শাম্মী কাপুৰ
শাম্মী কাপুৰ (হিন্দী: शम्मी कपूर, ইংৰাজী: Shammi Kapoor; জন্মঃ ২১ অক্টোবৰ, ১৯৩১ - মৃত্যুঃ ১৪ আগষ্ট, ২০১১) আছিল ভাৰতীয় চলচ্চিত্ৰ শিল্প জগতৰ এসময়ৰ জনপ্ৰিয় নায়ক আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৫০ আৰু ১৯৬০ ৰ দশকত হিন্দী চিনেমাৰ জগতত তেওঁ আছিল অত্যন্ত জনপ্ৰিয়, শীৰ্ষস্থানীয় চিত্ৰতাৰকা শিল্পী আৰু প্ৰভাৱশালী ব্যক্তিত্ব। মুম্বাইত জন্মগ্ৰহণকাৰী শাম্মী কাপুৰৰ ঘৰুৱা নাম আছিল শ্যামশেৰ ৰাজ কাপুৰ। তেওঁৰ পিতৃ পৃথ্বীৰাজ কাপুৰ আছিল বিশিষ্ট চলচ্চিত্ৰ তাৰকা আৰু থিয়েটাৰৰ অভিনেতা। তিনি ককাই-ভাইৰ মাজত তেখেতৰ স্থান আছিল দ্বিতীয়। ডাঙৰ ককায়েক ৰাজ কাপুৰ আৰু সৰু ভায়েক শশী কাপুৰ। তিনিও ককায়েক-ভায়েকে সফলতম অভিনেতা হিচাপে পৰিচয় পাইছিল। দেউতাক চলচ্চিত্ৰ আৰু থিয়েটাৰৰ লগত যুক্ত থকাত শৈশৱৰ অনেক সময়েই অতিবাহিত কৰে কলকাতাত। তাত তেওঁ কিণ্ডাৰগাৰ্টেনত ভৰ্তি হয়। মুম্বাইলৈ উভতি প্ৰথমে ওয়াদালা'ৰ চেণ্ট জোচেফ কনভেণ্ট আৰু পাছত মাতুঙ্গা'ৰ ডন বস্ক’ বিদ্যালয়ত ভৰ্তি হয়। হিউজেচ ৰ’ডৰ নিউ এৰিয়া বিদ্যালয়ৰ মাধ্যমেৰে বিদ্যালয় পৰ্ব সমাপণ কৰে শাম্মী কাপুৰে। শাম্মী কাপুৰ আছিল হিন্দী চলচ্চিত্ৰ জগতৰ চিৰ সেউজীয়া তাৰকাসকলৰ এজন। প্ৰকৃতপক্ষে নায়ক হিচাপে তেওঁ ১৯৫০ দশকৰ শেষাৰ্ধৰ পৰা ১৯৬০ ৰ দশক পৰ্যন্ত শীৰ্ষস্থানীয় অভিনেতা আছিল। প্ৰাথমিক জীৱন আৰু চলচ্চিত্ৰত প্ৰৱেশমুম্বাইৰ (চাবেক বোম্বে) মাতুঙ্গাৰ ৰুইয়া কলেজত কিছুকাল পঢ়াশুনা কৰিছিল শাম্মী কাপুৰে। তাত তেওঁ দেউতাকৰ প্ৰতিষ্ঠিত পৃথ্বী থিয়েটাৰত যোগদান কৰে। ১৯৪৮ চনত চিনেমা জগতত প্ৰৱেশ কৰে এজন নবীনতম শিল্পী হিচাপে। মাহে ১৫০ টকা বেতনত পৃথ্বী থিয়েটাৰত পৰৱৰ্তী চাৰি বছৰকাল আছিল। ১৯৫২ চনত থিয়েটাৰৰ পৰা শেষ বেতন উত্তীৰ্ণ হয় ৩০০লৈ ভাৰতীয় টকা। ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত 'জীৱন জ্যোতি' ছবিত অভিনয়ৰ মাধ্যমেৰে বলিউডত নিজকে আত্মপ্ৰকাশ কৰে। ছবিখনৰ পৰিচালক আছিল - মহেশ কাউল আৰু শাম্মী'ৰ প্ৰথম নায়িকা চান্দ উচমানী। চলচ্চিত্ৰ জীৱনগুৰুত্বপূৰ্ণ চলচ্চিত্ৰৰ মাধ্যমেৰে ৰূপালী জগৎ আৰম্ভ কৰিলেও নাচিৰ হুচেইনৰ পৰিচালনাত তুমচা নাহি দেখা (১৯৫৭) আৰু দিল ডেকে দেখো (১৯৫৯) ৰ মাধ্যমেৰেহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ছবি দুখনত তেওঁৰ বিপৰীতে নায়িকা হিচাপে অভিনয় কৰে যথাক্ৰমে অমিতা আৰু আশা পাৰেখে। বহল বক্ষ, তীক্ষ্ণ দৃষ্টিৰ আকৰ্ষণ, দীৰ্ঘদেহী, প্ৰাণবন্ত, নীলাভ চকু, আদি আকৰ্ষণীয় বৈশিষ্ট্যৰ কাৰণে তেওঁ আছিল সকলোৰে হৃদয়ৰ মণি। আৰু তেওঁৰ সুন্দৰ দৃষ্টিভংগী আৰু শাৰীৰিক অঙ্গভঙ্গীও এই বৈশিষ্ট্যৰ বাবে দায়ী। জংলী (১৯৬১) চলচ্চিত্ৰৰ মাধ্যমেৰে তেওঁ নতুনকৈ প্ৰতিষ্ঠিত হয় আৰু তাৰ পৰৱৰ্তী চলচ্চিত্ৰসমূহো একেই ধাঁচতে তৈয়াৰ হয়। সচৰাচৰ শাম্মী কাপুৰে নেপথ্য গায়ক হিচাপে হিন্দী সংগীত জগতৰ অন্যতম ব্যক্তিত্ব মহম্মদ ৰফিকেই বেছি পছন্দ কৰিছিল। প্ৰতিষ্ঠিত নায়িকাসকলৰ লগত তেওঁ খুব কমেইহে দ্বিতীয়বাৰৰ বাবে অভিনয় কৰিছিল। তেনে এগৰাকী হৈছে মধুবালা। তেখেতৰ লগত তেওঁ ৰেল কি ডিব্বা (১৯৫৩) ছবিত অভিনয় কৰিছিল। নতুন অভিনেত্ৰী হিচাপে আশা পাৰেখ, চায়ৰা বানু আৰু শৰ্মিলা ঠাকুৰৰ লগতো জুটি বান্ধিছিল। পৰৱৰ্তী কালত তেওঁলোক প্ৰত্যেকেই চলচ্চিত্ৰ শিল্পত অত্যন্ত জনপ্ৰিয় অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠিত হৈছিল।[3] পৰৱৰ্তীকালত শাম্মী কাপুৰে কৈছিল যে, সকলো নায়িকাৰ মাজত শৰ্মিলা ঠাকুৰ, ৰাজশ্ৰী আৰু আশা পাৰেখৰ লগত তেওঁ স্বাচ্ছন্দ্যৰে কাম কৰিছিল।[4] তেওঁ আৰু আশা পাৰেখে চাৰিখন ছবিত অভিনয় কৰিছিল। তাৰমাজত সবাতোকৈ বেছি দৰ্শক সফল হৈছিল মৃত্যুকাহিনী নিৰ্ভৰ তিচৰী মঞ্জিল (১৯৬৬) ছবিখন। ১৯৭০ ৰ দশকত শাম্মী কাপুৰৰ শাৰীৰিক কাঠামো ওজনজনিত সমস্যাত আক্ৰান্ত হয় আৰু ইয়ে সাফল্যৰ পথত বাধাৰ সৃষ্টি কৰে। ফলত, আকৰ্ষণীয় নায়ক হিচাপে তেওঁৰ সমাপ্তি ঘটে। তেওঁৰ সৰ্বশেষ সফল ছবিখন আছিল আন্দাজ (১৯৭১)। ইয়াত তেওঁৰ নায়কৰ ভূমিকাত অভিনয় কৰিছিল। ব্যক্তিগত জীৱনশাম্মী কাপুৰে ১৯৫৫ চনত গীতা বালী'ৰ লগত ৰঙ্গীন ৰাতে ছবিৰ মাধ্যমেৰে পৰিচিত হয়। তেতিয়া তেওঁ আছিল শীৰ্ষস্থানীয় অভিনেতা আৰু সহ-নায়িকা হিচাপে প্ৰতিষ্ঠিত আছিল গীতা। ঘটনাচক্ৰত তেওঁলোকে এজনে-আনজনক ভালপায় পেলায়। কিন্তু গীতা বালী আছিল তেওঁতকৈ ১ বছৰৰ ডাঙৰ। সেই সময়ত শাম্মীয়ে তেওঁৰ ডাঙৰ ককায়েক আৰু দেউতাকৰ লগতো অভিনয় কৰিছিল। তেওঁলোকৰ প্ৰেমঘটিত বিষয়টো জনাজনি হোৱাৰ ফলত পৰিয়ালৰ সকলো আচৰিত হৈ যায় আৰু স্তম্ভিত হৈ পৰে। বিয়াৰ প্ৰধান প্ৰত্যক্ষদৰ্শী আছিল হৰি ওয়ালিয়া। কেবলমাত্ৰ বিয়াৰ পাছতহে পৰিয়ালক বিয়াৰ বিষয়ে জনোৱা হয়। চাৰি মাহৰ পাছত মুম্বাইৰ ন্যাপিয়েন চি ৰ’ডৰ নিকটৱৰ্তী এলেকাত অৱস্থিত বাঙ্গানা মন্দিৰত শাম্মী-গীতা'ৰ বিয়া হয়। পৰৱৰ্তী বছৰসমূহৰত শাম্মী কাপুৰ আৰু গীতা বালী দম্পতীয়ে সুখে-শান্তিৰে সংসাৰ ধৰ্ম পালন কৰে। তেওঁলোকৰ আদিত্য ৰাজ নামৰ ল’ৰা এটা আছে। শাম্মী'ৰ বিয়াৰ এবছৰ পাছত তেওঁ জন্ম হয় ১ম জুলাই, ১৯৫৬ চনত মুম্বাইৰ ছিৰোদকাৰচ্ হাস্পতালত। পাঁচ বছৰ পাছত ১৯৬১ চনত কাঞ্চন নামৰ ছোৱালী এজনীও হয়। তিচৰী মঞ্জিল ছবি চলাকালত ১৯৬৫ চনত এক হৃদয়বিদাৰক ঘটনাৰ জন্ম হৈছিল। গীতা বালীয়ে বসন্ত ৰোগত আক্ৰান্ত হৈ শশী কাপুৰ আৰু তেওঁৰ দুই সন্তানক এৰি মৃত্যুবৰণ কৰে। ১৯৬৮ চনত ব্ৰহ্মচাৰী ছবি চলাকালত মমতাজৰ লগত সম্পৰ্কৰ গভীৰতা ব্যৰ্থতালৈ পৰ্যবসিত হয়। ১৯৬৯ চনত তেওঁ গুজৰাটৰ ভাবনগৰ এলেকাৰ সম্ভ্ৰান্ত পৰিয়াৰ সন্তান নীলা দেবী গোহিলক দ্বিতীয়বাৰৰ বাবে বিয়া কৰে। হিন্দী চলচ্চিত্ৰৰ অন্যতম ৰোমাণ্টিক নায়ক হিচাপে তেওঁৰ সৰ্বশেষ সফলতম ছবি আছিল আন্দাজ (১৯৭১)। যৌৱনত চুলিৰ কায়দাজনিত কাৰণত তেওঁ ভাৰতৰ এলভিচ প্ৰেচলী নামেৰে পৰিচিত আছিল।[5] ২০০৬ চনত জনা যায় যে, তেওঁ সপ্তাহত তিনিবাৰ চিকিৎসাৰ বাবে ডাইলেচিচ কৰিছিল। তাৰপাছৰ পৰাই তেওঁ মানসিক অবসাদৰ ব্যাধিত আক্ৰান্ত হয়। তাৰপাছতো তেওঁ ঈশ্বৰক ধন্যবাদ জনায় যে, ব্যক্তিগত জীৱনত তেওঁ অনেক কিছু পালে।[6] অভিনীত চলচ্চিত্ৰসমূহশাম্মী কাপুৰে সুদীৰ্ঘকাল যন্ত্ৰবৎ অভিনয় কলাৰ লগত জড়িত আছিল। তলত তাৰ এক সংক্ষিপ্ত তালিকা প্ৰদান কৰা হ’ল।[7]
পুৰস্কাৰ আৰু অন্যান্য স্বীকৃতি
মহাপ্ৰয়াণশাম্মী কাপুৰক ৭ আগষ্টত, ২০১১ চনত ব্ৰীচ কেণ্ডি হাস্পতালত কিডনীজনিত ৰোগৰ কাৰণে ভৰ্তি কৰোৱা হয়। তেওঁৰ অবস্থাৰ দ্ৰুত অৱনতি ঘটাত ভেণ্টিলেটৰৰ সহায়ত বচাই ৰখাৰ প্ৰাণান্তকৰ চেষ্টা চলে।[19] কিন্তু হিন্দী চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাসকলৰ এজন হিচাপে শাম্মী কাপুৰে ১৪ আগষ্ট, ২০১১ তাৰিখে ভাৰতীয় সময় মতে ৰাতিপুৱা ৫:১৫ ত পৰলোকলৈ গতি কৰে।[20][21] আৰু চাওকতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|