰ আৰু সমালোচনাত্মক দুয়োটা সফলতা লাভ কৰে, যাৰ পিছৰখন অনৈংৰাজী ভাষাত শ্ৰেষ্ঠ ছবিৰ বাফটা বঁটাৰ বাবে মনোনীত হয়।[2] ব্লেক (২০০৫) ছবি পৰিচালনাৰ বাবে তেওঁ হিন্দী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। তেওঁৰ পৰৱৰ্তী মুক্তিৰ ছবি চাঁৱৰিয়া (২০০৭) আৰু গুজাৰিশ্ব (২০১০) বক্স অফিচত ফ্লপ হৈছিল। পিছৰ ছবিখনে তেওঁৰ সংগীত সুৰকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ নিজৰ বেনাৰ ভণশালী প্ৰডাকশ্বনৰ অধীনতো প্ৰযোজনা আৰম্ভ কৰে।[3] ভণশালীয়ে ট্ৰেজিক ৰোমাঞ্চ গোলিয়োঁ কী ৰসলীলা ৰাম-লীলা (২০১৩), আৰু শীৰ্ষ উপাৰ্জনকাৰী পিৰিয়ড ছবি বাজীৰাৱ মস্তানী (২০১৫) আৰু পদ্মাৱতৰ (২০১৮) জৰিয়তে নিজৰ মৰ্যাদাক আৰু অধিক শক্তিশালী কৰি তুলিছিল। বাজীৰাৱ মস্তানীৰ বাবে শ্ৰেষ্ঠ পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু পদ্মাৱতৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ বায়’পিক গংগুবাঈ কাঠিয়াৱাড়ী (২০২২) পৰিচালনা কৰি আৰু অধিক ৰাষ্ট্ৰীয় আৰু ফিল্মফেয়াৰ বঁটা লাভ কৰে।[4][5] ২০২৪ চনত ভণশালীয়ে ভণশালী মিউজিক নামৰ নিজাকৈ সংগীত লেবেল আৰম্ভ কৰে।[6] প্ৰাথমিক জীৱন১৯৬৩ চনৰ ২৪ ফেব্ৰুৱাৰীত দক্ষিণ বম্বেৰ ভূলেশ্বৰত এটা গুজৰাটী জৈন পৰিয়ালত সঞ্জয় লীলা ভাঞ্চালীয়ে জন্মগ্ৰহণ কৰিছিল।[7][8] তেওঁৰ মা লীলায় জীৱন নিৰ্বাহৰ বাবে কাপোৰ চিলাই কৰিছিল।[9] তেওঁ ঘৰতে গুজৰাটী ভাষা কয় আৰু গুজৰাটী খাদ্য, সংগীত, সাহিত্য আৰু স্থাপত্যক ভাল পায়।[7][8] তেওঁৰ ভনী বেলা ভণশালী ছেগলে শ্বীৰীঁ ফৰহাদ কী তো নিকল পড়ী (২০১২) পৰিচালনা কৰিছে, যাৰ বাবে তেওঁ চিত্ৰনাট্য লিখিছে। আনহাতে বেলাৰ কন্যা শ্বৰমীন ছেগলে তেওঁৰ প্ৰডাকশ্বনৰ অধীন মলাল (২০১৯) ছবিখনত অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছে, য’ত তেওঁ সহলেখক আৰু সুৰকাৰ হিচাপেও কাম কৰিছিল। পাদটীকা
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia