তেৎছুকো কুৰ'য়ানাগি
তেৎছুকো কুৰ'য়ানাগি (Tetsuko Kuroyanagi (黒柳 徹子 Kuroyanagi Tetsuko , জন্ম-৯ আগষ্ট ১৯৩৩[1][2])) হৈছে এগৰাকী জাপানী অভিনেত্ৰী, ভয়ছ অভিনেত্ৰী, লেখিকা আৰু টাৰেণ্টো (tarento, জাপানী চেলিব্ৰিটি)৷ ইয়াৰ উপৰিও তেখেত "প্ৰকৃতিৰ বিশ্বজনীন পুঁজি"ৰ উপদেষ্টা, আৰু ইউনিচেফৰ গুডৱিল এম্বেচাদৰ৷[3][4] সমাজহিতকৰ কৰ্মৰ বাবে তেখেত জনাজাত৷ আন্তৰ্জাতিক পৰ্যায়ত খ্যাতি অৰ্জন কৰা অগ্ৰণী জাপানী চেলিব্ৰিটীসকলৰ ভিতৰত তেওঁৰ নামটোও সন্নিৱিষ্ট৷ [5] ২০০৬ চনত ডনাল্ড ৰিচিয়ে তেওঁৰ গ্ৰন্থ "Japanese Portraits: Pictures of Different People"ত তেৎছুকো কুৰু'য়ানাগিক "জাপানৰ সৰ্বাধিক জনপ্ৰিয় আৰু সন্মানীয় মহিলা" বুলি অভিহিত কৰে৷ [6] ১৯৮১ চনত কুৰু'য়ানাগিয়ে লিখা শিশু-উপযোগী গ্ৰন্থ ত'ত্ত'-চ্চান প্ৰকাশ হয়৷ জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা এইখন গ্ৰন্থ তেখেতৰ জীৱনৰ এক মাইলৰ খুঁটি হিচাপে বিবেচিত হয়৷ [7]
প্ৰাৰম্ভিক জীৱনতেৎছুকো কুৰ'য়ানাগিৰ জন্ম হৈছিল টকিঅ' চহৰত৷ বৰ্তমান টকিঅ'ৰ টকিঅ' প্ৰিফেকচাৰত৷ তেখেতৰ পিতৃ আছিল এজন বেহেলাবাদক আৰু কনচাৰ্ট পৰিচালক (concertmaster)৷[2] ১৯৮১ চনৰ আত্মজীৱনীমূলক স্মৃতিচাৰণখনৰ মতে ত'ত্ত'-চ্চান আছিল তেৎছুকো কুৰ'য়ানাগিৰ ঘৰুৱা নাম৷ [2] কুৰ'য়ানাগিয়ে পঢ়াশালীয়া শিক্ষাৰ বাবে ট'মে প্ৰাথমিক বিদ্যালয়লৈ (Tomoe Gakuen) গৈছিল৷ শিক্ষাকুৰ'য়ানাগিয়ে টকিঅ' সংগীত বিদ্যালয়ত পঢ়িছিল৷ "অপেৰা" বিষয়টো তেখেতে মেজৰ হিচাপে বাছি লৈছিল, কাৰণ অপেৰা গায়িকা হোৱায়েই তেখেতৰ লক্ষ্য আছিল৷[5] স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত তেখেত অৱশ্যে অভিনয় আৰু দূৰদৰ্শনৰ মনোৰঞ্জনধৰ্মী জগতখনৰ প্ৰতিহে আগ্ৰহান্বিত হয়৷ তেখেতে টকিঅ' হ'চ' গেকিডানত যোগদান কৰে৷ পৰৱৰ্তীকালত, কুৰ'য়ানাগি হৈ পৰে "জাপান সম্প্ৰচাৰণ কৰ্পোৰেচন"ৰ (NHK) লগত চুক্তিবদ্ধ হোৱা প্ৰথমগৰাকী জাপানী অভিনেত্ৰী৷ [2][5] কৰ্মজীৱনটিভি চিৰিজ "থাণ্ডাৰবাৰ্ডছ"ত লেডি পেনেলপ হিচাপে কণ্ঠ দান কৰাৰ পাছত,[8]কুৰ'য়নাগিয়ে ১৯৭৫ চনৰ অপৰাহ্নৰ টেলিভিছন অনুষ্ঠান "টেটচুকুছ ৰূম"ৰ লগত জড়িত হৈ পৰে৷ এইটো আছিল জাপানী টেলিভিছনৰ প্ৰথমটো টক-শ্ব'৷ এইটো অনুষ্ঠানে তেখেতক খ্যাতি বঢ়ায়৷[2][5][9] ব্যক্তিগত টেলিভিছন চেনেল "আছাহি"য়ে সম্প্ৰচাৰ কৰা এইটো অনুষ্ঠানত কুৰ'য়ানাগিয়ে টেলিভিছন, ক্ৰীড়া, ৰাজনীতিকে ধৰি একাধিক ক্ষেত্ৰৰ চেলিব্ৰিটিৰ লগত কথাবাৰ্তা পাতিছিল৷ [5][9] "Tetsuko's Room" অনুষ্ঠানটো খুবেই সফল হিচাপে পৰিগণিত হৈছিল আৰু জাপানত কুৰ'য়ানাগিক এক "চাঞ্চল্য" বুলি আখ্যায়িত কৰা হৈছিল৷ [7]পৰিসংখ্যাই কয় যে, কুৰি শতিকাৰ দশমটো দশকৰ আৰম্ভণিলৈকে কুৰ'য়ানাগিয়ে দুহাজাৰতকৈও অধিক জাপানী আৰু বিদেশী চেলিব্ৰেটিৰ সাক্ষাৎকাৰ লৈছিল৷[9][10] কোৱা হয় যে, সাক্ষাৎগ্ৰহণকাৰী হিচাপে কুৰ'য়ানাগিয়ে দেখুওৱা আন্তৰিকতা আৰু বাক্-দক্ষতাৰ বাবেই এই বিশেষ টিভি অনুষ্ঠানটো দীঘস্থায়ী হৈছিল৷ [1][5] উল্লেখযোগ্য যে "ৱৰ্ল্ড মিষ্ট্ৰিছ" নামৰ টেলিভিছনৰ কুইজ অনুষ্ঠানটোতো তেখেতেক সঘনাই দেখিবলৈ পোৱা যায়৷ [5][11] ত'ত্ত'-চ্চানৰ লেখিকা হিচাপে১৯৮১ চনটো কুৰ'য়ানাগিৰ বাবে এক টাৰ্ণিং পইণ্ট হিচাপে বিবেচিত হয়৷ এইটো বৰ্ষতেই তেখেতে শিশু-উপযোগী আত্মজীৱনীমূলক গ্ৰন্থ ত'ত্ত'-চ্চান (Totto-Chan: The Little Girl at the Window) প্ৰকাশ কৰে৷ এইখনি গ্ৰন্থত কুৰ'য়ানাগিয়ে তেওঁ অধ্যয়ন কৰি অহা ত'মে' গেকুএন প্ৰাথমিক বিদ্যালয়ৰ অপৰম্পৰাগত শিক্ষাব্যৱস্থা আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক ছ'ছাকু ক'বায়াশ্বিৰ সবল নেতৃত্বৰ বিষয়ে লিখে৷ এইখনি গ্ৰন্থক তেখেতৰ শৈশৱ-স্মৰণ বুলি কোৱা হয়৷ প্ৰকাশৰ লগে-লগে এইখনি গ্ৰন্থ জাপানৰ ইতিহাসৰ ভিতৰতে বেষ্ট-চেলাৰ গ্ৰন্থ হিচাপে পৰিগণিত হয়৷[7] ১৯৮৪ চনত গ্ৰন্থখন ইংৰাজীলৈ অনূদিত হয়৷ অনুবাদক আছিল ড'ৰ'থি ব্ৰিটন৷ গ্ৰন্থখনৰ ইংৰাজী সংস্কৰণটো ৩০খনতকৈও অধিক দেশত প্ৰকাশিত হয়৷ [2] সমাজ-সেৱাসমাজসেৱামূলক কৰ্ম আৰু পুঁজি-সংগ্ৰহলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে কুৰ'য়ানাগিয়ে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে৷ [5] গ্ৰন্থ "ত'ত্ত'-চ্চান"ৰ মূল চৰিত্ৰটোৰ আধাৰত তেখেতে "ত'ত্ত সংস্থা" প্ৰতিষ্ঠা কৰে৷[2][3] এইটো সংস্থাই শ্ৰুতিশক্তিহীন অভিনয়শিল্পীক পেছাগতভাৱে প্ৰশিক্ষণ দিয়ে আৰু তাৰ বাবে তেওঁলোকে কুৰ'য়ানাগিৰ "থিয়েটাৰক শ্ৰুতিবিহীনজনলৈ লৈ অহা"ৰ দৰ্শনটো কাৰ্যকৰী কৰে৷ কুৰ'য়ানাগিৰ জনহিতকৰ কামক স্বীকৃতি জনাই ইউনিচেফে ১৯৮৪ চনত তেখেতক "গুডৱিল এম্বাচাদৰ" হিচাপে নিযুক্তি দিয়ে৷ এইটো সন্মান লাভ কৰা তেখেত হৈছে এছিয়াৰ প্ৰথমগৰাকী ব্যক্তি৷ [3] কুৰি শতিকাৰ '৮০ আৰু '৯০ৰ দশকৰ শেষৰফালে, তেখেতে সমাজসেৱাৰ বাবে এছিয়া আৰু আফ্ৰিকাৰ বহুকেইখন উন্নয়নশীল ৰাষ্ট্ৰ পৰিভ্ৰমণ কৰে৷ এইবোৰ ভ্ৰমণ-সূচীত তেখেতে দুৰ্যোগ আৰু যুদ্ধপীড়িত অনেক শিশুক সহায় কৰে আৰু দুখীয়া ৰাষ্ট্ৰত অনগ্ৰসৰ অৱস্থাত থকা শিশুৰ হকে সহায়ৰ হাত আগবঢ়াবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সজাগতা অভিযানৰ নেতৃত্ব দিয়ে৷ [1][2][11]১৯৮৯ চনত তেখেতে এংগোলা দেশ ভ্ৰমণ কৰে৷ জাপানৰ পৰা এইখন দেশলৈ ভ্ৰমণলৈ যোৱা তেখেতেই আছিল প্ৰথমগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি (VIP)৷ এই ভ্ৰমণে জাপান আৰু এংগোলাৰ মাজত কূটনৈতিক সম্পৰ্কৰ সেঁতু গঢ়িলে৷ [12] কুৰ'য়ানাগিয়ে তেওঁ জড়িত থকা ইউনিচেফৰ বিভিন্ন কাৰ্যসূচীৰ বাবে ২০ মিলিয়নতকৈও অধিক ধন সংগ্ৰহ কৰিছে৷ যি ধন সংগ্ৰহ কৰিবলৈ তেখেতে টেলিভিছনৰ অনুষ্ঠান নাইবা পুঁজি-সংগ্ৰহ অভিযানৰ সহায় লৈছে৷[13] বেষ্টচেলিং গ্ৰন্থ "ত'ত্ত'-চ্চান"ৰ জৰিয়তে লাভ কৰা ৰয়েল্টিৰ ধনো তেখেতে ইউনিচেফলৈ আগবঢ়াই আহিছে৷ [5][13] ইয়াৰ লগতে কুৰ'য়ানাগিয়ে ইউনিচেফৰ আন্তৰ্জাতিক কাৰ্যসূচী "Say Yes for Children" শীৰ্ষক অভিযানটোৰ লগত সংঘবদ্ধ হৈও কাম কৰিছে৷ [3] ১৯৯৭ চনত, কুৰ'য়ানাগিয়ে "ত'ত্ত'-চ্চানৰ শিশু" নামৰ গ্ৰন্থখন প্ৰকাশ কৰে৷ ১৯৮৪ চনৰ পৰা ১৯৯৬ চনলৈকে ইউনিচেফৰ গুডৱিল এম্বাচাদৰ হৈ থকা কালছোৱাত তেখেতে অৰ্জন কৰা অভিজ্ঞতা আৰু উপলব্ধিৰ ভেটিত এইখনি গ্ৰন্থ লিখা হৈছে৷[5][11]"বিশ্ব বন্যপ্ৰাণী পুঁজি"ৰ জাপানী শাখাৰ তেখেত এগৰাকী অধ্যক্ষ৷ [14] আমেৰিকাৰ "নেশ্যনেল থিয়েটাৰ অৱ দ্য ডিফ"ক কুৰ'য়ানাগিয়ে এতিয়ালৈকে দুবাৰ জাপানলৈ নিমন্ত্ৰিত কৰিছে৷[15][16] যাৰ লগত তেখেতে প্ৰতীকী ভাষা ব্যৱহাৰ কৰি অভিনয় কৰিছে৷[4][17] স্বীকৃতি আৰু সন্মান
চলচ্চিত্ৰপুঞ্জী
বাহ্যিক সংযোগ
তথ্যসংগ্ৰহ
|
Portal di Ensiklopedia Dunia