উত্তম বৰুৱা

উত্তম বৰুৱা
জন্ম ১৯৩৯
অসম
মৃত্যু ২০১১
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

উত্তম বৰুৱা (ইংৰাজী:UTTAM BORUAH) হৈছে এজন অসমীয়া প্ৰবন্ধকাৰ আৰু নাট্যকাৰ। [1]

জন্ম আৰু বংশ পৰিচয়

  • উত্তম বৰুৱাৰ জন্ম হৈছিল ১৯৩৯ চনৰ ৫ জুলাই তাৰিখে গুৱাহাটীৰ আজাৰাত। তেখেতৰ পিতৃৰ নাম জগত চন্দ্ৰ বৰুৱা আৰু মাতৃৰ নাম ৰজনী বৰুৱা আছিল। [2]

কৰ্মজীৱন

  • উত্তম বৰুৱা গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ নবীন চন্দ্ৰ বৰদলৈ হল আৰু লাইব্ৰেৰীৰ গ্ৰন্থাগাৰিক আৰু পিছলৈ জন সম্পৰ্কৰক্ষী বিষয়া হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি আজীৱন সাহিত্য চৰ্চাত নিয়োজিত থাকিছিল। [3]

নাটক

  • লাচিত বৰফুকন [4]
  • কুশল কোঁৱৰ [5]
  • পণ্ডিতৰ জীৱন [6]
  • আজিৰ মানুহ [7]
  • মধ্যবিত্তৰ সংসাৰ [8]
  • মোমাই তামোলী বৰবৰুৱা [9]
  • দৃষ্টিপাত [10]
  • চোৰ [11]
  • বৰৰজা ফুলেশ্বৰী [12]
  • হেংদাং [13]
  • বৰ মানুহৰ দোলা (১৯৬০)
  • নাটক ৰচনাৰ উপৰিও তেওঁ নীলাচল, ৰংঘৰ, পূৰ্বাচল, দৈনিক অসম, অসমবাণী, অগ্ৰদূত আদি কাকত আলোচনীত তত্ত্বগধুৰ প্ৰবন্ধ লিখিছিল।

বঁটা

  • আমেৰিকান বায়’গ্ৰাফিকেল ইনষ্টিটিউটৰ পৰা ২০০০ চনত বছৰটোৰ শ্ৰেষ্ঠ ব্যক্তিৰ সন্মান লাভ কৰে। [14]
  • জ্যোতিৰূপাৰ পৰা 'কৰ্মশ্ৰী বঁটা' আৰু ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া সংস্থাৰ সন্মান লাভ কৰে। [15]
  • কলিকতাৰ ৰাজা ৰামমোহন ৰায় ফাউণ্ডেচনৰ সদস্য হিচাপেও মনোনীত হৈছিল। [16]

মৃত্যু

  • এইগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন নাট্যকাৰ, শিল্পী তথা সু-সাহিত্যিক উত্তম বৰুৱাৰ ২০১১ চনৰ ৩ অক্টোবৰ নিশা গুৱাহাটীৰ ডাউন টাউন হাস্পটালত শেষ নিশ্বাস ত্যাগ কৰে। [17]


তথ্যসূত্ৰ

  1. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  2. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  3. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  4. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  5. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  6. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  7. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  8. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  9. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  10. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  11. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  12. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  13. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  14. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  15. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  16. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮
  17. কুশল কোঁৱৰ, উত্তম বৰুৱা, দ্বিতীয় সংস্কৰণ ২০১৮

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia