গ্ৰেগৰিয়ান বৰ্ষপঞ্জী
পোপ ত্ৰয়োদশ গ্ৰেগৰিৰ দ্বাৰা বৰ্ষপঞ্জী সংস্কাৰৰ প্ৰয়োজনীয়তা আছিল কাৰণ পূৰ্বৱৰ্তী জুলিয়ান বৰ্ষপঞ্জীৰ গণনা অনুসাৰে এইটো মহাবিষুৱৰ পৰা আন এটা মহাবিষুৱ পৰ্যন্ত সময়কাল ধৰা হৈছিল ৩৬৫.২৫ দিন, যি প্ৰকৃত সময়কালৰ পৰা প্ৰায় ১১ মিনিট কম। এই ১১ মিনিটৰ পাৰ্থকৰ ফলত প্ৰতি ৪০০ বছৰৰ অন্তৰত মূল ঋতুৰ পৰা জুলিয়ান বৰ্ষপঞ্জীৰ প্ৰায় তিন দিনৰ ব্যৱধান আছিল। পোপ ত্ৰয়োদশ গ্ৰেগৰিৰ সময়ত এই ব্যৱধান ক্ৰমশ বাঢ়ি গৈছিল ১০ দিন আৰু ফলস্বৰূপে মহাবিষুৱ ২১ মাৰ্চৰ পৰিৱৰ্তে ১১ মাৰ্চ পঢ়িছিল। যিহেতু খ্ৰীষ্টিয় উৎসৱ ইষ্টাৰৰ দিন নিৰ্ণয়ৰ লগত মহাবিষুৱ জড়িত সেয়ে মহাবিষুৱৰ লগত জুলিয়ান বৰ্ষপঞ্জীৰ এই ব্যৱধান ৰোমান কেথলিক গিৰ্জাৰ বাবে অপ্ৰত্যাশিত আছিল। গ্ৰেগোৰিয়ান বৰ্ষপঞ্জীৰ সংস্কাৰ দুটা ভাগত বিভক্ত আছিল: পূৰ্বৱৰ্তী জুলিয়ান বৰ্ষপঞ্জীৰ সংস্কাৰ আৰু ইষ্টাৰৰ তাৰিখ নিৰ্ণয়ৰ বাবে গিৰ্জাত ব্যৱহৃত চান্দ্ৰ পঞ্জিকাৰ সংস্কাৰ। জনৈক চিকিৎসক অ্যালয়চিয়াচ লিলিয়াচৰ দ্বাৰা প্ৰস্তাৱৰ সামান্য পৰিৱৰ্তন ঘটায়েই এই সংস্কাৰ সাধন কৰা হয়।[5] বৰ্ণনাগ্ৰেগৰিয়ান বৰ্ষপঞ্জী এখন সৌৰ পঞ্জিকা। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী গাণিতিক বৰ্ষপঞ্জিকা। গ্ৰেগৰিয়ান বৰ্ষপঞ্জিকাত ১ বছৰত ১২ মাহ থাকে।
ঘটনাপঞ্জীতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia