৩ অক্টোবৰ (ইংৰাজী: 3 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৬তম (অধিবৰ্ষত ২৭৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৯টা দিন বাকী থাকে।
আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী
- ১৯৩২ – ইৰাকে যুক্তৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯৪৩ – দ্বিতীয় বিশ্বযুদ্ধঃ গ্ৰীচৰ লিংজিয়াডেছত (Lingiades) জাৰ্মান বাহিনীয়ে ৯২জন নাগৰিকক হত্যা কৰে।
- ১৯৫২ – যুক্তৰাজ্যই বিশ্বৰ তৃতীয় পাৰমাণৱিক শক্তি হিচাপে পৰিগণিত হ'বলৈ সফলতাৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰে।
- ১৯৭৮ - কলকাতাত ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় টেষ্ট টিউৱ শিশু দুৰ্গা ওৰফে কানুপ্ৰিয়া আগৰৱালাৰ জন্ম হয়। চিকিৎসা বিজ্ঞানী সুভাষ মুখোপাধ্যায় সৃষ্টিকৰ্তা আছিল।
- ১৯৯২ - গীত চেঠীয়ে বিশ্ব পেছাদাৰী বিলিয়ৰ্ড চেম্পিয়নশ্বিপ জয় কৰে।
- ২০১০ - দিল্লীত ১৯তম কমনৱেল্থ গেইমৰ শুভাৰম্ভ হৈছিল।
জন্ম
- ১৯২১ - তিলক হাজৰিকা, অসমীয়া সাংবাদিক আৰু সাহিত্যিক।
- ১৯৩০ - শশী শৰ্মা, অসমীয়া শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক।
- ১৯৩৪ - হিতেশ্বৰ শইকীয়া, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। (কিছুমান ঠাইত ৫ অক্টোৱৰ বুলি আছে) [1]
- ১৯৩৫ - প্ৰতিমা পাণ্ডে বৰুৱা, গোৱালপৰীয়া লোকগীতৰ শিল্পী।
- ১৯৩৯ - উমেশ বৈশ্য, অসমীয়া শিল্পী,শিক্ষাবিদ, সাহিত্যিক।
- ১৯৪৯ - জে.পি. দত্ত, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু চিত্ৰনাট্য লেখক।
- ১৯৫৩ - দীপক মিশ্ৰ, ভাৰতৰ ৪৫তম মুখ্য ন্যায়াধীশ।
- ১৯৮১ - জ্লাটান ইব্ৰাহিমোভিছ, চুইডিছ পেছাদাৰী ফুটবলাৰ।
মৃত্যু
- ১৮৬৭ - ইলিয়াছ হোৱে, আমেৰিকান অভিযন্তা আৰু চিলাই মেচিনৰ আৱিষ্কাৰক।
- ১৮৯৬ - ৱিলিয়াম মৰিছ, ইংৰাজ কবি আৰু সাহিত্যিক। (জন্ম: ১৮৩৪ চন)
- ১৯২৩ - কাদম্বিনী গাংগুলী, ভাৰতীয় চিকিৎসক। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী মহিলা।
- ২০০৭ - এম এন বিজয়, ভাৰতীয় লেখক।
- ২০১১ - উত্তম বৰুৱা, অসমীয়া প্ৰবন্ধকাৰ আৰু নাট্যকাৰ।
- ২০১২ - আব্দুল হক আনছাৰী, ভাৰতীয় ধৰ্মতত্ত্ববিদ আৰু পণ্ডিত।(জঃ ১৯৩১)
- ২০১৭ - জালাল তালাবানি, ইৰাকী-কুৰ্দিছ ৰাজনীতিবিদ আৰু ইৰাকৰ ৰাষ্ট্ৰপতি (২০০৫-২০১৪), ৮৩ বছৰ বয়সত মৃত্যু হয়।
দিৱস
বাহ্যিক সংযোগ
তথ্য সূত্ৰ
- ↑ সমীন কলিতা (২০০৭). অসমৰ মুখ্যমন্ত্ৰীসকল, পঞ্চম প্ৰকাশ. ৰাজেন্দ্ৰ মোহন শৰ্মা, চন্দ্ৰ প্ৰকাশ পাণবজাৰ. পৃষ্ঠা. ৯১, ৯২, ৯৩, ৯৪ পৃষ্ঠা.