সৰস্বতী দেৱী (সঙ্গীত পৰিচালক)
সৰস্বতী দেৱী, (ইংৰাজী: Saraswati Devi, জন্ম : খুৰচিদ মানেকশ্ব মিনোচেৰ হোমজী, ১৯১২ – ৯ আগষ্ট ১৯৮০) ১৯৩০ আৰু ১৯৪০ৰ দশকৰ হিন্দী চলচ্চিত্ৰৰ এগৰাকী সঙ্গীত পৰিচালক আৰু সুৰকাৰ আছিল।[1][2] তেওঁৰ বোম্বে টকীজে নিৰ্মাণ কৰা, অশোক কুমাৰ আৰু দেৱিকা ৰাণী অভিনীত ব্লক-বাষ্টাৰ ছবি অছুৎ কন্যাত (১৯৩৬) ‘মেঁই বন কী চিড়িয়া বনকে বুন বুন বলুঁ ৰে’ শীৰ্ষক গীতটোৰ বাবে বিশেষ খ্যাতি আছে। তেওঁক নাৰ্গিচৰ মাতৃ জদ্দনবাঈৰ সৈতে একেলগে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম মহিলা সঙ্গীত পৰিচালক বুলি গণ্য কৰা হয়।[3] প্ৰাৰম্ভিক জীৱনএটা ফাৰ্চী পৰিয়ালত সৰস্বতী দেৱীৰ জন্ম হৈছিল। তেওঁৰ সঙ্গীতৰ প্ৰতি আছিল গভীৰ অনুৰাগ। সেই কথাৰ উমান পাই দেউতাকে তেওঁক ধ্ৰুপদী আৰু ধামাৰ শৈলীৰ গায়কীত বিশেষজ্ঞ, বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ অধীনত হিন্দুস্তানী শাস্ত্ৰীয় সঙ্গীত শিকাৰ ব্যৱস্থা কৰি দিয়ে। পৰৱৰ্তী সময়ত তেওঁ মেৰিচ স্কুলত নাম লগায়, যিখন পিছলৈ ভাটখাণ্ডে সঙ্গীত প্ৰতিষ্ঠান (লক্ষ্ণৌ) বুলি জনাজাত হৈছিল।[4] কৰ্মজীৱন১৯২০ দশকৰ শেহৰ পিনে স্থাপিত হোৱা অল ইণ্ডিয়া ৰেডিঅ’ৰ মুম্বাই কেন্দ্ৰত সৰস্বতী দেৱী আৰু তেওঁৰ ভনীয়েক মানেক-এ নিয়মীয়াকৈ সঙ্গীত পৰিবেশন কৰিছিল। ‘হোমী চিষ্টাৰ্চ’ নামেৰ জনাজাত এই কাৰ্যসূচী শ্ৰোতাসকলৰ মাজত অতি জনপ্ৰিয় হৈছিল।[5] চলচ্চিত্ৰ নিৰ্মাণ কৰা কোম্পানী বোম্বে টকীজৰ প্ৰতিষ্ঠাতা হিমাংশু ৰয় তেওঁৰ ছবিৰ বাবে এগৰাকী দক্ষ শাস্ত্ৰীয় সঙ্গীতৰ পাৰঙ্গম ব্যক্তি এগৰাকীৰ সন্ধানত আছিল। সৰস্বতী দেৱীৰ গীত ৰেডিঅ’ত শুনি তেওঁক হিমাংশু ৰয়ে মাতি পঠিয়ালে। ৰয়ে তেওঁক বোম্বে টকীজৰ সঙ্গীত বিভাগৰ দায়িত্ব লোৱাটো আৰু ছবিৰ সঙ্গীত নিৰ্মাণ কৰাটো বিচাৰিলে। সেই অনুসৰি তেওঁ বোম্বে টকীজৰ সৈতে প্ৰথম ছবি ‘জৱানী কী হাৱা’ৰ (১৯৩৫) বাবে চুক্তিবদ্ধ হ’ল, য’ত হিমাংশু ৰয়ৰ পত্নী দেৱিকা ৰাণীয়ে অভিনয় কৰিছিল। সেই সময়ত প্লেবেকৰ কোনো ব্যৱস্থা নাছিল। যথেষ্ট কঠিন পৰিস্থিতিৰ মাজেৰে সঙ্গীতৰ কাম কৰিবলগীয়া হৈছিল।[6] ‘জৱানী কী হাৱা’ৰ পিছত তেওঁৰ প্ৰথম হিট ছবি অছুৎ কন্যা (১৯৩৬)। অশোক কুমাৰ আৰু দেৱিকা ৰাণী অভিনীত এই ছবিখনত গীতৰ চিত্ৰায়ণ কৰাৰ আগতে বহু ঘণ্টা আখৰাত ব্যয় হৈছিল। একে বছৰতে তেওঁ ‘জন্মভূমি’ৰ (১৯৩৬) বাবেও সঙ্গীত ৰচনা কৰে। এই ছবিখন প্ৰথমবাৰৰ বাবে জে.এচ. কাশ্যপে লিখা ‘জয় জয় জৱানী জন্মভূমি’ শীৰ্ষক এটা জাতীয়তাবাদী গীতৰ অন্তৰ্ভুক্ত কৰা হয়।[7][8] এজনী ফাৰ্চী ছোৱালীয়ে চলচ্চিত্ৰত গীত গোৱাত সেই সম্প্ৰদায়ে বিৰোধ কৰিছিল। হিমাংশু ৰায়ে ইয়াৰ বিৰোধ কৰি হোমজীৰ সমলি সৰস্বতী দেৱী আৰু বোম্বে টকীজতে অভিনয় কৰি থকা তেওঁৰ ভনীয়েকক চন্দ্ৰপ্ৰভা নাম দিয়ে।[9][10] তেওঁ ১৯৬১লৈকে সঙ্গীত পৰিচালনাৰ কাম কৰি গৈছিল। তেওঁ তৈয়াৰ কৰা ‘কোই হুমদুম না ৰহা’ গীতটো মূলত 'জীৱন নৈয়া'ত (১৯৩৬) অশোক কুমাৰে গাইছিল। পিছত 'জুমৰু'ৰ (১৯৬১) বাবে পুনৰ কিশোৰ কুমাৰৰ কণ্ঠত বাণীবদ্ধ কৰা হয়। সৰস্বতী দেৱীৰ সুৰাৰোপ কৰা আন এটা বিখ্যাত গীত ‘এক চতুৰ নৰ, বড়ী হোচিয়াৰ’টো প্ৰথমে 'ঝুলা'ত (১৯৪১) অশোক কুমাৰে গাইছিল আৰু পিছত সেইটো 'পড়োচন' ছবিৰ বাবে মান্না দে আৰু কিশোৰ কুমাৰে গাইছিল।[3] তথ্যসূত্ৰ
গ্ৰন্থপঞ্জী
বাহ্যিক সংযোগ
|