অসিত সেন (পৰিচালক)
অসিত সেন (ইংৰাজী: Asit Sen; ২৪ চেপ্তেম্বৰ ১৯২২-২৫ আগষ্ট ২০০১) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু চিত্ৰনাট্য লেখক। তেওঁৰ বৰ্তমানৰ বাংলাদেশৰ আৰু তাহানিৰ ব্ৰিটিছ ভাৰতৰ পূৰ্ব বংগৰ ঢাকাত জন্ম হৈছিল। তেওঁ অসমীয়া, বঙালী আৰু হিন্দী ভাষাৰ মুঠ ১৭খন ছবি পৰিচালনা কৰিছে। তেওঁৰ প্ৰথম পৰিচালিত ছবি অসমীয়া ভাষাত নিৰ্মিত বিপ্লৱী। বঙালী ভাষাৰ দীপ জ্বলে যায় (১৯৫৯) আৰু উত্তৰ ফাল্গুনী (১৯৬৩), হিন্দী ভাষাৰ মমতা (১৯৬৬),অনোখী ৰাত (১৯৬৮),খামোচী (১৯৭০) আৰু চফৰ (১৯৭০) ছবিৰ বাবে তেওঁক বিশেষভাবে জনা যায়। সংক্ষিপ্ত জীৱনী১৯২২ চনৰ ২৪ চেপ্তেম্বৰত অসিত সেনৰ জন্ম বৰ্তমানৰ বাংলাদেশৰ বিক্ৰমপুৰৰ আটশাহী গাঁৱত। পৈতৃক নিবাস আছিল খামৰ খাৰা গাঁৱত। দেউতাক ৰবীন্দ্ৰ সেনে ৰেল বিভাগত চাকৰি কৰিছিল। মাকৰ নাম উৰ্মিলা দেৱী। অসিত সেনৰ এজন ভাতৃ অশোক আৰু চাৰিগৰাকী ভগ্নী- কমলা, অঞ্জলী, শিউলি আৰু গোপা। মোমায়েকৰ ঘৰ আটশাহী গাঁৱত তেওঁ শৈশৱ পাৰ কৰে। বিক্ৰমপুৰৰ ৰাধানাথ হাইস্কুলত তেওঁ অষ্টম শ্ৰেণীলৈ পঢ়াশুনা কৰি দেউতাকৰ কৰ্মস্থল অসমৰ নগাঁৱলৈ গুছি আহে আৰু তাৰ বঙালী হাইস্কুলৰ পৰা প্ৰথম বিভাগত এণ্ট্ৰেঞ্চ উত্তীৰ্ণ হয়। ইয়াৰ পিছত আই.এচ.চি. পঢ়িবলৈ কলকাতালৈ যায়। কলকাতাৰ বংগবাসী কলেজত পঢ়াৰ সময়ত তেওঁৰ সহপাঠী আছিল সলিল চৌধুৰী আৰু গৌৰীপ্ৰসন্ন মজুমদাৰ। বি.এচ.চি. পঢ়ি থাকোঁতে তেওঁৰ চিনা-জনা হয় তথ্যচিত্ৰ নিৰ্মাতা আৰু পৰিচালক হৰিসাধন দাশগুপ্তৰ সৈতে। দাশগুপ্তৰ অনুপ্ৰেৰণাত তেওঁৰ ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহ জন্মে। চিত্ৰগ্ৰহণকাৰী ৰামানন্দ সেন আছিল তেওঁৰ সম্পৰ্কীয় মোমায়েক। মোমায়েকৰ সহায়ত তেওঁ নিজকে এজন চিত্ৰগ্ৰহণকাৰী ৰূপে প্ৰতিষ্ঠা কৰে। তেওঁ ডি.কে. মেহতাৰ সহযোগী হিচাপে ভাৰত লক্ষ্মী প্ৰডাকচনত অংশগ্ৰহণ কৰে।[1] ২০০১-ৰ ২৫ আগষ্টত কলকাতাত ৭৯ বছৰ বয়সত সেনৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ একমাত্ৰ সন্তান পাৰ্থ সেনক এৰি থৈ যায়। কৰ্মজীৱনমহাত্মা গান্ধীৰ নোৱাখালি আৰু পাটনা ভ্ৰমণক লৈ সেনে প্ৰথম এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে। ১৯৪৮ চনত অসমীয়া ভাষাত তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি বিপ্লৱী মুক্তি পায়। বঙালী ভাষাত তেওঁৰ প্ৰথম পৰিচালিত ছবি আছিল চলাচল (১৯৫৬); য’ত অৰুন্ধতী দেৱীয়ে অভিনয় কৰিছিল। ১৯৭০ চনত এইখনকে চফৰ নামেৰে ৰি-মেক কৰা হয়।[2] ১৯৫৯ চনত মুক্তি পায় সুচিত্ৰা সেন অভিনীত দীপ জ্বলে যায়; যিখন ছবি পিছলৈ খামোচী নামেৰে হিন্দীত পুনঃনিৰ্মাণ কৰা হৈছিল। মূল ভূমিকাত অভিনয় কৰিছিল ৰাজেশ খান্না আৰু ৱাহীদা ৰহমানে।[3] হিন্দী ছবি মমতাও (১৯৬৬) শ্ৰেণী সংঘাটক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা তেওঁৰ এখন বঙালী ছবি উত্তৰ ফাল্গুনীৰ (১৯৬৩) পুনঃনিৰ্মাণ আছিল।[4] ১৯৯৩ চনত তেওঁ নেচনেল ইঞ্চটিটিউট অফ ফিল্ম এণ্ড ফাইন আৰ্টছ্ত শিক্ষক হিচাপে যোগদান কৰে আৰু মৃত্যুৰ দিনলৈকে তেওঁ সেই দায়িত্বতে থাকে। চফৰ ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। আন এখন ছবি মমতাৰ বাবে পৰিচালনা শিতানত ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছিল।[3] চলচ্চিত্ৰপঞ্জী
বঁটা-বাহন
তথ্য উৎস
বাহ্যিক সংযোগ
|