হাওবম ওংবি ঙাংবি দেৱী
হাওবম ওংবি ঙাংবি দেৱী (ইংৰাজী: Haobam Ongbi Ngangbi Devi; ১ আগষ্ট ১৯২৪ – ১২ জুন ২০১৪) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, সংগীতজ্ঞ।[1] তেওঁ মণিপুৰী নৃত্যৰ লাই হাৰাওবা আৰু ৰাস নৃত্যৰ পাৰদৰ্শিতাৰ বাবে বিশেষভাৱে জনাজাত।[2][3][4] ১৯৯৩ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ২০১০ চনত ভাৰত চৰকাৰে মণিপুৰী শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[5][6] জীৱনী১৯২৪ চনৰ ১ আগষ্ট তাৰিখে মণিপুৰৰ ইম্ফলৰ উৰিপক বচ্চস্পতি লেইকাইত হোবাম অংবি ঙাংবি দেৱীৰ জন্ম হৈছিল।[2] তেওঁৰ পিতৃ কৈজাম বকুল সিঙক স্থানীয়ভাৱে 'সংকীৰ্তন পালা' পৰিবেশক বুলি জনা গৈছিল।[7][1] হোবাম অংবি ঙাংবি দেৱীয়ে পাঁচ বছৰ বয়সৰ পৰায়ে 'মণিপুৰী সংকীৰ্তন সংঘ'ত নৃত্য আৰু গীত শিকিছিল। ১৯৩০ চনত তেওঁ প্ৰথমবাৰৰ বাবে কলকাতাৰ জইপাইগুড়ি মহোৎসৱত শিল্পী হিচাপে যোগদান কৰিছিল। পিছলৈ তেওঁ লাই হাৰাওবা, ৰাস আৰু পাহাৰীয়া অঞ্চলৰ পাৰম্পৰিক নৃত্যশৈলী অধ্যয়ন কৰিছিল। সেইসময়ত তেওঁ ১৯৩২ চনৰ পৰা ১৯৪০ চনলৈ গুৰু অটুমা সিং, য়ুমনাম ওজা নাটুম সিং, গুৰু এম. আমুবি সিং[8] আৰু ঙানংম ওজা যোগিন্দ্ৰ সিং আদি বিখ্যাত ব্যক্তিৰ ওচৰত নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল।[2] তেওঁ ওস্তাদ মেইছনাম বিধু সিং আৰু ছিঙাখাম ৰাধাচন্দ্ৰণ সিঙৰ ওচৰত শাস্ত্ৰীয় সংগীৰ শিক্ষাও গ্ৰহণ কৰিছিল।[2][1] হোবাম অংবি ঙাংবি দেৱী মণিপুৰৰ প্ৰথম শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ আকাশবাণীত গীত গাবলৈ আৰম্ভ কৰিছিল আৰু ১৯৪৮ চনত প্ৰথম মণিপুৰী চলচ্চিত্ৰ 'মাইনু পেমছা'ৰ পাৰ্শ্ব সংগীত শিল্পী হিচাপে গীত গাইছিল।[9][1] মণিপুৰত জৱাহৰলাল নেহৰু মণিপুৰ নৃত্য একাডেমী প্ৰতিষ্ঠা হোৱাত[10] তেওঁ ইয়াত নৃত্য আৰু সংগীত বিভাগৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছিল।[2] তেওঁ ইয়াত লাই হাৰাওবা নৃত্যৰ শিক্ষক আছিল।[11] তেওঁ লাই হাৰাওবা নৃত্যৰ ওপৰত গৱেষণা কৰি প্ৰতিষ্ঠান খনৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰি উলিয়াইছিল। ইয়াৰ লগতে তেওঁ নিজেও ললিত কলা একাডেমীৰ পৰা শিক্ষা গ্ৰহণ কৰি আছিল তো ১৯৩৬ চনৰ পৰা ১৯৪৫ চনলৈ তেওঁ মণিপুৰ নাট্য সন্থা, ৰূপমহল থিয়েটাৰ আৰু আৰ্য থিয়েটাৰত অভিনেত্ৰী হিচাপে জড়িত আছিল।[1] পিছলৈ তেওঁ ১৯৬৬ চনত জৱাহৰলাল নেহৰু মণিপুৰ নৃত্য একাডেমীৰ লোকনৃত্য বিভাগৰ মুৰব্বী পদত অধিষ্ঠিত হয়। ১৯৮৫ চনত তেওঁ এই প্ৰতিষ্ঠানৰ উপাধ্যক্ষ পদত থাকোঁতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।[2][1] তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত নৃত্য পৰিবেশন কৰিছিল।[1] ১৯৪১ চনত তেওঁ হোবাম আমোবা সিঙৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে।[1] ২০১৪ চনৰ ১১ জুন তাৰিখে ইম্ফলৰ নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়।[2] বঁটা আৰু সন্মানহোবাম অংবি ঙাংবি দেৱীয়ে অসম চৰকাৰৰ পৰা 'বীৰাংগনা' উপাধি লাভ কৰিছিল। ১৯৮০ চনত তেওঁ মণিপুৰ চৰকাৰৰ অন্তৰ্গত মণিপুৰ ৰাজ্যিক কলা একাডেমীৰ পৰা সোণৰ পদক লাভ কৰিছিল।[2][1] ১৯৮৫ চনত তেওঁক মণিপুৰী সাহিত্য পৰিষদে 'নৃত্য ভূষণ' বঁটাৰে সন্মানিত কৰিছিল।[2][1] ১৯৯৩ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।[4] ২০১০ চনত ভাৰত চৰকাৰে মণিপুৰী শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[2][1][4] তথ্য উৎস
|