তেলংগানা
তেলঙ্গানা (তেলেগু: తెలంగాణ, উৰ্দু: تلنگانہ; তেলঙ্গানাৰ চৰিসীমাত উত্তৰ আৰু উত্তৰ-পশ্চিমত মহাৰাষ্ট্ৰ, পশ্চিমত কৰ্ণাটক, উত্তৰ পূৱত ছত্তীছগঢ় আৰু দক্ষিণ-পূৱত অন্ধ্ৰ প্ৰদেশ অৱস্থিত। ২০১১ চনৰ লোকপিয়ল মতে তেলঙ্গানাৰ জনসংখ্যা হৈছে ৩৫,২৮৬,৭৫৭ জন আৰু ইয়াৰ মাটিকালি ১১৪৮৪০ বৰ্গ কিঃমিঃ।[5] হায়দৰাবাদ, ৱাৰাংগাল, কৰিমনগৰ আৰু নিজামাবাদ হৈছে ৰাজ্যখনৰ চাৰিখন আটাইতকৈ ডাঙৰ চহৰ। নামৰ উৎপত্তিতেলঙ্গানা শব্দটো তেলুগু শব্দৰ পৰা অহা বুলি ধাৰণা কৰা হৈছে। তেলুগু ভাষাত তেলুগু শব্দৰ অৰ্থ হ'ল তেলুগু ভাষী লোক বসবাস কৰা অঞ্চল। এক প্ৰবাদমতে তেলুগুৰ উৎপত্তি হৈছে ত্ৰিলিংগ বা ত্ৰিলিংগ দেশ যাৰ অৰ্থ হ'ল তিনি লিংগৰ দেশ। হিন্দু মতবাদ মতে ভগৱান শিৱই তেলেংগানাক আৱৰি থকা তিনিখন পৰ্বত ক্ৰমে কালেশ্বৰম, শ্ৰীচাইলাম আৰু দ্ৰক্ষৰামাত লিংগ হিচাপে নামি আহিছিল, সেইকাৰণে নাম হৈছিল ত্ৰিলিংগ। তাৰ পৰা অপভ্ৰংশ হৈ থেলিংগা, তেলুংগা আৰু তেলুগু হ'ল।[6][7] অতীতৰ হায়দৰাবাদ ৰাজ্যৰ মাৰাঠী ভাষী অধ্যুষিত অঞ্চল মাৰাঠাৱাডাৰ পৰা তেলুগু ভাষী অধ্যুষিত অঞ্চলটো পৃথককৈ বুজাবলৈ এই তেলঙ্গানা শব্দটো ব্যৱহাৰ কৰা হৈছিল।[8] তেলঙ্গানা শব্দৰ প্ৰাচীনতম উল্লেখ পোৱা যায় মালিক মকবুলৰ (Malik Maqbul) নামত। তেওঁক তিলাংগিনী বোলা হৈছিল, অৰ্থাৎ তেওঁ তিলাংগানা অঞ্চলৰ লোক আছিল। তেওঁ এক হিন্দু পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল আৰু তেওঁৰ নাম আছিল যুগন্ধৰ। যুগন্ধৰ ৱাৰাংগাল (Warangal Fort) দুৰ্গৰ সেনানায়ক আছিল।[9] ইতিহাসপ্ৰাচীন যুগপ্ৰাচীনভাৰতৰ ১৬খন জনপদৰ ভিতৰত অন্যতম অস্মক জনপদৰ (Assakajanapada) ৰাজধানী আছিল কৰিমনগৰৰ কোটিলিংগালা। এই অঞ্চলত প্ৰাক-সাতবাহন ৰজাসকলে প্ৰচলন কৰা মুদ্ৰা পোৱা গৈছে। সাতবাহন ৰাজবংশৰ প্ৰতিষ্ঠাতা চিমুখ আৰু তেওঁৰ পৰৱৰ্তী ৰজাসকলে প্ৰৱৰ্তন কৰা তাম্ৰমুদ্ৰাও ইয়াত পোৱা গৈছে।[10] খ্ৰীষ্টপুৰ্ব ২৩০ ৰ পৰা ২২০ খ্ৰীষ্টাব্দলৈ সাতবাহন ৰাজবংশ এই অঞ্চলৰ প্ৰধান শক্তিলৈ পৰিণত হৈছিল। এই ৰাজবংশৰ উৎস আছিল গোদাবৰী আৰু কৃষ্ণা নদীৰ মধ্যৱৰ্তী অঞ্চল। [উদ্ধৃতিৰ প্ৰয়োজন] সাতবাহন সকলৰ পতনৰ পিছত বাকাটক (Vakataka), বিষ্ণুকুণ্ডিয়া (Vishnukundina), চালুক্য (Chalukya), ৰাষ্ট্ৰকুট (Rashtrakuta), আৰু পশ্চিম চালুক্য (Western Chalukya) ৰাজবংশই এই অঞ্চল শাসন কৰিছিল। [উদ্ধৃতিৰ প্ৰয়োজন] কাকতীয় ৰাজবংশ১০৮৩ ৰ পৰা ১৩১৩ খ্ৰীষ্টাব্দ পৰ্যন্ত তেলঙ্গানা অঞ্চল শাসন কৰে কাকতীয় ৰাজবংশ। এই যুগটি তেলঙ্গানাৰ ইতিহাসত স্বৰ্ণযুগ নামে পৰিচিত। ১১৯৯ খ্ৰীষ্টাব্দত সৰ্বশ্ৰেষ্ঠ কাকতীয় ৰজা গণপতিদেৱ ক্ষমতালৈ আহে। সাতবাহন ৰজাসকলৰ পাছত তেঁৱেই প্ৰথমে সমগ্ৰ তেলুগুভাষী অঞ্চলক একক ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। তেঁৱে তেলুগু চোল ৰাজ্যৰ শাসনৰ অবসান ঘটাইছিল। ১২১০ খ্ৰীষ্টাব্দত তেলুগু চোলসকলে তেওঁৰ সাৰ্বভৌমত্ব মানি লৈছিল। পূৱে গোদাবৰী বদ্বীপৰ পৰা পশ্চিমে ৰায়চুৰ (এতিয়া কৰ্ণাটক ৰাজ্যত) আৰু উত্তৰে কৰিমনগৰ আৰু বস্তাৰৰ (এতিয়া ছত্তিশগড় ৰাজ্যত)পৰা দক্ষিণে শ্ৰীশৈলম আৰু ত্ৰিপুৰান্তকম (ওঙ্গলৰ ওচৰত) পৰ্যন্ত অঞ্চল তেওঁ নিজৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। তেওঁৰ ৰাজত্বকালতেই গোলকুণ্ডা দুৰ্গ নিৰ্মিত হৈছিল। কাকতীয় ৰাজবংশৰ অন্যান্য উল্লেখযোগ্য শাসকসকল হʼল ৰুদ্ৰামা দেৱী আৰু প্ৰতাপৰুদ্ৰ। ১৩০৯ খ্ৰীষ্টাব্দত মালিক কাফুৰৰ আক্ৰমণৰ পাছত এই ৰাজ্য দুৰ্বল হৈ পৰে। মহম্মদ বিন টোগলকে ১৩২৩ খ্ৰীষ্টাব্দত প্ৰতাপৰুদ্ৰক পৰাজিত কৰাত এই ৰাজবংশৰ পতন ঘটে। কুতুবশাহী আৰু নিজামচতুৰ্দাশ শতাব্দীত তেলঙ্গানা অঞ্চলটি দিল্লীৰ চুলতানৰ অধীনলৈ যায়। ইয়াৰ পিছত ই বাহমনি চুলতানৰ অন্তৰ্ভুক্ত হয়। ১৫১৮ খ্ৰীষ্টাব্দত গোলকুণ্ডৰ শাসনকৰ্তা কুলি কুতুব মুল্কে বাহমানি চুলতানৰ বিপক্ষে বিদ্ৰোহ ঘোষণা কৰি কুতুবশাহী ৰাজবংশ প্ৰতিষ্ঠা কৰে। সুদীৰ্ঘ এবছৰ গোলকুণ্ডৰ দুৰ্গ অৱৰোধ কৰাৰ পিছত গোলকুণ্ডৰ চুলতান মোগল সম্ৰাট ঔৰংজেৱৰ অধীনলৈ যায়।[11] তথ্য সংগ্ৰহ
Further reading
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia