৮ অক্টোবৰ (ইংৰাজী: 8 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮১তম (অধিবৰ্ষত ২৮২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৪টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী
- ১৮৭১ - বনজুইৰ ফলত আমেৰিকাৰ ৱিছকনচিনৰ পেষ্টিগ' অঞ্চল ধ্বংস হয়, যাৰ ফলত ১,২০০ ৰ পৰা ২,৫০০জন লোকৰ মৃত্যু হয়, এই বনজুই ইতিহাসৰ আটাইতকৈ ভয়ংকৰ দাবানল হিচাপে জনা যায়।
- ১৯১৮ - প্ৰথম বিশ্বযুদ্ধ: কৰ্পোৰেল এলভিন চি য়ৰ্কে ২৮জন জাৰ্মান সৈনিকক হত্যা কৰে আৰু ১৩২ জনক বন্দী কৰে। সেইবাবে তেওঁক মেডেল অফ অনাৰ প্ৰদান কৰা হয়।
- ১৯১৯ - মহাত্মা গান্ধীৰ সম্পাদনাত ইয়ং ইণ্ডিয়া পত্ৰিকাৰ প্ৰকাশ আৰম্ভ হয়।
- ১৯৩২ - ভাৰতীয় বায়ু সেনাক (আইএএফ) আনুষ্ঠানিকভাৱে ব্ৰিটিছ সাম্ৰাজ্যৰ সহায়ক বায়ু সেনা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল।
- ১৯৬৭ - গেৰিলা নেতা চে গুৱেভাৰা আৰু তেওঁৰ লোকসকলক বলিভিয়াত বন্দী কৰা হয়।
- ১৯৯৪ - কুৱেইট সীমান্তত ইৰাকী সেনাৰ অৱস্থান, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু গ্ৰেট ব্ৰিটেইনৰ উপসাগৰীয় অঞ্চললৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰে।
- ২০০৫ - কাশ্মীৰত ৭.৬ ৰিখ্টাৰ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। এই ভূমিকম্পত ৮৬,০০০-৮৭,৩৫১জন লোক নিহত, ৬৯,০০০-৭৫,২৬৬জন আহত আৰু ২.৮ নিযুত গৃহহীন হৈছিল।
- ২০১৩ - কেন্দ্ৰীয় চৰকাৰ আৰু ডি এইচ ডিৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়।
জন্ম
- ১১৫০ - নৰপতি চিথু,বাৰ্মাৰ ৰজা আছিল। (মৃঃ ১২১১)
- ১৯০৮ - সীতানাথ ব্ৰহ্মচৌধুৰী, কবি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু সাহিত্যিক।
- ১৯২২ - জি এন ৰামচন্দ্ৰন, এজন ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু জীৱ বিজ্ঞানী, তেওঁ পেপটাইড গাঁথনি বুজিবলৈ 'ৰামচন্দ্ৰন প্লট' সৃষ্টি কৰিছিল। ক'লাজেনৰ গাঁথনিৰ বাবে তেওঁ প্ৰথম ট্ৰিপল-হেলিকেল মডেলৰ প্ৰস্তাৱ দিছিল। (মৃত্যু: ৭ এপ্ৰিল, ২০০১)
- ১৯২৬ - ৰাজ কুমাৰ, ভাৰতীয় আৰক্ষী বিষয়া আৰু অভিনেতা। (মৃঃ ১৯৯৬)
- ১৯৫১ - মাকি কাজি, এজন জাপানী ব্যৱসায়ী, নিকলিৰ (Nikoli) প্ৰাক্তন সভাপতি আৰু পাজল গেইমৰ নিৰ্মাতা। সংখ্যাৰ পাজল খেল জনপ্ৰিয় কৰাত তেওঁৰ ভূমিকাৰ বাবে তেওঁক চুড'কুৰ (Sudoku) পিতৃ বুলি কোৱা হয়।
- ১৯৭৫ - তাহমিমা আনাম, বাংলাদেশত জন্ম গ্ৰহণ কৰা এগৰাকী ব্ৰিটিছ লেখক, ঔপন্যাসিক আৰু প্ৰাৱন্ধিক।
- ১৯৮০ - দা মিজ বা মাইকেল গ্ৰেগৰী মিজানিন, এজন আমেৰিকান পেছাদাৰী মল্লযোদ্ধা আৰু অভিনেতা। তেওঁ ডাব্লিউ ডাব্লিউ ইৰ খেলুৱৈ, য'ত তেওঁ দা মিজ নামেৰে প্ৰদৰ্শন কৰে।
- ১৯৮৫ - ব্ৰুন' মাৰ্ছ (পিটাৰ জিন হাৰ্নান্দেজ), আমেৰিকান গায়ক।
মৃত্যু
- ১৭৯৩ - জন হেনক'ক, আমেৰিকান ব্যৱসায়ী আৰু ৰাজনীতিবিদ, মেছাচুছেটছৰ প্ৰথম গভৰ্ণৰ। (জঃ ১৭৩৭)
- ১৮৬৯ - ফ্ৰেংকলিন পিয়েৰ্ছ, আমেৰিকান সেনাপতি, উকীল আৰু ৰাজনীতিবিদ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ চতুৰ্দশ ৰাষ্ট্ৰপতি। (জন্ম: ১৮০৪)
- ১৯০৪ - ক্লেমেনছ আলেকজেণ্ডাৰ ৱিংকলাৰ, এজন জাৰ্মান ৰসায়নবিদ, তেখেতে ১৮৮৬ চনত জাৰ্মানিয়াম (germanium) নামৰ মৌলটো আৱিষ্কাৰ কৰিছিল।
- ১৯৩৬ - মুন্সী প্ৰেমচন্দ, হিন্দী সাহিত্যৰ প্ৰসিদ্ধ গল্পকাৰ তথা ঔপন্যাসিক।
- ১৯৬৭ - ক্লেমেণ্ট এটলী (Clement Attlee), ইংৰাজ সৈনিক, উকীল আৰু ৰাজনীতিবিদ, যুক্তৰাজ্যৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। (জন্ম: ১৮৮৩)
- ১৯৭৯ - জয়প্ৰকাশ নাৰায়ণ, ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা।
- ১৯৯০ - কমলাপতি ত্ৰিপাঠী, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছী নেতা।
- ২০১২ - বৰ্ষা ভোঁছলে, ভাৰতীয় গায়িকা আৰু সাংবাদিক (জঃ ১৯৫৬)
- ২০১২ - নৱাল কিশোৰ শৰ্মা, ভাৰতীয় ৰাজনীতিবিদ আৰু গুজৰাটৰ ৰাজ্যপাল।
- ২০২০ - ৰাম বিলাস পাছৱান, ভাৰতীয় ৰাজনৈতিক নেতা।
ছুটী আৰু দিৱস
- বায়ু সেনা দিৱস (ভাৰত)।
- শিশু দিৱস (ইৰাণ)।
- নৌ সেনা দিৱস (পেৰু)।
- বিশ্ব মহাকাশ সপ্তাহৰ পঞ্চম দিন। (৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)
বাহ্যিক সংযোগ
তথ্য সূত্ৰ
|