আনন্দিৰাম দাস
আনন্দিৰাম দাস (ইংৰাজী: Anandiram Das; জন্ম: ২ অক্টোবৰ, ১৯০৯ -মৃত্যু : ৪ আগষ্ট, ১৯৬৯ ) অসমৰ এজন প্ৰসিদ্ধ গীতিকাৰ। তেওঁ অসমীয়া ভাষাত প্ৰায় এহেজাৰ গীত ৰচনা কৰিছে।[1][2] পুৰুষোত্তম দাসে লিখিছে যে, “অসমীয়া গীত ৰচকসকলৰ ভিতৰত দাসেই বোধকৰোঁ আটাইতকৈ সৰহ সংখ্যক গীত লিখিছে। ”[2] তেওঁৰ দুখন গীতৰ সংকলন বিৰহী আৰু সুৰ-নিজৰা ক্ৰমে ১৯৩৭ আৰু ১৯৩৯ চনত প্ৰকাশ পাইছিল।[3][4] ত্ৰিছ আৰু চল্লিশৰ দশকত আনন্দিৰাম দাসে ৰচনা কৰা আৰু সুৰ কৰা গীত সমূহ চাৰু বৰদলৈ, অনুকূল নাথ, তাৰিণী বৰুৱা, বলোৰাম দাস, নিৰ্মলেন্দু মজুমদাৰ, ভূপেন হাজৰিকা আদি শিল্পীৰ কণ্ঠত জনপ্ৰিয় হৈ উঠিছিল। দাসে কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ বাবে গীত ৰচিছিল।[2] বনগীত ৰচনা কৰা বাবে তেওঁক বনকোঁৱৰ আখ্যা দিয়া হৈছিল।[5] সংক্ষিপ্ত জীৱনী১৯০৯ চনৰ ২ অক্টোবৰ তাৰিখে গুৱাহাটীৰ খাৰঘূলিত আনন্দিৰাম দাসৰ জন্ম হয়। পিতৃ খেলাইৰামৰ পৰা তেওঁ সংগীতৰ শিক্ষা লৈছিল। সৰুতেই পিতৃ বিয়োগ হোৱাত পেটৰ তাড়নাত তেওঁ কম্পোজিটৰ কামত সোমায়।[6] বনগীত গাই আনন্দিৰাম দাসে প্ৰসিদ্ধি লভিছিল। নিজে গীত গোৱাৰ উপৰিও তেওঁ বহু সংখ্যক গীত লিখিছিল। দাসক বনগীতৰ স্ৰষ্টা বুলি কোৱা হৈছিল। ত্ৰিশৰ দশকত অসমীয়া গীতি সাহিত্যক চহকী কৰাত দাসৰ যথেষ্ট অৱদান আছিল। সেইসময়ৰ অসমীয়া সমাজক বঙালী গীত আৰু সংগীতৰ প্ৰভাৱৰ পৰা মুক্ত কৰি থলুৱা অসমীয়া গীতৰ প্ৰতি আকৰ্ষণ সৃষ্টি কৰাত আনন্দিৰাম দাসৰ গীতসমূহে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।[2] বিভিন্ন ঠাইত গ্ৰামোফ’নত সহজে গান বজোৱা দেখি, দাসে গ্ৰামোফ’নৰ জৰিয়তে গীতৰ জনপ্ৰিয়তা সৃষ্টি কৰিবলৈ তেওঁৰ চাৰিটা গান ৰেকৰ্ড কৰিবলৈ গৈছিল। যদিও নতুন প্ৰযুক্তিটো কেৱল কলিকতাত কাৰ্যকৰী আছিল, চাহিদা অনুসৰি সুলভ শ্বেলাক ৰেকৰ্ডৰ প্ৰতিলিপিবোৰ দ্ৰুততাৰে বিতৰণ কৰা হৈছিল। ইয়াৰ ফলত সংগীতৰ প্ৰসাৰত বিপ্লৱ ঘটিছিল, আৰু ই আনন্দিৰাম দাসক উদীয়মান অসমীয়া ল'ৰা আৰু ছোৱালীসকলক প্ৰশিক্ষণ দিয়া আৰু তেওঁৰ ৰচনাসমূহ ৰেকৰ্ড কৰিবলৈ কলিকতালৈ লৈ যোৱাৰ অভিযান আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। ইয়াৰ উপৰি, ১৯৪৬ চনৰ পৰা তেওঁ তেওঁৰ শিক্ষাৰ্থীসকলক অল ইণ্ডিয়া ৰেডিঅ', কলিকতা আৰু ১৯৪৮ চনৰ পৰা এ আই আৰৰ শ্বিলং-গুৱাহাটী ষ্টেচনত গান গোৱাবলৈ আৰম্ভ কৰিছিল আৰু অসমীয়া গীতৰ ক্ষেত্ৰত এক জাগৰণৰ সৃষ্টি কৰিছিল। [7] তেওঁ অসমীয়া চলচ্চিত্ৰ ‘বদন বৰফুকন’, ‘পাৰঘাট’, ‘লাচিত বৰফুকন’, ‘ভক্ত প্ৰহ্লাদ’ আদিৰ বাবে গীত লিখিছিল। ‘বিৰহী’ আৰু ‘সুৰ নিজৰা’ দাসৰ প্ৰকাশিত গীতৰ সংকলন। তেওঁ ‘নন্দন’ আৰু ‘ৰক্তাঞ্জলি’ নামৰ আন দুখন গীতৰ পুথি লিখিছিল যদিও এই দুখনে ছপা আখৰৰ মুখ নেদেখিলে। ‘মোহন মালতি’ আনন্দিৰাম দাস বিৰচিত একমাত্ৰ নাটক। দাসক ১৯৩৭ চনত বহা অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনত শ্ৰেষ্ঠ গায়কৰূপে নিৰ্বাচন কৰা হৈছিল। ১৯৫৪ চনত গুৱাহাটীত অনুষ্ঠিত ‘ভাৰতীয় গণনাট্য সন্মিলন’ৰ বাৰ্ষিক অধিৱেশনত দাসে সাংস্কৃতিক বিভাগৰ সভাপতিত্ব কৰিছিল। তেওঁ কিছুকাল গণনাট্য সংঘৰ অসম শাখাৰ উপ-সভাপতিও আছিল। গুৱাহাটীৰ ‘প্ৰগতি শিল্পী সংঘ’ই তেওঁক ১৯৫৯[1] ‘বন কোঁৱৰ’ আৰু ‘নিউ আৰ্ট প্লেয়াৰ্চে’ ‘বন গীতৰ ওজা'’ উপাধি প্ৰদান কৰিছিল। [3][2] ১৯৬৯ চনৰ ৪ আগষ্টত আনন্দিৰাম দাসৰ মৃত্যু হয়।[4] বাহ্যিক সংযোগতথ্যসূত্ৰ
|