৯ আগষ্ট (ইংৰাজী: 9 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২১তম (অধিবৰ্ষত ২২২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৪টা দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ৪৮ খ্ৰীষ্টপূৰ্ব - জুলিয়াছ চিজাৰে ফাৰচেলিয়াছ যুদ্ধত (ইংঃ Battle of Pharsalus) বিজয়ী হয়। [1]
- ১৮১৯ - দক্ষিণ আমেৰিকাৰ উত্তৰ-পূৱত দেশ কলম্বিয়াই পূৰ্ণ স্বাধীনতা লাভ কৰে।
- ১৮৩০ - লুই ফিলিপছৃ-প্ৰথম ফ্ৰান্সৰ ৰজা ৰূপে অধিষ্ঠিত হয়।
- ১৮৯৭ - পুণেৰ প্লেগ আয়ুক্ত ৰেণ্ডক হত্যাৰ অভিযোগত বিপ্লৱী দামোদৰ ৰানাডেক গ্ৰেপ্তাৰ কৰা হয়। প্লেগ ৰোগ প্ৰতিৰোধৰ নামত ৰেণ্ডে স্থানীয় মহিলাসকলক নগ্ন কৰি পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছিল।
- ১৮৯৮ - জাৰ্মানীৰ ৰুডলফ ডিজেলে ডিজেল ইঞ্জিনত পেটেণ্ট লাভ কৰে।
- ১৯০০ - টেনিছৰ আটাইতকৈ পুৰণি প্ৰতিযোগিতা ডেভিছ কাপৰ প্ৰথম খেল বষ্টনত অনুষ্ঠিত হয়।
- ১৯৪২ - মুম্বাইত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গৃহীত হয় আৰু ৯ আগষ্টৰ পৰা দেশজুৰি ভাৰত ত্যাগ আন্দোলনৰ সূচনা হয় আৰু মহাত্মা গান্ধীসহ বহু কংগ্ৰেছ নেতা গ্ৰেপ্তাৰ হয়।
- ১৯৪৫ - জাপানৰ নাগাছাকিত আমেৰিকাৰ পাৰমাণৱিক বোমাৰ বিষ্ফোৰণ হয়। আজি নাগাছাকি দিৱস।
- ১৯৫০ - বিষ্ণুৰাম মেধিয়ে অসমৰ মুখ্য মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
- ১৯৬৫ - সাৰ্বভৌম, গণতান্ত্ৰিক স্বাধীন ৰাষ্ট্ৰ হিচাপে ছিংগাপুৰে স্বীকৃতি লাভ কৰে।
- ১৯৭১ - শান্তি, বন্ধুত্ব আৰু সহযোগিতাৰ অৰ্থে ভাৰত আৰু ছোভিয়েট ৰাছিয়াৰ মাজত চুক্তি স্বাক্ষৰিত হয়।
জন্ম
- ১৬৩১ - জন ড্ৰাইডেন, ইংৰাজী সাহিত্যৰ কবি, নাট্যকাৰ আৰু সমালোচক।
- ১৭৭৬ - আমেদিও এভ'গেড্ৰ', ইটালীৰ ৰসায়ন বিজ্ঞানী, এভ'গেড্ৰ' সংখ্যা বা ধ্ৰুৱকৰ আৱিষ্কাৰক। (মৃঃ ৯জুলাই, ১৮৬৫)
- ১৮১৯ - ৱিলিয়াম থমাছ গ্ৰীণ মৰ্টন, অস্ত্ৰোপ্ৰচাৰত এনেছথেচিয়া হিচাপে 'ইথাৰ' ব্যৱহাৰ কৰা প্ৰথম চিকৎসা বিজ্ঞানী। ( মৃঃ ১৫ জুলাই, ১৮৬৮)
- ১৮৯২ - ডঃ শিয়ালি ৰামামৃত ৰংগনাথন, ভাৰতীয় গ্ৰন্থাগাৰ বিজ্ঞানৰ পুৰোধা ।
- ১৮৯৬ - জ্যা পিয়াজে, শিশু-মনোবিজ্ঞানী আৰু দাৰ্শনিক। তেখেত নিৰ্মাণবাদ, জীনগত জ্ঞানতত্ত্ব, বৌদ্ধিক বিকাশৰ তত্ত্ব, বস্তু স্থায়িত্ব আৰু আত্মকেন্দ্ৰিকতা তত্ত্বৰ বাবে বিখ্য়াত। (মৃঃ ১৬ চেপ্তেম্বৰ, ১৯৮০)
- ১৯৩৩ - মনোহৰ শ্যাম যোশী, আধুনিক হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ গদ্য লেখক, ঔপন্যাসিক, সাংবাদিক।
- ১৯৩৩ - তেৎছুকো কুৰ'য়ানাগি, জাপানী অভিনেত্ৰী, ভয়ছ অভিনেত্ৰী, লেখিকা।
- ১৯৬১ - ছাৰ জন ফিলিপ কী বা জন কী, নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী (২০০৮-২০১৬)।
- ১৯৭০ - অঞ্জলি জয়, হলিউডত অভিনয় কৰা ভাৰতীয় অভিনেত্ৰী, উল্লেখযোগ্য় কথাছবি - নাইট এট দা মিউজিয়াম: চিক্ৰেটছ অৱ টম্ব।
- ১৯৭৩ - হুইটনী এলিজাবেথ হাষ্টন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী, মঞ্চশিল্পী, প্ৰযোজক আৰু মডেল।
- ১৯৭৫ - মহেশ বাবু, টলিউডৰ জনপ্ৰিয় অভিনেতা।
- ১৯৯১ - এলেক্সা ব্লিছ বা লেক্সী ক'ফমেন, ডব্লিউ ডব্লিউ ইৰ (ইংঃ WWE) মহিলা মল্লযুঁজাৰু।
- ১৯৯১ - হংসিকা মোটৱানী, টলিউডৰ জনপ্ৰিয় অভিনেত্ৰী।
- ১৯৯৩ - দীপা কৰ্মকাৰ, ভাৰতীয় আৰ্টিষ্টিক বা শৈল্পিক জিমনাষ্ট।
মৃত্যু
- ১৮৯৯ - ছাৰ এডৱাৰ্ড ফ্ৰেঙ্কলেণ্ড, জৈৱ-ৰসায়নবিদ, ৰসায়ন বিজ্ঞানৰ যোজ্য়তাৰ সূত্ৰ আৰু পানী বিশ্লেষণৰ বাবে জনাজাত। (জঃ ১৮ জানুৱাৰী, ১৮২৫)
- ১৯০৪ - ফ্ৰেইড্ৰিক ৰাটজেল, জাৰ্মান ভূগোল বিজ্ঞানী, জীৱন্ত স্থানৰ ধাৰণা আৰু জিঅ'পলিটিক্সৰ বাবে জনাজাত। (জঃ ৩০ আগষ্ট, ১৮৪৪)
- ১৯৪৯ - এডৱাৰ্ড লী থৰ্নডাইক, শিক্ষা-মনোবিজ্ঞানী, সংযোগবাদ তত্বৰ (ইংঃ Connectionism) বাবে বিখ্য়াত। (মৃঃ ৩১ আগষ্ট, ১৮৭৪)
- ১৯৬২ - হেৰমান কাৰ্ম হেস্, জাৰ্মান কবি, ঔপন্যাসিক আৰু চিত্ৰকৰ। ১৯৪৬ খ্ৰীষ্টাব্দত তেওঁ সাহিত্যত ন'বেল বঁটা লাভ কৰে।
- ১৯৬৯ - চি এফ প'ৱেল, নোবেল বিজয়ী পদাৰ্থ বিজ্ঞানী।
- ১৯৭০ - ত্ৰৈলোক্য নাথ চক্ৰৱৰ্তী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ১৯৮০ - সৰস্বতী দেৱী, ভাৰতীয় সঙ্গীত পৰিচালক আৰু সুৰকাৰ।
- ১৯৯১ - কমলা শইকীয়া, অসমৰ প্ৰবীণ সাংবাদিক।
- ২০১৬ - কালিখো পুল, অৰুণাচল প্ৰাক্তন মুখ্যমন্ত্ৰী।
দিৱস
বাহ্যিক সংযোগ
তথ্য়সূত্ৰ
- ↑ worldhistory.org
|