প্ৰথম বিশ্বযুদ্ধ
প্ৰথম বিশ্বযুদ্ধ ইউৰোপত আৰম্ভ হৈ সমগ্ৰ পৃথিৱীত বিয়পি পৰা প্ৰথমখন মহাসমৰ। ১৯১৪ চনৰ ২৮ জুলাইত আৰম্ভ হৈ এই মহাসমৰ ১১ নৱেম্বৰ ১৯১৮ চনলৈ চলিছিল। ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগলৈ এইখনক বিশ্বযুদ্ধ বা মহাযুদ্ধ বুলি কোৱা হৈছিল। দ্বিতীয়খন বিশ্বযুদ্ধৰ পাছৰপৰাহে ইয়াক প্ৰথম বিশ্বযুদ্ধ বোলা হৈছে। সেই সময়ৰ পৃথিৱীৰ প্ৰতিটো বৃহৎ শক্তিয়েই এই যুদ্ধত ভাগ লৈছিল।[5] তেওঁলোক মূলতঃ দুটা বিপৰীত গোটত বিভক্ত হৈছিল" মিত্ৰ শক্তি (ইয়াৰ অংশীদাৰ আছিল ব্ৰিটেইন, ফ্ৰান্স আৰু ৰাছিয়া, যাক Triple Entente বোলা হৈছিল), আৰু কেন্দ্ৰীয় শক্তি (প্ৰথমে ইয়াৰ অংশীদাৰ আছিল জাৰ্মানী, অষ্ট্ৰিয়া-হাংগেৰী আৰু ইটালী, যাক Triple Alliance বোলা হৈছিল; পাছলৈ অষ্ট্ৰিয়া-হাংগেৰীয়ে চুক্তি-ভংগ কৰাৰ বাবে ইটালীয়ে যুদ্ধত ভাগ লোৱা নাছিল। )[6] পাছলৈ যুদ্ধত দুই শক্তিৰ লগত অন্যান্য দেশ চামিল হৈছিল। ইটালি, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই মিত্ৰ শক্তিৰ পক্ষত যোগ দিছিল আৰু অটোমান সাম্ৰাজ্য আৰু বুলগেৰিয়াই কেন্দ্ৰীয় শক্তিত যোগ দিছিল। মুঠ ৭০ নিযুত সামৰিক বাহিনীৰ লোকে এই যুদ্ধত অংশ লৈছিল, ইয়াৰে ৬০ নিযুত অকল ইউৰোপৰে আছিল।[7][8] ৯ নিযুততকৈও অধিক সামৰিক লোকৰ মৃত্যু হৈছিল। বৈজ্ঞানিক জ্ঞানৰ প্ৰয়োগত আক্ৰমণত্মক অস্ত্ৰৰ উদ্ভাৱন আৰু শ্ৰীবৃদ্ধিৰ বিপৰীতে প্ৰতিৰক্ষা আৰু চলাচলৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ বাবেই মৃত্যুৰ সংখ্যা আছিল অতি বেছি। পৃথিৱীৰ ইতিহাসত যুদ্ধত মৃত্যুৰ তালিকাত ষষ্ঠ স্থানত অৱস্থান কৰা এই যুদ্ধই সমগ্ৰ পৃথিৱীতে বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ সূচনা কৰিছিল আৰু লগতে উত্থান হৈছিল বিভিন্ন গণ-বিপ্লৱৰ।[9] প্ৰথম বিশ্বযুদ্ধৰ এটা দীৰ্ঘকালীন মুখ্য কাৰণ আছিল ইউৰোপৰ বৃহৎ শক্তিসমূহৰ মাজত নৱ্য-সাম্ৰাজ্যবাদৰ উত্থান। যুদ্ধ আৰম্ভণিৰ কাৰক হিচাপে কাম কৰিছিল অষ্ট্ৰিয়াৰ আৰ্কডিউক ফ্ৰাঞ্জ ফাৰ্ডিনাণ্ডৰ হত্যাই। ফাৰ্ডিনাণ্ড আছিল অষ্ট্ৰিয়া-হাংগেৰী সিংহাসনৰ উত্তৰাধিকাৰী। ২৮ জুন ১৯১৪ চন চনত ছাৰ্বিয়াৰ ছাৰাজেভ'ত এগৰাকী যুগ'শ্লাভ জাতীয়তাবাদী গেভ্ৰিল' প্ৰিন্চিপে তেখেতক হত্যা কৰে। এই হত্যাই কূটনৈতিক পৰিস্থিতিৰ জটিল কৰি তোলে আৰু অষ্ট্ৰিয়া-হাংগেৰীয়ে ছাৰ্বিয়া-ক শেষ সকিয়নী দিয়ে।[10][11] বিগত দশকটোত গঠন হোৱা বিভিন্ন মিত্ৰ জোঁটৰ তৎকালীন প্ৰতিক্ৰিয়াই যুদ্ধৰ সূচনা কৰে। কেইটামান সপ্তাহৰ ভিতৰতে যুদ্ধ ইউৰোপৰ মূল ভূ-খণ্ডৰপৰা এই শখ্তিসমূহৰ উপনিৱেশলৈ বিয়পি পৰে আৰু পৃথিৱীব্যাপী যুদ্ধৰ আৰম্ভ হয়। ছাৰ্বিয়া আক্ৰমণৰ সূচনা কৰি অষ্ট্ৰিয়া-হাংগেৰীয়ে ২৮ জুলাইত প্ৰথম গুলী বৰ্ষণ আৰম্ভ কৰে।[12][13] এই সময়তে ৰাছিয়াই নিজৰ সৈন্য সমাবেত কৰিবলৈ আৰম্ভ কৰে,আৰু জাৰ্মানীয়ে ফ্ৰান্স আক্ৰমণৰ লক্ষ্যৰে ফ্ৰান্সৰ প্ৰতিবেশী বেলজিয়াম আৰু লাক্সেমবাৰ্গ আক্ৰমণ কৰে। বেলজিয়াম আৰু লাক্সেমবাৰ্গ নিৰপেক্ষ ৰাষ্ট্ৰ আছিল। এই আক্ৰমণৰ প্ৰত্যুত্তৰত ব্ৰিটেইনে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ফ্ৰান্সৰ পেৰিছৰ নিকটৱৰ্তী মাৰ্নি নদীৰ পাৰত মাহজোৰা জাৰ্মান আগ্ৰাসন ৰোধ কৰা হয়। এই ঘটনাক 'মাৰ্নিৰ অলৌকিক ঘটনা' আখ্যা দিয়া হৈছে। এই ঠাইতে জাৰ্মানে ট্ৰেন্স খান্দি অৱস্থান কৰে, আৰু ১৯১৭ চনলৈ প্ৰায় একে স্থানতে অৱস্থান কৰি থাকে। পূৱ ইউৰপত ৰাছিয়াই অষ্ট্ৰিয়া-হাংগেৰী বাহিনীৰ বিৰূদ্ধে জয়লাভ কৰে, কিন্তু তেওঁলোকৰ পূৱ প্ৰুছিয়া আক্ৰমণ জাৰ্মান বাহিনীয়ে প্ৰতিহত কৰে। নৱেম্বৰ মাহত অটোমান সাম্ৰাজ্যই সুদ্ধত যোগ দিয়ে আৰু ককেছাছ, মেছ'পটেমিয়া আৰু ছিনাই-সীমান্তলৈ যুদ্ধ বিয়পি পৰে। ১৯১৫ চনত ইটালি আৰু বুলগেৰিয়াই যুদ্ধত যোগ দিয়ে, ১৯১৬ চনত যোগ দিয়ে ৰোমানিয়াই। যুদ্ধৰ মাজতে ১৯১৭ চনৰ মাৰ্চ মাহত ৰাছিয়াত জাৰৰ শাসনৰ অন্ত পৰে, আৰু অক্টোবৰ বিপ্লৱৰ পাছত নৱ্য-গঠিত ৰাছিয়াৰ চৰকাৰে জাৰ্মানীৰ লগত 'যুদ্ধ বিৰতি'ৰ ঘোষণা কৰে। ১৯১৮ চনত জাৰ্মানীয়ে পশ্চিম সীমান্তত যুদ্ধ প্ৰবল কৰি তোলে, কিন্তু মিত্ৰ-শক্তিয়ে কেবাখনো খণ্ড-যুদ্ধত জয়ী হৈ জাৰ্মান বাহিনীক পশ্চাদপসাৰণ কৰিবলৈ বাধ্য কৰে। আমেৰিকাৰ যুদ্ধ বাহিনীয়ে জাৰ্মান ট্ৰেন্স-সমূহ দখল কৰিবলৈ আৰম্ভ কৰে। জাৰ্মানীতো বিপ্লৱৰ সূচনা হয়, আৰু ইয়াৰ ফলস্বৰূপে ১৯১৮ চনৰ ১১ নৱেম্বৰত যুদ্ধ-বিৰতি সন্ধি কৰিবলৈ সন্মত হয়। ইয়াতে মিত্ৰ শক্তিৰ বিজয়ৰদ্বাৰা প্ৰথম বিশ্বযুদ্ধৰ অন্ত পৰে। শক্তিসমূহে যুদ্ধলৈ মানুহ আৰু বিত্তীয় সমল যোগান ধৰাৰ বাবে চেষ্টা কৰাৰ ফলত যুদ্ধক্ষেত্ৰৰ দৰেই গৃহভূমিতো বৃহৎ সালসলনি ঘটে। যুদ্ধৰ শেষত জাৰ্মানী, ৰাছিয়া, অটোমান আৰু অষ্ট্ৰ'-হাংগেৰীয়ান এই চাৰিখনৰ সাম্ৰাজ্যৰ অস্তিত্ব বিলীন হৈ যায়। জাৰ্মানী আৰু ৰাছিয়াৰ অৱশিষ্ট ৰাষ্ট্ৰৰ মাটি-কালি বৃহৎ পৰিমাণে কমি আহে, আৰু অষ্ট্ৰ'-হাংগেৰিয়ান আৰু অটোমান সাম্ৰাজ্য সম্পূৰ্ণৰূপে নিশ্চিহ্ন হয়। কেবাখনো নতুন ৰাষ্ট্ৰ জন্মৰে ইউৰোপৰ ৰাজনৈতিক মানচিত্ৰ নতুনকৈ অংকিত হয়। .[14] এনে যুদ্ধৰ পুনৰাবৃত্তি নহ'বলৈ জাতি-সংঘ গঠন কৰা হয়। যুদ্ধৰ পৰিণতিতে ইউৰোপীয় জাতীয়তাবাদে গা কৰি উঠে, লগতে জাৰ্মানীৰ পৰাজয়ৰ গ্লানি আৰু ভাৰ্ছাই সন্ধিৰ আপত্তিজনক চৰ্ত পাছলৈ দ্বিতীয় বিশ্বযুদ্ধৰ কাৰক হিচাপে পৰিগণিত হয়।[15] নামকৰণ'কিছুমান যুদ্ধই নিজৰ নামকৰণ নিজে কৰে। এইখন মহাযুদ্ধ। ' কানাডাৰ মেক্লিন আলোচনীয়ে অক্টোবৰ ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধক মহাযুদ্ধ আখ্যা দিছিল।[16] ১৯১৪ চনৰ শেহৰফালে নিউ য়ৰ্কত প্ৰকাশিত যুদ্ধৰ ইতিহাসত এই যুদ্ধক বিশ্বযুদ্ধ বুলি অভিহিত কৰা হৈছিল।[17] দ্বিতীয় বিশ্বযুদ্ধৰ আগলৈ প্ৰথম বিশ্বযুদ্ধক অকল বিশ্বযুদ্ধ বা মহাসমৰ বুলি ইংৰাজী প্ৰচলিত দেশসমূহত উল্লেখ কৰা হৈছিল। ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পাছৰপৰাহে এইখন মহাসমৰক প্ৰথম বিশ্বযুদ্ধ বুলি উল্লেখ কৰাটো প্ৰচলিত হয়। ইংৰাজ আৰু কানাডাৰ ঐতিহাসিকসকলে ইয়াক প্ৰথম বিশ্বযুদ্ধ (First World War) বুলি উল্লেখ কৰাৰ বিপৰীতে আমেৰিকান ইতিহাসবিদে 'বিশ্বযুদ্ধ-১ (World War I)' বুলি অভিহিত কৰিছিল। অৱশ্যে দুয়োটা শব্দই দ্বিতীয় বিশ্বযুদ্ধৰ আগতেও উল্লিখিত হৈছিল। প্ৰথম বাৰৰ বাবে 'প্ৰথম বিশ্বযুদ্ধ' শব্দটো ব্যৱহাৰ কৰিছিল জাৰ্মান দাৰ্শনিক আৰ্ণষ্ট হেকেল-য়ে ১৯১৪ চনৰ ছেপ্টেম্বৰ মাহত। তেখেতে লিখিছিলঃ
১৯২০ চনত সেনা-বিষয়া আৰু সাংবাদিক 'চাৰ্লছ এ. ক'ৰ্ট ৰেপিংটন'ৰদ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক গ্ৰন্থৰ নামো দিয়া হৈছিল 'প্ৰথম বিশ্বযুদ্ধ' (The First World War)। পৃষ্ঠপট![]() উনবিংশ শতিকাত ইউৰোপৰ শক্তিশালী দেশসমূহে মহাদেশখনত শক্তিৰ সমতুল অৱস্থা বৰ্তাই ৰাখিবলৈ বিভিন্ন ধৰণে চেষ্টা কৰিছিল। ইয়াৰ পৰিণতিত ১৯০০ চনৰ ইউৰোপত এক জটিল ৰাজনৈতিক আৰু সামৰিক জোঁটবন্ধনৰ সমীকৰণ ৰচনা হৈছিল।[6] ১৮১৫ চনতে হোৱা প্ৰুছিয়া, ৰাছিয়া আৰু অষ্ট্ৰিয়াৰ মাজত হোৱা 'পৱিত্ৰ সন্ধি' (Holy Alliance)-ৰদ্বাৰা এই জোঁটবন্ধনৰ সূচনা হৈছিল। ইয়াৰ পাছত ১৮৭৩ চনৰ অক্টোবৰ মাহত জাৰ্মান 'চেন্সেলৰ' বিছমাৰ্কে 'তিনি সম্ৰাটৰ চুক্তি'ৰ (en: League of Three Emperors) বাবে প্ৰয়াস কৰিছিল। অষ্ট্ৰীয়া-হাংগেৰী, ৰাছিয়া আৰু জাৰ্মান এই তিনি সাম্ৰাজ্যৰ সম্ৰাটৰ মাজত এই চুক্তি কৰা হৈছিল। কিন্তু, এই চুক্তি ফলৱতী নহ'ল কাৰণ ৰাছিয়া আৰু অষ্ট্ৰিয়া-হাংগেৰীৰ মাজত বলকান নীতিক লৈ দ্বিমত থাকিল। সেয়ে জাৰ্মানী আৰু অষ্ট্ৰিয়া-হংগেৰীৰ মাজত চুক্তি স্বাক্ষৰিত হ'ল ১৮৭৯ চনত, এই চুক্তিক 'দ্বিশক্তিৰ সন্ধি' ([[:en:Dual Alliance|]) বোলা হৈছিল। অটোমান সাম্ৰাজ্যৰ ক্ষয় হৈ অহা শক্তিলৈ লক্ষ্য কৰি এই সন্ধিৰে বলকান অঞ্চলত বাঢ়ি অহা ৰাছিয়াৰ প্ৰতিপত্তিক নিয়ন্ত্ৰণ কৰিবলৈ বিচৰা হৈছিল।[6] ১৮৮২ চনত এই সন্ধিয়ে ইটালিকো অংশীদাৰ কৰি লয়। তাৰ পাছতে ইয়াক ' সন্মিলিত ত্ৰিশক্তি' (Triple Alliance) বোলা হয়।[19] ১৮৭০ চনৰ পাছৰ সময়ছোৱাত ইউৰোপত শান্তি বাহাল ৰাখিবৰ বাবে জাৰ্মান সাম্ৰাজ্য আৰু ইউৰোপৰ বাকী দেশসমূহৰ পাছত শান্তি অটুত ৰাখিবলৈ বিছমাৰ্কে প্ৰণালীবদ্ধ ভাৱে কেবাখনো সন্ধি কৰি ৰাখিছিল। তেখেতে ৰাছিয়াৰ জাৰ্মানীৰ সপক্ষে ৰাখিব বিচাৰিছিল, যাতে জাৰ্মানীৰ দুই সীমাত একেলগে ফ্ৰান্স আৰু ৰাছিয়াৰ লগত যুদ্ধত অৱতীৰ্ণ হ'বলগীয়া নহয়। দ্বিতীয় উইলহেল্ম জাৰ্মানীৰ সম্ৰাটৰ (কেইজাৰ) আসনত আৰোহণ কৰাৰ পাছত বিছমাৰ্ক অৱসৰ ল'বলৈ বাধ্য হয় আৰু তাৰ পাছতে তেখেতে প্ৰৱ্ৰতন কৰা কেবাখনো সন্ধি চুক্তি ধীৰে ধীৰে অৱমাননা কৰিবলৈ আৰম্ভ কৰা হয়। ১৮৯০ চনত কেইজাৰে ৰাছিয়াৰ লগত বৰ্তি থকা 'পুনৰবীমা সন্ধি' (Reinsurance Treaty) নৱীকৰণ কৰিবলৈ অমান্তি হয়। দুটা বছৰ পাছত সন্মিলিত ত্ৰিশক্তিৰ বিপৰীত শক্তি গঢ়ি তোলাৰ লক্ষ্যৰে ফ্ৰান্স আৰু ৰাছিয়াৰ মাজত ফ্ৰাংকো-ৰাছিয়ান সন্ধি স্বাক্ষৰিত হয়। ১৯০৪ চনত ব্ৰিটেইনে ফ্ৰান্সৰ লগত এলানি চুক্তিৰে (Entente Cordiale) মিলিত হয়। ১৯০৭ চনত ব্ৰিটেইন আৰু ৰাছিয়াই সম্পাদিত কৰে এংলো-ৰাছিয়ান সংহতি (Anglo-Russian Convention চুক্তি। এই চুক্তিয়ে ব্ৰিটেইনৰ লগত ফ্ৰান্স বা ৰাছিয়াৰ শক্তিক মিলিত কৰা নাছিল যদিও, ভৱিষ্যতে ফ্ৰান্স বা ৰাছিয়া কোনো সংঘাতত ভাগ ল'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'লে ব্ৰিটেইনে হস্তক্ষেপ কৰাৰ সম্ভাৱনা গাঢ় কৰি তুলিছিল। এই তিনি দেশৰ মাজত গঢ়ি উঠা মিলিত শক্তিৰ বোলা হৈছিল Triple Entente.[6] ![]() ![]() ১৮৭১ চনত জাৰ্মান সাম্ৰাজ্য গঠন হোৱাৰ পাছৰেপৰা জাৰ্মানীৰ উদ্যোগিক আৰু অৰ্থনৈতিক শক্তি উৰ্ধগামী হৈছিল। ১৮৯০-ৰ মাজৰছোৱাত কেইজাৰ দ্বিতীয় উইলহেল্মে Kaiserliche Marine ('জাৰ্মান নৌ-বাহিনী' (Imperial German Navy)) গঠন কৰাৰ বাবে যথেষ্ট অৰ্থ ব্যয় কৰিবলৈ আৰম্ভ কৰে। এই নৌবাহিনীৰ প্ৰতিষ্ঠাতা আছিল এড্মিৰেল আলফ্ৰেড ভন ট্ৰিপিজ। ইয়াৰ মূল লক্ষ্য আছিল আন্তৰ্জাতিক সাগৰ পৃষ্ঠত ইংৰাজসকলৰ আধিপত্য খৰ্ব কৰা।[20] ব্ৰিটেইন আৰু জাৰ্মান দুই শক্তিয়েই যুদ্ধ-জাহাজ নিৰ্মাণত প্ৰতিযোগিতামূলক দৃষ্টিভংগীৰে কাম কৰিবলৈ আৰম্ভ কৰিছিল। ১৯০৬ চনত যুদ্ধ জাহাজ Dreadnought নিৰ্মাণ কৰি ইংৰাজে জাৰ্মানীতকৈ কেবাগুণে আগবাঢ়ি যাবলৈ সক্ষম হয়।[20] অস্ত্ৰ-নিৰ্মাণৰ প্ৰতিযোগিতা ক্ৰমে ইউৰোপৰ বাকীবোৰ দেশলৈও বিয়পিল, আৰু প্ৰতিটো বৃহৎ শক্তিয়েই নিজৰ উদ্যোগখণ্ডক এক বিশাল যুদ্ধৰ বাবে প্ৰয়োজনীয় অস্ত্ৰ নিৰ্মাণৰ বাবে প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে।[21] ১৯০৮ চনৰপৰা ১৯১৩ চনলৈ ইউৰোপৰ শক্তিসমূহে সামৰিক ব্যয় ৫০% বৃদ্ধি কৰিছিল।[22] ১৯০৮-১৯০৯ চনত অষ্ট্ৰিয়া-হাংগেৰীয়ে অট'মান সাম্ৰাজ্যৰ অংশ বছনিয়া আৰু হাৰ্জেগভ্নিয়াক আনুষ্ঠানিকভাৱে সাম্ৰাজ্যৰ সংলগ্ন কৰি 'বছনিয়া সমস্যা' (Bosnian Crisis)-ৰ সৃষ্টি কৰে। ১৮৭৮ চনৰপৰা এই দুই ভূ-খণ্ড তেওঁলোকৰ দখলত আছিল। এই ঘটনাই ছাৰ্বিয়া আৰু দেশখনৰ প্ৰাধন পৃষ্ঠপোষক, পান-শ্লাভিক আৰু ৰাছিয়া সাম্ৰাজ্যক অসন্তুষ্ট কৰি তোলে।[23] প্ৰত্যুত্তৰত এই অঞ্চলত ৰাছিয়াই আৰম্ভ কৰা ৰাজনৈতিক কুচ-কাৱাজে সন্ধি চুক্তিসমূহক অসাৰ কৰি তোলে। ইউৰোপত শক্তিৰ টনা-আঁজোৰাৰ ফলস্বৰূপে আগতেই সন্ধিসমূহ দুৰ্বল হৈ আছিল। এই সময়ৰ ৰাজনৈতিক অৱস্থাক "the powder keg of Europe" বোলা হয়।[23] ১৯১২ আৰু ১৯১৩ চনত বলকান সংঘ আৰু ক্ষয়িষ্ণু অটোমান সাম্ৰাজ্যৰ মাজত 'প্ৰথম বলকান যুদ্ধ' হৈছিল। যুদ্ধৰ সমাপ্তিত স্বাক্ষৰিত 'লণ্ডন সন্ধি (১৯১৩)' Treaty of London অটোমান সাম্ৰাজ্যৰ পৰিসৰ আৰু সৰু কৰি আনি এখন নতুন দেশ আলবেনিয়াৰ সৃষ্টি কৰাৰ উপৰিও বুলগেৰিয়া, ছাৰ্বিয়া, মণ্টেনেগ্ৰ' আৰু গ্ৰীচ-ৰ সীমা বৃদ্ধি কৰে। ১৯১৩ চনৰ ১৬ জুনত বুলগেৰিয়াই ছাৰ্বিয়া আৰু গ্ৰীচ আক্ৰমণ কৰে। ৩৩ দিন জোৰা এই যুদ্ধক 'দ্বিতীয় বলকান যুদ্ধ' বুলি জনা যায়। এই যুদ্ধৰ পৰিণতিত বুলগেৰিয়াই মেচিড'নিয়াৰ প্ৰায় সকলোখিনি ছাৰ্বিয়া আৰু গ্ৰীচৰ হাতলৈ আৰু ডব্ৰুজা অঞ্চল ৰোমানিয়াৰ হাতলৈ এৰি দিবলগীয়া হয়। এই যুদ্ধই ইউৰোপত ৰাজনৈতিক স্থিতিৰ অধিক অৱনতি ঘটায়।[24] ![]() ২৮ জুন ১৯১৪ চনত এগৰাকী বছনিয়াবাসী ছাৰ্বিয়ান নাগৰিক আৰু ইয়ং বছনিয়া সংস্থাৰ সদস্য গেভ্ৰিল' প্ৰিন্সিপে অষ্ট্ৰ'-হাংগেৰী সাম্ৰাজ্যৰ উত্তৰাধিকাৰী আৰ্কডিউক ফ্ৰাঞ্জ ফাৰ্ডিনাণ্ড-ক বছনিয়াৰ ছাৰাজেভ' নামৰ ঠাইত গুলিয়াই হত্যা কৰে।[25] এই ঘটনাই অষ্ট্ৰিয়া-হাংগেৰী, জাৰ্মানী, ৰাছিয়া, ফ্ৰান্স আৰু ব্ৰিটেইনৰ কূটনৈতিক মহলত তোলপাৰ লগায়। এমাহ জোৰা এই সময়খিনিক 'জুলাই সংকট' (July Crisis) আখ্যা দিয়া হৈছে। বছনিয়াত ছাৰ্বিয়াৰ হস্তক্ষেপ একেবাৰে শেষ কৰাৰ লক্ষ্যৰে 'ব্লেক হেণ্ড' ([:en:[Black Hand (Serbia)|Black Hand]]) নামৰ সংস্থাটোৱে প্ৰিন্সিপ আৰু তেখেতৰ সংগীসকলক প্ৰশিক্ষণ দিয়াৰ লগতে বোমা আৰু পিষ্টলৰ যোগান ধৰিছিল আৰু সীমা পাৰ হৈ অহাত সহায় কৰিছিল। এই হত্যাকাণ্ডত ছাৰ্বিয়াৰ বিষয়াৰ হাত থকা বুলি অষ্ট্ৰিয়াই কৰা সন্দেহ মিছা নাছিল।[26] অষ্ট্ৰিয়া-হংগেৰীয়ে 'জুলাইৰ শেষ প্ৰস্তাৱ' (July Ultimatum) ছাৰ্বিয়ালৈ প্ৰেৰণ কৰে, য'ত দহটা মানি ল'ব নোৱৰা বিধৰ দাবী আগবঢ়োৱা হৈছিল। ছাৰ্বিয়াৰ লগত যুদ্ধৰ আৰম্ভণি কৰাই এই প্ৰস্তাৱৰ মূল উদ্দেশ্য আছিল।[27] ছাৰ্বিয়াৰ তাৰে দহটাৰ ভিতৰত আঠটা দাবী মানি লোৱাৰ পাছতো অষ্ট্ৰিয়া-হাংগেৰীয়ে ছাৰ্বিয়াৰ বিৰূদ্ধে ১৯১৪ চনৰ ২৮ জুলাই তাৰিখে যুদ্ধ ঘোষণা কৰে। হিউ ষ্ট্ৰেখান-ৰ (Hew Strachan) মতেঃ "ছাৰ্বিয়াই সকলো দাবী মানি ল'লেও অষ্ট্ৰিয়া-হাংগেৰীয়ে নিজৰ মত সলনি কৰাৰ সম্ভাৱনা কম আছিল। ফ্ৰাঞ্জ ফাৰ্ডিনাণ্ড জনপ্ৰিয় নাছিল, তেখেতৰ মৃত্যুৱে সাম্ৰাজ্যত শোকৰ ছাঁ পেলোৱা নাছিল। " ("Whether an equivocal and early response by Serbia would have made any difference to Austria-Hungary's behaviour must be doubtful. Franz Ferdinand was not the sort of personality who commanded popularity, and his demise did not cast the empire into deepest mourning".)[28] অষ্ট্ৰিয়া-হাংগেৰীৰ আক্ৰমণৰ ফলত ৰাছিয়া সাম্ৰাজ্যই বলকান অঞ্চলত নিজৰ প্ৰতিপত্তি হেৰোৱাৰ ভয়ত, লগতে ছাৰ্বিয়াৰ শাসকৰ লগত থকা সুসম্পৰ্কৰ বাবে এদিন পাছতে নিজৰ সেনাবাহিনীৰ একাংশক আগবাঢ়িবলৈ নিৰ্দেশ দিয়ে।[19] জাৰ্মান সাম্ৰাজ্যই সামৰিক বাহিনীক কুচ কৰিবলৈ নিৰ্দেশ দিয়ে ৩০ জুলাইত। তেওঁলোকৰ উদ্দেশ্য আছিল "স্ক্লিফেন প্লেন" (Schlieffen Plan), যাৰ দ্বাৰা তেওঁলোকে বৃহৎ শক্তিৰে ফ্ৰান্স আক্ৰমণ কৰি ফ্ৰান্স সেনাবাহিনী নিঃশেষ কৰি পাছলৈ পূৱ সীমাত থকা ৰাছিয়া আক্ৰমণ কৰাৰ আঁচনি কৰিছিল। আনহাতে ফ্ৰান্স চৰকাৰে সমাৰিক বিভাগৰ আক্ৰমণৰ অনুৰোধ উপেক্ষা কৰি নিজৰ সেনাবাহিনীক সীমাৰপৰা দহ কিল'মিটাৰ পিছুৱাই আহিবলৈ নিৰ্দেশ দিয়ে, যাতে প্ৰত্যক্ষ যুদ্ধ কিছু পিছুৱাব পৰা যায়। জাৰ্মানীয়ে বেলজিয়াম আক্ৰমণ কৰি ফৰাচী সেনাবাহিনীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছত ২ আগষ্টৰ সন্ধিয়া ফ্ৰান্সে নিজৰ সেনাক যুদ্ধ চলোৱাৰ হুকুম দিয়ে। সেইদিনাই জাৰ্মানীয়ে ৰাছিয়াৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰে।[29] আনহাতে বেলজিয়ামক নিৰপেক্ষ দেশ হিচাপে যুদ্ধৰপৰা বাহিৰত ৰাখিবলৈ ব্ৰিটেইনে জাৰ্মানীক দিয়া শেষ প্ৰস্তাৱৰ 'সন্তোষজনক উত্তৰ নোপোৱা'ৰ বাবে ৪ আগষ্ট ১৯১৪ তাৰিখে ব্ৰিটেইনে জাৰ্মানীৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰে।[30] যুদ্ধৰ ৰংগভূমিযুদ্ধৰ আৰম্ভণিকেন্দ্ৰীয় শক্তিৰ বেমেজালিকেন্দ্ৰীয় শক্তিৰ যুদ্ধ কৌশল বেমেজালিপূৰ্ণ আছিল। জাৰ্মানীয়ে অষ্ট্ৰিয়া-হাংগেৰীৰ ছৰ্বিয়া আক্ৰমণত সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছিল যদিও, এই বাৰ্তাৰ অৰ্থ নিৰ্ধাৰণত ভুল বুজাবুজিহৈছিল। ১৯১৪ চনৰ প্ৰথমচোৱাতেই আগৰেপৰা চলি থকা সেনা-বাহিনী প্ৰেৰণৰ কৌশল সলনি কৰা হৈছিল যদিও প্ৰেৰণ কৰাৰ আগলৈ নতুন কৌশলৰ পৰীক্ষণ কৰা হোৱা নাছিল। অষ্ট্ৰ'-হাংগেৰীৰ নেতাসকলে ভাবিছিল জাৰ্মানীয়ে সাম্ৰাজ্যৰ উত্তৰ অংশ ৰাছিয়াৰ আক্ৰমণৰপৰা ৰক্ষা কৰিব।[31] কিন্তু জাৰ্মানীয়ে ভাবিছিল তেওঁলোকে ফ্ৰান্স আক্ৰমণ কৰাৰ সময়ত অষ্ট্ৰ'-হাংগৰীয়ে ৰাছিয়াৰ বিৰূদ্ধে সৈন্য প্ৰেৰণ কৰিব। এই খেলিমেলিৰ বাব অষ্ট্ৰিয়া-হাংগেৰীয়ে নিজৰ সেনা-বাহিনীক দুটা ভাগত বিভক্ত কৰি একে সময়তে ৰাছিয়াআৰু ছাৰ্বিয়াৰ সীমালৈ পঠিয়াব লগীয়া হৈছিল। ৯ ছেপ্টেম্বৰ, ১৯১৪ চনত জাৰ্মানীয়ে হাতত লৈছিল Septemberprogramm। এই সাম্ভাৱ্য আঁচনিৰ জৰিয়তে যুদ্ধত জাৰ্মানীয়ে যুদ্ধত লক্ষ্য নিৰ্দিষ্ট কৰাৰ লগতে মিত্ৰ শক্তিৰ হাতত অৰ্পণ কৰিবলৈ চৰ্তও সাজু কৰি ৰাখিছিল জাৰ্মান চেন্সেলৰ থিঅ'বল্ড ভন বেথমেন-হ'লৱেগ-এ। কিন্তু এই আঁচনি চৰকাৰী ভাৱে গ্ৰহণ কৰা নহ'ল। আফ্ৰিকাৰ যুদ্ধ![]() যুদ্ধৰ আৰম্ভণিতে যুঁজ হোৱা প্ৰধান স্থান আছিল আফ্ৰিকাত উপৱিষ্ট ব্ৰিটেইন, ফ্ৰান্স, আৰু জাৰ্মানীৰ ঔপনিৱেশিক শক্তিসমূ্হ। ৭ আগষ্ট তাৰিখে ব্ৰিটিছ আৰু ফৰাচী বাহিনীয়ে জাৰ্মান উপনিৱেশ ট'গ'লেণ্ড আক্ৰমণ কৰে। ১০ আগষ্টত আফ্ৰিকাৰ দক্ষিণ-পশ্চিম অংশত থকা জাৰ্মান বাহিনীয়ে দক্ষিণ আফ্ৰিকা আক্ৰমণ কৰে; যুদ্ধৰ শেষলৈকে এই স্থানত চেগাচোৰোকাকৈ তুমুল যুঁজ চলি থাকিল। আনহাতে পূৱ জাৰ্মান আফ্ৰিকাত থকা ঔপনিৱেশিক বাহিনীয়ে কৰ্নেল পল ভন লেট'-ভৰবেক-ৰ নেতৃত্বত যুদ্ধৰ একেবাৰে শেষ সময়লৈকে গেৰিলা পদ্ধতিৰে যুঁজ চলাই আহিছিল। ইউৰোপত সন্ধি হোৱাৰ দুসপ্তাহৰ পাছতহে তেওঁলোকে আত্ম-সমৰ্পন কৰে।[32] ছাৰ্বিয়াৰ যুদ্ধ১২ আগষ্টত অষ্ট্ৰিয়াই ছাৰ্বিয়ান সেনাক আক্ৰমণ কৰে আৰু কেৰ আৰু কলুবাৰা-ত যুঁজ লাগে। পাছৰ দুটা সপ্তাহত অষ্ট্ৰিয়াক আক্ৰমণ প্ৰতিহত কৰি পিছুৱাই নিয়া হয়। অষ্ট্ৰিয়ান সেনাৰ বিশাল ক্ষতিৰে সেয়া আছিল মিত্ৰ-শক্তিৰ প্ৰথম বৃহৎ সাফল্য। এই সাফল্যই অষ্ট্ৰিয়া-হাংগেৰীয়ে ভবা ধৰণে যুদ্ধত কম সময়তে বিজয়ী হোৱাৰ আশাক মষিমূৰ কৰিছিল। প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকে ছাৰ্বিয়াৰ সীমাত এক বৃহৎ সংখ্যক বাহিনী মোতায়েন ৰাখিবলৈ বাধ্য হয়, যাৰ কাৰণে ৰাছিয়াৰ বিৰূদ্ধে তেওঁলোকে সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰিব পৰা নাছিল।[33] ১৯১৪ চনত ছাৰ্বিয়াই অষ্ট্ৰ'-হাংগেৰীৰ আক্ৰমণত বিজয় সাব্যস্ত কৰাটোক বিগত শতিকাৰ এটা ডাঙৰ ওভোতা বিজয় বুলি গণ্য কৰা হয়।[34] বেলজিয়াম আৰু ফ্ৰান্সত জাৰ্মান বাহিনী![]() Ausflug nach Paris ("পেৰিছ যাত্ৰা"); Auf Wiedersehn auf dem Boulevard ("বুলেভাৰ্ডত আকৌ লগ হ'ম"); [ফুলেৰে ঢাক খাই থকা অংশত] যুদ্ধ (পঢ়িব নোৱাৰা অংশ সম্ভৱতঃ Auf in [den Kampf] যাৰ অৰ্থ "যুদ্ধলৈ বুলি"), mir juckt die Säbelspitze "মোৰ তৰোৱালৰ আগত এতিয়া তেজৰ ক্ষুধা". যুদ্ধৰ আৰম্ভণিতে প্ৰতিখন অংশগ্ৰহণ কাৰী দেশেই ভাবিছিল যুদ্ধখন কম সময়তে শেষ হ'ব যুদ্ধৰ আৰম্ভণিতে, জাৰ্মান বাহিনীয়ে 'স্ক্লিফেন প্লেন'ৰ (Schlieffen Plan) এক সংশোধিত ৰূপ কাৰ্যকৰী কৰে। এই আঁচনি অনুসৰি জাৰ্মান বাহিনী নিৰপেক্ষ দেশ বেলজিয়ামৰ মাজেৰে আগবাঢ়ি ফ্ৰান্সত প্ৰৱেশ কৰি ফৰাচী সৈন্য-বাহিনীক জাৰ্মানী-ফ্ৰান্সৰ সীমাত ঘেৰি ৰখাৰ পৰিকল্পনা কৰা হৈছিল।[10] ফ্ৰান্সে ঘোষণা কৰিছিল যে 'জাৰ্মানী আৰু ৰুছিয়াৰ মাজত যুদ্ধ হ'লে তেওঁলোকে নিজাকৈ সিদ্ধান্ত লোৱাৰ স্বাধীনতা থাকিব। ' সেয়ে জাৰ্মানীয়ে পশ্চিম সীমাত ফ্ৰান্স আৰু পূৱ সীমাত ৰুছিয়াই আক্ৰমণ কৰাৰ সম্ভাৱনীয়তা মনত ৰাখিব লগীয়া হৈছিল। তেনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ 'স্ক্লিফেন প্লেন'ত কোৱা হৈছিল যে জাৰ্মানীয়ে কম সময়ৰ ভিতৰতে ফ্ৰান্সক যুদ্ধত পৰাজিত কৰাৰ চেষ্টা কৰিব লাগিব (১৮৭০-৭১ চনৰ ফ্ৰান্স-প্ৰুছিয়াৰ যুদ্ধত এনে কৰা হৈছিল)। আৰু কোৱা হৈছিল যে পশ্চিম সীমান্তত কম সময়তে বিজয় লাভ কৰিবলৈ হ'লে জাৰ্মানীয়ে এলছাচ-ল'ৰেইন-ৰ বিপদসংকুল অঞ্চলেৰে (এই অংশ ৰাইন নদীৰ পশ্চিমে দুই দেশৰ মাজৰ প্ৰত্যক্ষ সীমা আছিল) আক্ৰমণ কৰা উচিত নহয়, বৰং, ইংলিছ প্ৰণালীৰপৰা পেৰিছ চহৰৰ যোগাযোগ কৰ্তন কৰি আহিবলগীয়া ব্ৰিটিছ সহায়ক বাধা দি পেৰিছ অধিগ্ৰহণ কৰি যুদ্ধত জয়লাভ কৰাটোহে উপযুক্ত হ'ব। ইয়াৰ পাছত সেনা-বাহিনী পশ্চিম সীমান্তলৈ আগবাঢ়ি গৈ ৰুছিয়াৰ লগত যুদ্ধত মিলিত হ'ব। ধৰাণা কৰা হৈছিল যে কেন্দ্ৰীয় শক্তিৰ বাবে এক দৃঢ় সামৰিক খোপনি ল'বলৈ ৰুছিয়াই নিজৰ সেনা-বাহিনীক সীমান্তলৈ আনিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। দুই সীমান্তত একে সময়তে যুদ্ধ কৰাৰ বাবে জাৰ্মানীয়ে হাতত লোৱা একমাত্ৰ আঁচনি আছিল জাৰ্মান বাহিনী বেলজিয়ামৰ মাজেৰে আগবাঢ়িব। জাৰ্মানীয়ে বিচাৰিছিল বেলজিয়ামৰ মাজেৰে নিজৰ সেনা-বাহিনীৰ আগবাঢ়ি গৈ (পোনতে নেদাৰলেণ্ডৰ মাজেৰেও একে দৰে আগবঢ়াৰ পৰিকল্পনা কৰা হৈছিল, কিন্তু কাইজাৰ উইলহেল্ম-২-য়ে এই আঁচনি নাকচ কৰে) ফ্ৰান্স আক্ৰমণ কৰিব। কিন্তু নিৰপেক্ষ বেলজিয়ামে এই অনুৰোধ প্ৰত্যাখান কৰে, সেয়ে জাৰ্মানীয়ে পোনতে বেলজিয়াম আক্ৰমণ কৰাৰ সিদ্ধান্ত লয়। ফ্ৰান্সেও বেলজিয়ামলৈ সেনা-বাহিনী প্ৰেৰণ কৰাৰ কথা ভাবিছিল, কিন্তু বেলজিয়ামে প্ৰথমে এই 'পৰামৰ্শ'ও মানি লোৱা নাছিল। বেলজিয়ামৰ মাটিত যুদ্ধ হ'বলৈ নিদিয়াটো তেওঁলোকৰ লক্ষ্য আছিল। অৱশেষত, জাৰ্মানীয়ে আক্ৰমণ কৰাত, বেলজিয়ামতে ফৰাচী সেনাৰ লগত নিজৰ সেনা যোগ দিয়াব বিচাৰিছিল। (কিন্তু বেলজিয়াম সেনাৰ এক বৃহৎ অংশ যুদ্ধত পৰাজিত হৈ এণ্টৱেৰ্পলৈ পিছুৱাই যাবলৈ বাধ্য হয়, তাতে সকলো আশা নিৰ্বাপিত হোৱাত তেওঁলোকে আত্মসমৰ্পণ কৰে। ) আঁচনি অনুসৰি জাৰ্মান আগ্ৰাসনৰ সোঁ-ফালৰ বাহিনীয়ে ফৰাচী সৈন্য অতিক্ৰমি আগুৱাই যাব (ফৰাচী সৈন্য ফ্ৰান্স-জাৰ্মান সীমান্তত কেন্দ্ৰীভূত আছিল, সেয়ে বেলজিয়ামৰ সীমাত ফৰাচী সেনাৰ বল তেনেই কম আছিল) আৰু দক্ষিণলৈ পেৰিছ অভিমুখে আগবাঢ়িব। প্ৰথমে জাৰ্মানসকল সফল হৈছিল, বিশেষকৈ সীমান্তৰ যুদ্ধত (১৪-২৪ আগষ্ট) (Battle of the Frontiers)। ১২ ছেপ্টেম্বৰত মাৰ্নেৰ প্ৰথম যুদ্ধত (৫-১২ ছেপ্টেম্বৰ) (First Battle of the Marne) ব্ৰিটিছ সেনাৰ সহযোগত ফ্ৰান্সে পেৰিছৰ পূৱত জাৰ্মান অগ্ৰগতি ৰোধ কৰি জাৰ্মান বাহিনীক ৫০ কি.মি. পিছুৱাই আহিবলৈ বাধ্য কৰে। এই যুদ্ধৰ শেষ দিনকেইটাতে পশ্চিমত কূট-নৈতিক যুদ্ধৰ (Maneuver warfare) অন্ত পেলায়।[10] দক্ষিণ এলছাচে অঞ্চলত ২০ আগষ্টত ফ্ৰান্সে চলোৱা 'মূলহাউছ যুদ্ধ'ত (Battle of Mulhouse) সীমিত সাফল্য লাভ কৰে। আনহাতে পূৱ-সীমাত ৰুছিয়াই দুটা বাহিনীৰে জাৰ্মানী আক্ৰমণ কৰে, এই আক্ৰমণে জাৰ্মান বিষয়াসকলক শলঠেকত পেলায়, কাৰণ ৰুছিয়াই ইমান সোনকালে যুদ্ধ আৰম্ভ কৰিব পাৰিব বুলি তেওঁলোকে আশা কৰা নাছিল। ফ্ৰান্স আক্ৰমণৰ বাবে সাজু কৰি ৰখা অষ্টম বাহিনীক জাৰ্মানীয়ে ৰেলযোগে পূৱ প্ৰুছিয়ালৈ প্ৰেৰণ কৰে। জেনেৰেল পল ভন হিণ্ডেনবাৰ্গৰ অধীনষ্ঠ এই বাহিনীয়ে এলানি যুদ্ধত ৰুছিয়াক পৰাজিত কৰে। এই লানিযুদ্ধক একেলগে টেনেনবাৰ্গৰ প্ৰথম যুদ্ধ (Battle of Tannenberg) (১৭ আগষ্ট - ২ ছেপ্টেম্বৰ) বুলি জনা যায়। কিন্তু ৰুছিয়াৰ এই অসফল আক্ৰমণৰ ফলত জাৰ্মান বাহিনী পূৱ ফালে প্ৰেৰণ কৰিবলৈ বাধ্য কৰাৰ ফলত মিত্ৰ-শক্তিয়ে কৌশলগত ভাৱে অতি-প্ৰয়োজনীয় মাৰ্নেৰ প্ৰথম যুদ্ধত জয়লাভ কৰিবলৈ সক্ষম হয়। কেন্দ্ৰীয় শক্তিয়ে ফ্ৰান্সৰ ওপৰত তাৎক্ষণিক বিজয় সাব্যস্ত কৰিব নোৱাৰিলে আৰু একেসময়তে দুই সীমান্তত যুদ্ধ আৰম্ভ কৰিবলৈ বাধ্য হ'ল। জাৰ্মান সেনাই ফ্ৰান্সৰ ভিতৰত সুবিধাজনক প্ৰতিৰক্ষা আস্থান গঢ়িবলৈ সক্ষম হৈছিল আৰু ২৩০,০০০-তকৈও বেছি ফ্ৰান্স আৰু ব্ৰিটিছ সেনাক যুদ্ধৰপৰা আঁতৰাই ৰাখিবলৈ সক্ষম হৈছিল। তৎসত্ত্বেও, যোগাযোগ ব্যৱস্থাৰ গাফিলতি আৰু কিছুমান প্ৰশ্নবোধক সিদ্ধান্তৰ বাবে জাৰ্মানীৰ তাৎক্ষণিক বিজয়ৰ আশা মষিমূৰ হ'ল।[35] এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চল![]() ১৯১৪ চনৰ ৩০ আগষ্টত নিউজিলেণ্ডে অধিকাৰ কৰে জাৰ্মান ছেম'ৱা (পাছলৈ পশ্চিম ছেম'ৱা)। ১১ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়ান নৌ আৰু সামৰিক অভিযান বাহিনী জাৰ্মান নিউ গিনিৰ নিউ পমেৰ্ন দ্বীপ-ত (পাছলৈ নিউ ব্ৰিটেইন) উপস্থিত হয়। ২৮ অক্টোবৰত পেনাঙৰ যুদ্ধত (Battle of Penang) যুদ্ধ জাহাজ এছ.এম.এছ এম্ডেনে ৰুছিয়াৰ জাহাজ ঝেমচুগ বুৰাই পেলায়। জাপানে জাৰ্মানীৰ অধীনষ্ঠ মাইক্ৰ'নেছিয়ান উপনিৱেশসমূহ অধিকাৰ কৰে,আৰু চিংটাও দখলৰ (Siege of Tsingtao) পাছত চীনৰ ছেনডং উপদ্বীপত অৱস্থিত জাৰ্মানীৰ কয়লা বন্দৰ কিংডাও (ঐতিহাসিক নাম চিংটাও) দখল কৰে। চিংটাও বন্দৰত থকা অষ্ট্ৰ'-হাংগেৰীৰ জাহাজ কেইজাৰিন এলিজাবেথ-ক আঁতৰাই নিবলৈ ভিয়েনাৰ চৰকাৰে অস্বীকাৰ কৰাৰ ফলশ্ৰুতিত জাপানে জাৰ্মান আৰু অষ্ট্ৰ'-হাংগেৰীৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰিছিল; চিংটাও প্ৰতিৰক্ষাৰ যুদ্ধত এই জাহাজখনেও অংশ লৈছিল, কিন্তু যুদ্ধত এই জাহাজখনৰ সলিল সমাধি হয়। (অনুগ্ৰহ কৰি চাওকঃ DONKO, Wilhelm M.: "A Brief History of the Austrian Navy” epubli GmbH, Berlin, 2012, page 79). কেইটামান মাহৰ ভিতৰতে মিত্ৰ শক্তিয়ে প্ৰশান্ত মহাসাগৰত অৱস্থিত জাৰ্মানীৰ বেছিভাগ উপনিৱেশেই দখল কৰিবলৈ সক্ষম হয়; কিছুমান বাণিজ্যিক বন্দৰ আৰু নিউ গিনিৰ কেইটামান অঞ্চলৰ বাহিৰে সকলো উপনিৱেশ মিত্ৰ শক্তিৰ হাতলৈ আহিছিল।[36][37] পশ্চিম সীমান্তখাৱৈ যুদ্ধৰ (Trench warfare) আৰম্ভণি (১৯১৪-১৯১৫)![]() প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগত বাবে বিশ্বযুদ্ধৰ আগৰ সামৰিক কৌশলে ফেৰ মাৰিব পৰা নাছিল। এই অগ্ৰগিতয়ে প্ৰতিৰক্ষা বিভাগত অতি-সক্ষম ব্যৱস্থা গঢ়ি তুলিছিল, যাক পুৰণি সামৰিক কৌশলে গোটেই যুদ্ধৰ সময়খিনিতেই ভেদ কৰিব পৰা নাছিল। কাঁইটীয়া তাঁৰৰ বেৰাই পদাতিক সেনাৰ অগ্ৰগতিত বাধা দিবলৈ সক্ষম হৈছিল। মেচিন গানৰ আৱিষ্কাৰৰ বাবে আগ্নেয়াস্ত্ৰসমূহো ১৮৮০ চনৰ তুলনাত বেছি সংহাৰী আছিল, যাৰ বাবে মুকলিত সেনা পাৰ হৈ যোৱাটো সম্ভৱ নাছিল।[38] জাৰ্মান সেনাই প্ৰথমে বহল ভাৱে 'বিষাক্ত গেছ'ৰ প্ৰয়োগ আৰম্ভ কৰিছিল। সোনকালেই মিত্ৰ পক্ষয়ো 'বিষাক্ত গেছ'ৰ প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে এই প্ৰয়োগে কোনো এখন যুদ্ধত নিৰ্ণায়ক ভূমিকা ল'ব পৰা নাছিল। কিন্তু বিষাক্ত গেছৰ প্ৰয়োগৰ গলত হোৱা ধীৰ আৰু ক্লেশ-ভৰা মৃত্যুৰ বাবে 'বিষাক্ত গেছ' প্ৰথম বিশ্বযুদ্ধৰ আটাইতকৈ ভয়লগা স্মৃতিত পৰিণত হ'ল।[39] কোনো পক্ষৰ সেনানায়কেই খাৱৈত (Trench) অৱস্থান কৰা সেনা-বাহিনীৰ বিৰূদ্ধে কম ক্ষতিৰে শত্ৰু সংহাৰ কৰাৰ কৌশল উলিয়াবলৈ সক্ষম নহ'ল। সময়ৰ লগে লগে নতুন প্ৰযুক্তিৰ আগমনে বিধ্বংসী অস্ত্ৰৰ সূচনা আৰম্ভ কৰিলে। টেংক এনে এবিধ নতুন অস্ত্ৰ।[40] মাৰ্নেৰ প্ৰথম যুদ্ধৰ (৫-১২ ছেপ্টেম্বৰ ১৯১৪) পাছত 'সন্মিলিত ত্ৰিশক্তি' আৰু জাৰ্মান বাহিনীয়ে শত্ৰু-সেনাৰ কাষেৰে গৈ (outflanking) আগবঢ়ৰ কৌশল অৱলম্বন কৰিবলৈ আৰম্ভ কৰে, যাক 'সাগৰলৈ দৌৰ' (Race to the Sea) বুলি অভিহিত কৰা হয়। ঈবাৰ ফলশ্ৰুতিত ব্ৰিটেইন আৰু ফ্ৰান্সৰ সেনাই ল'ৰেইনৰ পৰা বেলজিয়ামৰ উপকূললৈ ট্ৰেন্স খান্দি ৰৈ থকা জাৰ্মান সন্মুখীন হ'বলগীয়া হয়।[10] ব্ৰিটেইন আৰু ফ্ৰান্সৰ সেনাই আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল যদিও জাৰ্মান সেনাই দখলকৃত অঞ্চলৰ সফল প্ৰতিৰোধ কৰিছিল। দীঘলীয়া এই যুদ্ধৰ ফলত জাৰ্মান সেনাৰ খাৱৈসমূহ সুনিৰ্মিত আছিল। এংলো-ফ্ৰান্স খাৱৈসমূহ দুদিনীয়াকৈ ব্যৱহৃত হ'বলৈ সজা হৈছিল।[41] ![]() দুয়ো পক্ষই যুদ্ধত আহি পৰা এই স্থৱিৰ অৱস্থা শেষ কৰিবলৈ চেষ্টা কৰিছিল বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ জৰিয়তে। ১৯১৫ চনৰ ২২ এপ্ৰিলত 'য়েপ্ৰেছৰ দ্বিতীয় যুদ্ধ'ত 'হেগ সন্মিলনী' প্ৰত্যাখান কৰি প্ৰথম বাৰৰ বাবে পশ্চিম সীমান্ত 'ক্লৰিণ গেছ' অস্ত্ৰ হিচাপে প্ৰয়োগ কৰে। গেছৰ প্ৰভাৱত আলজেৰিয়াৰ বাহিনী পশ্চাদগমন কৰিবলৈ বাধ্য হয় আৰু মিত্ৰ শক্তিৰ সেনা-সীমাত ছয় কি.মি. দৈৰ্ঘৰ এটা গৰ্ত খোল খায়। জাৰ্মান বাহিনীয়ে এই খাল ব্যৱহাৰ কৰি 'কিচ্চেনছ ৱুড' নামৰ ঠাইখন দখল কৰে। কানাডাৰ সেনাই পাছতহে এই গৰ্তটো বন্ধ কৰিবলৈ সক্ষম হয়।[42] যুদ্ধত প্ৰথম বাৰৰ বাবে ব্ৰিটিছ সেনাই টেংক ব্যৱহাৰ কৰে 'ফ্লেৰ্চ-কৰ্চেলেটৰ যুদ্ধত' (Battle of Flers-Courcelette (এই যুদ্ধ বহল ছোমা-যুদ্ধৰ অংশ আছিল) ১৯১৬ চনৰ ১৫ ছেপ্টেম্বৰ তাৰিখে। অৱশ্যে ব্ৰিটিছ সেনাই আংশিক সফলতাহে লাভ কৰিছিল। ১৯১৭ চনৰ শেষৰফালে ফৰাচী সেনাই 'ৰেনল্ট এফ.টি' নামৰ ঘূৰ্ণায়মান বন্দুকৰ নলী ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। জাৰ্মান সেনাই মিত্ৰ শক্তিৰপৰা হস্তগত কৰা টেংক ব্যৱহাৰ কৰাৰ উপৰিও নিজাকৈ আৱিষ্কৃত টেংকো অল্প সংখ্যাত ব্যৱহাৰ কৰিছিল। খাৱৈ যুদ্ধৰ (Trench warfare) অগ্ৰগতি (১৯১৬-১৯১৭)পাছৰ দুটা বছৰলৈ কোনো এটা পক্ষই নিৰ্ণায়ক আঘাত হানিবলৈ সক্ষম হোৱা নাছিল। ব্ৰিটিছ আৰু ইয়াৰ অন্তৰ্গত দেশৰ প্ৰায় ১.১ - ১.২ নিযুত সেনা যিকোনো সময়ত পশ্চিম সীমান্তত অৱস্থিত আছিল।[43] এহেজাৰটা বাহিনীয়ে (battalions) উত্তৰ সাগৰৰপৰা অৰ্নে নদীলৈ বিভিন্ন অঞ্চল অধিগ্ৰহণ কৰি আছিল। তেওঁলোকে প্ৰত্যক্ষ যুদ্ধ নোহোৱালৈকে মাহজোৰা চাৰিদফীয়া আৱৰ্তন পদ্ধতি অৱলম্বন কৰিছিল। যুদ্ধ সীমান্তত ৯৬০০ কি.মি. বিস্তৃত খাৱৈ খন্দা হৈছিল। প্ৰতিটো বেটেলিয়নে এটা সপ্তাহ নিজৰ খাৱৈ ৰক্ষা কৰিছিল, পাছৰ এটা সপ্তাহ পিছুৱাই গৈ সহায়ক অৱস্থান লৈছিল, তাৰ পাছৰ এসপ্তাহ সংৰক্ষিত অংশত কটাই এসপ্তাহৰ বাবে সীমান্তৰপৰা আঁতৰি বেলজিয়ামৰ পপেৰিঞ্জ বা উত্তৰ ফ্ৰান্সৰ এমিয়েন্স-ত কটাইছিল। ![]() ![]() ![]() ১৯১৫ চনৰপৰা ১৯১৭ চনলৈ ব্ৰিটিছ আৰু ফৰাচী সেনাই অৱলম্বন কৰা কৌশলৰ বাবে তেওঁলোকৰ ক্ষতি জাৰ্মান সেনাতকৈ বেছি আছিল। কৌশলগত ভাৱে জাৰ্মান বাহিনীয়ে 'ভাৰ্ডুৰ যুদ্ধ'ৰ (Battle of Verdun) বাহিৰে এটাও বৃহৎ আক্ৰমণ কৰা নাছিল, আনহাতে মিত্ৰশক্তিয়ে জাৰ্মান সীমান্ত ভংগ কৰিবলৈ কেবাটাও বৃহৎ আক্ৰমণ সম্পন্ন কৰিছিল। ১৯১৬ চনৰ ১ জুলাই তাৰিখে ব্ৰিটিছ সেনাই ইয়াৰ আটাইতকৈ আটাইতকৈ ক্ষয়ংকাৰী যুদ্ধ 'ছ'মা যুদ্ধৰ প্ৰথম দিন' (en:first day on the Somme) ভাগ লয়। মুঠ ৫৭,৪৭০ জন হতাহতৰ ভিতৰত ১৯,২৪০ জন নিহত হৈছিল। যুদ্ধ আৰম্ভ হোৱাৰ প্ৰথম ঘণ্টাৰ ভিতৰতে সৰ্বাধিক হতাহত হৈছিল। 'ছ'মাৰ যুদ্ধ'ৰ সম্পূৰ্ণ কালত ব্ৰিটিছ সেনাই প্ৰাব আধা নিযুত সৈন্য হেৰুৱাবলগীয়া হয়।[44] ১৯১৬ চন ব্যাপী চলা 'ভাৰ্ডু যুদ্ধ'ত জাৰ্মান সেনাৰ দীঘলীয়া আক্ৰমণ,[45] আৰু 'ছ'মা যুদ্ধ'ত (১৯১৬ চনৰ জুলাই আৰু আগষ্ট মাহ) হৈ থকা নিৰন্তৰ ক্ষতিৰ বাবে ফৰাচী সেনা ভংগ হ'বলৈ আৰম্ভ কৰে। সন্মুখ যুদ্ধত কৰিবলৈ গৈ ব্ৰিটিছ আৰু ফৰাছি পদাতিক সেনা (poilu) বৃহৎ ক্ষতিৰ সন্মুখীন হয়, যাৰ বাবে ফৰাচী সেনাৰ মাজত বিদ্ৰোহৰ সূচনা হ'বলৈ আৰম্ভ কৰে, বিশেষকৈ 'নিভেল আক্ৰমণ (১৯১৭ চনৰ এপ্ৰিল আৰু মে মাহ)'-ৰ পাছত।[46] কৌশলগত ভাৱে জাৰ্মান সেনানায়ক 'এৰিক ল্যুডেনডৰ্ফ'ৰ 'অতল প্ৰতিৰোধ' (elastic defence) খাৱৈ-যুদ্ধৰ বাবে বিশেষ কাৰ্যকৰী আছিল। এই ব্যৱস্থাত সন্মুখ অংশ কম ক্ষমতাৰ প্ৰতিৰোধ বাহিনী ৰখা হৈছিল, কিন্তু গোলন্দাজ বাহিনীয়ে ঢুকি নোপৱা দূৰত্বত সাজু ৰখা হৈছিল শক্তিশালী সেনা, ইয়াৰপৰাই প্ৰয়োজন মতে তাৎক্ষণিক ভাৱে শক্তিশালী আক্ৰমণ কৰিব পৰা গৈছিল।[47][48] ১৯১৭ চনৰ যুদ্ধ সম্পৰ্কে ল্যুডেনডৰ্ফে লিখিছিল,
মেনিন ৰোড ৰিজ-ৰ যুদ্ধ সম্পৰ্কে ল্যুডেনডৰ্ফে লিখিছিল,
১৯১৭ চনত ব্ৰিটিছ সেনাৰ একমাত্ৰ উল্লেখযোগ্য সফলতা আছিল 'আৰাছৰ যুদ্ধ'ত (Battle of Arras) কানাডীয় সেন্যৰদ্বাৰা 'ভাইমি ৰিজ'ৰ দখল। ছাৰ আৰ্থাৰ কাৰী আৰু জুলিয়ান বিং-ৰ নেতৃত্বত দখল কৰা 'ভাইমি ৰিজ'ৰ বাবে প্ৰথম বাৰৰ বাবে আক্ৰমণকাৰী সেনাই আক্ৰমণ কৰি, খৰতকীয়াকৈ শক্তি সঞ্চয় কৰি কয়লাৰ খনি থকা ডয়ুই সমভূমি নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল।[50][51] নৌ যুদ্ধ![]() যুদ্ধৰ আৰম্ভণিতে, জাৰ্মান সাম্ৰাজ্যৰ মজলীয়া বিধৰ যুদ্ধ-জাহাজ (ক্ৰুইজাৰ) সমগ্ৰ পৃথিৱী জৰুই সিচৰতি হৈ আছিল। পাছলৈ এইবোৰ মিত্ৰশক্তিৰ ব্যৱসায়িক জাহাজ আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। আনহাতে ব্ৰিটিছ ৰাজকীয় নৌ-সেনা-ই এই জাহাজবোৰ শৃংখলাবদ্ধ ভাৱে বিচাৰি ধ্বংস কৰিছিল। অৱশ্যে মিত্ৰ-শক্তিৰ পৰিবহণ জাহাজৰ ধ্বংস সততে ৰক্ষা কৰিলৈ সক্ষম হোৱা নাছিল। উদাহৰণ স্বৰূপে, জাৰ্মানীৰ 'এছ.এম.এছ. এম্ডেন' (১৯০৮) নামৰ পূৱ-এছিয়া গোটৰ এখন অকলশৰীয়া ক্ৰুইজাৰ কিংডাও চহৰত অৱস্থান কৰি ১৫খন ব্যৱসায়িক জাহাজ ধ্বংস কৰাৰ উপৰিও এখন ৰাছিয়ান ক্ৰুইজাৰ, আৰু এখন ফৰাচী ক্ষুদ্ৰ যুদ্ধ-জাহাজ (ডেষ্ট্ৰ'য়াৰ) ধ্বংস কৰিবলৈ সক্ষম হয়। অৱশ্যে জাৰ্মানীৰ পূব-এছিয়া যুদ্ধ-জাহাজ গোটৰ বেছি ভাগ জাহাজক ব্যৱসায়িক জাহাজ আক্ৰমণৰ বাবে নিয়োগ কৰা হোৱা নাছিল, বৰং বেছিভাগ জাহাজকে জাৰ্মানীলৈ উভতিবলৈ নিৰ্দেশ দিয়া হৈছিল। ওভতনি পথতে ব্ৰিটিছ যুদ্ধ-জাহাজৰ লগত সংঘাত হয়। 'ক্ৰনেলৰ যুদ্ধ'ত জাৰ্মান যুদ্ধ-জাহাজে দুখন ব্ৰিটিছ ক্ৰুইজাৰ ডুবাবলৈ সক্ষম হয়, কিন্তু ১৯১৪ চনৰ 'ফকলেণ্ড দ্বীপমালাৰ যুদ্ধত' প্ৰায় সমূলাংশে ধ্বাস হয়। এই যুদ্ধৰপৰা মাত্ৰ 'ড্ৰেছডেন' নামৰ যুদ্ধ জাহাজ আৰু কেইখনমান সহায়ক জাহাজ সাৰি যায়। 'মাছ এ টিয়েৰা'ৰ যুদ্ধত এই কেইখন জাহাজো ধ্বংস হয়, আৰু কিছুমান জাহাজ ব্ৰিটিছৰ হাতলৈ আহে।[52] যুদ্ধ আৰম্ভ হোৱাৰ পাছতেই ব্ৰিটেইনে জাৰ্মানীৰ ওপৰত সাগৰীয় অৱৰোধ আৰম্ভ কৰে। এই কৌশল বেছ সফল বুলি প্ৰতিপন্ন হৈছিল। কাৰণ এই অৱৰোধে জাৰ্মানীলৈ সামৰিক আৰু অসামৰিক যোগান বন্ধ কৰিছিল, অৱশ্যে এই অৱৰোধে বিগত দুই শতিকা ধৰি গঢ়ি উঠা আন্তঃৰাষ্ট্ৰীয় আইন ভংগ কৰিছিল।[53] ব্ৰিটেইনে সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় সাগৰতে অৱৰোধ গঢ়ি তুলিছিল আৰু মহাসাগৰৰ কিছুমান অংশত আন জাহাজৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল। আনকি নিৰপেক্ষ জাহাজো এই নিষেধৰ বলি হৈছিল।[54] ব্ৰিটেইনৰ এই কৌশলৰ প্ৰতি বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নোহোৱা দেখি জাৰ্মানীয়ে অনুমান কৰিছিল যে তেওঁলোকৰ 'ছাবমেৰিন যুদ্ধ'ৰ প্ৰতিও আন্তঃৰাষ্ট্ৰীয় শক্তিসমূহে বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব।[55] ১৯১৬ চনৰ 'জুটলেণ্ডৰ যুদ্ধ' (ইং: Battle of Jutland, জাৰ্মানঃ Skagerrakschlacht, or "Battle of the Skagerrak") প্ৰথম বিশ্বযুদ্ধৰ বৃহত্তম নৌ-যুদ্ধ হিচাপে পৰিগণিত হয়। বিশাল যুদ্ধজাহাজৰ (Battleship)-ৰ যোগদানেৰে এই যুদ্ধ সমগ্ৰ ইতিহাসৰে বৃহত্তম নৌ-যুদ্ধ সমূহৰ এখন। এই বৃহৎ নৌ-যুদ্ধৰ কাল আছিলঃ ৩১ মে - ১ জুন, ১৯১৬; স্থানঃ জুটলেণ্ডৰ কাষৰীয়া উত্তৰ সাগৰ। জাৰ্মান কাইজাৰ নৌ-বিভাগৰ High Seas Fleet-এ, ভাইচ এড্মিৰেল ৰেইনাৰ্ড স্কীয়াৰ-ৰ নেতৃত্বত ইংৰাজ ৰাজকীয় নৌ-সেনাৰ Grand Fleet জাহাজ-বেষ্টনীক বৰ্গাকাৰে আগুৰি লয়। ইংৰাজ নৌ-সেনাৰ দলটোৰ নেতৃত্ব দিছিল এড্মিৰেল ছাৰ জন জেলিক'ৱে। জাৰ্মান নৌ-সেনাই ইংৰাজ জাহাজৰ প্ৰতাপত পলাই আহিবলৈ বাধ্য হ'লেও Grand Fleet-ক বাৰুকৈয়ে আঘাত হানিবলৈ সক্ষম হৈছিল, লগতে তেওঁলোকৰ ক্ষতিও তুলনামূলক ভাৱে কম আছিল। কৌশলগত ভাৱে অৱশ্যে ব্ৰিটিছৰ জয় হৈছিল, কাৰণ তেওঁলোকৰ সমুদ্ৰৰ ওপৰত দখল সাব্যস্ত কৰিবলৈ সক্ষম হয়, আৰু ইয়াৰ বাবেও জাৰ্মানীৰ বেছিভাগ জাহাজেই যুদ্ধৰ পাছৰ সময়খিনিত ঘাইকৈ বন্দৰসমূহতে আৱদ্ধ হৈ থাকিবলগীয়াত পৰিছিল।[56] ![]() জাৰ্মানীৰ ছাবমেৰিন 'ইউ-বোট'সমূহে (U-boat) উত্তৰ আমেৰিকা আৰু ব্ৰিটেইনৰ মাজত সৰবৰাহৰ পথ বন্ধ কৰাত লাগি আছিল।[57] ছাবমেৰিন যুদ্ধত শত্ৰুপক্ষই কোনো আগজাননী নোপোৱাকৈয়ে ছাবমেৰিন আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছিল। সেয়ে, আক্ৰমণৰ চিকাৰ হোৱা জাহাজৰ কৰ্মীৰ প্ৰাণ-ৰক্ষাৰ সম্ভাৱনা আছিল অতি কম।[57][58] আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ প্ৰতিবাদ কৰাত জাৰ্মানীয়ে ছাবমেৰিন যুদ্ধৰ কৌশল সলনি কৰে। ১৯১৫ চনত যাত্ৰবাহী জাহাজ 'লুছিটানিয়া' ((RMS Lusitania)) ডুবোৱাৰ পাছত জাৰ্মানীয়ে যাত্ৰীবাহী জাহাজক লক্ষ্য কৰি নোলোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে ব্ৰিটেইনে ইয়াৰ তেওঁলোকৰ ব্যৱসায়িক জাহাজসমূহত অস্ত্ৰ-সংলগ্ন কৰে আৰু এই জাহাজসমূহক 'ক্ৰুইজাৰ' জাহাজৰ সুৰক্ষা-বেষ্টনীৰ (Prize rules) পৰা আঁতৰাই আনে, এই ব্যৱস্থাত জাহাজৰ কৰ্মীক আগতীয়াকৈ 'এক সুৰক্ষিত স্থান'ত অৱস্থান কৰিব লাগিছিল।[59] ১৯১৭ চনৰ প্ৰথমাংশতে জাৰ্মানীয়ে 'অদমিত ছাবমেৰিন যুদ্ধ'ৰ কৌশল আৰম্ভ কৰে। কাৰণ তেওঁলোকে বুজিছিল অৱশেষত আমেৰিকায়ো যুদ্ধত অংশগ্ৰহণ কৰিব।[57][60] জাৰ্মানীয়ে মিত্ৰ-শক্তিৰ দখলত থকা সাগৰীয় পথসমূহ বন্ধ কৰিবলৈ বিচাৰিছিল, যাতে আমেৰিকাই সামৰিক পৰিবহণত অসুবিধা পায়। কিন্তু এই কামত জাৰ্মানীয়ে মাত্ৰ পাঁচখন দীৰ্ঘদূৰত্বৰ ইউ-বোট-হে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিল, যাৰ বাবে তেওঁলোকৰ কৌশল বিশেষ ফলপ্ৰসূ নহ'ল।[57] ১৯১৭ চনৰপৰা ইউ-বোটৰপৰা আশংকা কমি আহে, কাৰণ ব্যৱসায়িক জাহাজসমূহে এক সমদল হৈ যাত্ৰা কৰিবলৈ আৰম্ভ কৰে, আৰু সমদলক সুৰক্ষা দিয়া হয় ক্ষুদ্ৰ যুদ্ধাজাহাজেৰে (destroyer)। এই কৌশলৰ বাবে ইউ-বোটৰবাবে আক্ৰমণ কৰাটো কঠিন হৈ পৰে। পৰিণতিত ইউ-বোটৰপৰা হোৱা ক্ষতিৰ পৰিমাণ কমি আহে। ইয়াৰ পাছত হাইড্ৰ'ফোন আৰু পানীৰ তলৰ বোমা-ৰ প্ৰয়োগ হ'বলৈ আৰম্ভ হোৱাৰ লগে লগে যুদ্ধ-জাহাজৰপৰা ছাবমেৰিন আক্ৰমণ কৰি ধ্বংস কৰিব পৰাৰ সম্ভাৱনা বাঢ়ি আহে। অৱশ্যে সমদল পাতি যাবলগীয়া হোৱাৰ বাবে ব্যৱসায়িক জাহাজৰ গতি কমি আহিছিল। এই সমস্যাৰ সমাধানৰ বাবে নতুন মালবাহী জাহাজৰ নিৰ্মাণ আৰম্ভ কৰা হৈছিল। আনহাতে সেনা-পৰিবহণৰ বাবে নিয়োগ কৰা জাহাজৰ গতি আছিল ছাবমেৰিনতকৈ ক্ষিপ্ৰ। সেয়ে এনে জাহাজ ছাবমেৰিনৰ লক্ষ্য হোৱা নাছিল। সেনা-পৰিবহণৰ জাহাজসমূহে সমদল নপতাকৈয়ে অহা-যোৱা কৰিছিল।[61] জাৰ্মান ইউ-বোটে ৫০০০-তকৈও বেছি মিত্ৰ-শক্তিৰ জাহাজ ডুবাবলৈ সক্ষম হৈছিল, আনহাতে ছাবমেৰিন ধ্বংস হৈছিল ১৯৯ খন।[62] প্ৰথম বিশ্বযুদ্ধতে প্ৰথমবাৰৰ বাবে যুঁজাৰু বিমান উঠা-নমা কৰা জাহাজ (Aircraft Carrier) যুদ্ধত ব্যৱহাৰ হোৱা দেখা যায়। জুলাই ১৯১৮ চনত HMS Furious জাহাজৰপৰা দ্বি-পঙ্খীয় যুদ্ধ-বিমান Sopwith Camel উৰুৱাই টন্ডাৰ্ণ চহৰৰ 'জেপেলিন' পোতত সফল আক্ৰমণ চলোৱা হয়, লগতে ছাবমেৰিনৰ অহা-যোৱা পহৰা দিবলৈ 'সৰু নিয়ন্ত্ৰণহীন জেপেলিন-বিমান' (Blimp) আৰোহণ-অৱতৰণ কৰোৱা হয়।[63] দক্ষিণৰ ৰণাংগণবল্কান উপত্যকাত যুদ্ধ![]() ৰাছিয়াৰ লগত সন্মুখ সমৰ চলি থকাৰ বাবে অষ্ট্ৰ'-হাংগেৰীয়ে ইয়াৰ সৈনা-বলৰ এক তৃত্বীয়াংশহে ছাৰ্বিয়া আক্ৰমণলৈ প্ৰেৰণ কৰিব পাৰিছিল। বৃহৎ ক্ষতিৰ সন্মুখীন হোৱাৰ পাছত, অষ্ট্ৰিয়াই চাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰাড কেইদিনমানৰ বাবে দখল কৰিবলৈ সক্ষম হয়। ছাৰ্বিয়াই প্ৰতিআক্ৰমণ কৰা কলুবাৰাৰ যুদ্ধত ১৯১৪ চনৰ শেষলৈ ছাৰ্বিয়াই আক্ৰমণকাৰীসকলক সীমা পাৰ কৰিবলৈ বাধ্য কৰে। ১৯১৫ চনৰ প্ৰথম দহটা মাহত অষ্ট্ৰিয়া-হাংগেৰীয়ে তেওঁলোকৰ সংৰক্ষিত সেনাক বেছি ভাগকে ইটালিৰ বিৰূদ্ধে যুদ্ধত নিয়োগ কৰে। জাৰ্মান আৰু অষ্ট্ৰ'-হাংগেৰীয়ে ছাৰ্বিয়া আক্ৰমণত বুলগেৰিয়াক যোগ দিয়াবলৈ সক্ষম হৈ এক উল্লেখনীয়া কূটনৈতিক সফলতা লাভ কৰে। অষ্ট্ৰ'-হাংগেৰীৰ অন্তৰ্গত ৰাজ্য শ্ল'ভেনিয়া, ক্ৰ'ৱেছিয়া আৰু বছনিয়াই অষ্ট্ৰ'-হাংগেৰীক ছাৰ্বিয়া, ৰাছিয়া আৰু ইটালি আক্ৰমণ কৰাত সেনাৰ যোগান ধৰিছিল। মণ্টেনিগ্ৰ'ই ছাৰ্বিয়াৰ পক্ষত যোগ দিছিল।[65] ছাৰ্বিয়া কেন্দ্ৰীয় বাহিনীৰ অধীনলৈ আহিবলৈ এমাহতকৈ কেইদিনমান বেছি লাগিছিল। কেন্দ্ৰীয় বাহিনীত এইবাৰ বুলগেৰিয়াই ৬০০,০০০ সেনা যোগ দিছিল। ছাৰ্বিয়ান সেনাই একে সময়তে দুই সীমান্তত যুদ্ধ কৰিবলগীয়া হৈছিল, আৰু পৰাজয় নিশ্চিত দেখি পিছুৱাই আহি উত্তৰ আলবেনিয়া-ত আশ্ৰয় লৈছিল (যুদ্ধৰ আৰম্ভণিতে ছাৰ্বিয়াই আলবেনিয়া আক্ৰমণ কৰিছিল[সন্দেহজনক ])। ১৯১৫-ৰ কছ'ভ'ৰ যুদ্ধত ছাৰ্বিয়াই পৰাজয় স্বীকাৰ কৰে। ১৯১৬ চনৰ ৬-৭ জানুৱাৰী তাৰিখে আদ্ৰিয়াটিক উপকূলৰফালে পিছ হুহকি অহা ছাৰ্বিয়ানসকলক মণ্টে-নাইগ্ৰ'-য়ে সুৰক্ষা দিছিল। কিন্তু মণ্টে-নাইগ্ৰ' অষ্ট্ৰিয়াৰ হাতলৈ যায়। যুদ্ধত নিহত নোহোৱাকৈ থকা ৭০,০০০ ছাৰ্বিয়ান সেনাক জাহাজেৰে গ্ৰীচলৈ লৈ যোৱা হৈছিল।[66] ১৯১৫ চনৰ শেহৰফালে ফ্ৰান্স-ব্ৰিটিছ সেনাই গ্ৰীচৰ ছেল'নিকা নামৰ ঠাইত উপস্থিত হৈছিল। তেওঁলোকৰ উদ্দেশ্য আছিল কেন্দ্ৰীয় শক্তিৰ বিপক্ষে যুদ্ধ ঘোষণা কৰিবলৈ চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰা। কিন্তু মিত্ৰ শক্তিৰ দুৰ্ভাগ্য যে জাৰ্মানীৰ সমৰ্থক গ্ৰীচৰ ৰজা প্ৰথম কনষ্টানটিনে মিত্ৰ শক্তিৰ সমৰ্থক এলেফ্টহেৰ'ইছ ভেনিজেল'ছ-ৰ চৰকাৰখনক মিত্ৰ শক্তিৰ সেনা উপস্থিত হোৱাৰ আগতেই বৰ্খাস্ত কৰিছিল।[67] গ্ৰীচৰ ৰজা আৰু মিত্ৰ শক্তিৰ মাজৰ টনা-আঁজোৰাত দেশখনৰ জনতায়ো দুটা ভাগত বিভক্ত হৈ পৰিছিল, এভাগে ৰজাক সমৰ্থন কৰিছিল, আনটো ভাগে ভেনিজ'ল'ছৰ মিত্ৰ-শক্তিৰ সমৰ্থনৰ নীতি সমৰ্থন কৰিছিল। কূটনৈতিক বুজাপৰা আৰু এথেন্সত মিত্ৰ-শক্তি আৰু ৰাজকীয়া সেনাৰ এখন সৰু খণ্ডযুদ্ধৰ পাছত (ইয়াক নোৱেমভ্ৰায়ানা Noemvriana বুলি জনা যায়) গ্ৰীচৰ ৰজাই পদত্যাগ কৰে আৰু তেখেতৰ দ্বিতীয় পুত্ৰ আলেক্সেণ্ডাৰ ৰজাৰ পদত অধিষ্ঠিত হয়। ভেনিজ'ল'ছ এথেন্সলৈ উভতি আহে ২৯ মে ১৯১৭ তাৰিখে। ৰজা আৰু চৰকাৰে এইবাৰ উমৈহতীয়া সন্মতিত মিত্ৰ-শক্তিৰ লগত যোগ দিয়ে। সমগ্ৰ গ্ৰীক সেনাক ৰাওনা হ'বলৈ নিৰ্দেশ দিয়া হয়, আৰু গ্ৰীক সেনায়ো কেন্দ্ৰীয় শক্তিৰ সতে মিলি মেচিডনিয়া সীমান্তৰ যুদ্ধত অংশ লয়। ![]() পৰাজিত ছাৰ্বিয়াক দুটা খণ্ডত ভাগ কৰি অষ্ট্ৰ'-হাংগেৰী আৰু বুলগেৰিয়া-ই শাসন কৰিবলৈ আৰম্ভ কৰে। ১৯১৭ চনত ছাৰ্বিয়ানসকলে 'টপ্লিকা বিদ্ৰোহ'ৰ (টপ্লিকা ছাৰ্বিয়াৰ এখন নদীৰ নাম) সূচনা কৰে, আৰু কিছু সময়ৰ বাবে কোপাঅ'নিকা পৰ্বত আৰু দক্ষিণ ম'ৰাভা নদীৰ মাজৰ ভূখণ্ড মুক্ত কৰিবলৈ সক্ষম হয়। কিন্তু বুলগেৰিয়া আৰু অষ্ট্ৰিয় বাহিনীৰ যৌথ আক্ৰমণত এই বিদ্ৰোহ ১৯১৭ চনৰ মাৰ্চ মাহত মষিমূৰ হৈ পৰে। যুদ্ধৰ আৰম্ভণিতে মেচিডনীয় সীমান্ত প্ৰায় শান্ত হৈ আছিল। ফৰাচী আৰু ছাৰ্বিয়ান সেনাই বাইত'লা অধিগ্ৰহণ কৰি মেচিডনিয়াৰ কিছূ অংশ নিজৰ হাতলৈ নিবলৈ সক্ষম হৈছিল। ম'নাষ্টিৰ আক্ৰমণ (Monastir Offensive) নাম দিয়া এই যুদ্ধত ক্ষতি বহু হৈছিল যদিও সীমান্তলৈ শান্তি ঘূৰি আহিছিল। জাৰ্মানী আৰু অষ্ট্ৰ'-হাংগেৰীৰ সেনা ওভোতাই নিয়াৰ পাছত ছাৰ্বিয়ান আৰু ফৰাচী সেনাই কিছু সাফল্য লভিবলৈ আৰম্ভ কৰে। এই সাফল্যই পাছলৈ বুলগেৰিয়া আৰু অষ্ট্ৰ'-হাংগেৰীৰ পৰাজয়ত এটা মুখ্য ভূমিকা লৈছিল। অবিজিত হৈ থকা বুলগেৰিয়াই প্ৰথম পৰাজয়ৰ গ্লানি ভুগিবলগীয়া হয় ডব্ৰ' প'ল-ৰ যুদ্ধত (Battle of Dobro Pole), কিন্তু তাৰ কিছুদিনৰ পাছতে বুলগেৰিয়াই ডৈৰানৰ যুদ্ধত (Battle of Doiran) ব্ৰিটিছ আৰু গ্ৰীক সেনাৰ বিৰূদ্ধে এক বিশাল বিজয় সাবস্ত কৰি দখলমুক্ত হৈ থাকিবলৈ সক্ষম হয়। ছাৰ্বিয়ানৰ হাতত বুলগেৰিয়াৰ সীমান্তত পৰাজয়ৰ পাছত বুলগেৰিয়াই ২৯ ছেপ্টেম্বৰ ১৯১৮ তাৰিখে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়।[68] হিণ্ডেনবাৰ্গ আৰু ল্যুডেনডৰ্ফে পতিয়ন গৈছিল যে ৰণনীতি আৰু যুদ্ধৰ মোৰ ক্ৰমে কেন্দ্ৰীয় শক্তি-ৰ বিপৰীতে গৈছে, আৰু বুলগেৰিয়াৰ পতনৰ এদিন পাছতেই চৰকাৰী এক মিটিঙত তেওঁলোকে তৎকালীন শান্তি যুক্তিৰ বাবে জোৰ দিছিল।[69] মেচিডনীয়া সীমান্তৰ বাধা আঁতৰি যোৱাৰ পাছত বুডাপেষ্ট আৰু ভিয়েনা-ৰ পথ সুগম হৈ আহিছিল আৰু সেনা-নায়ক ফ্ৰচেট ডি'এছ্পেৰি-ৰ নেতৃত্বত ৬৭০,০০০ সেনাৰ এক বিশাল সেনা আক্ৰমণৰ বাবে সাজু হয়। আনহাতে বুলগেৰিয়াৰ আত্মসমৰ্পণৰ পাছত ২৭৮টা পদাতিক বাহিনী আৰু ১,৫০০ হিলৈৰ শক্তিৰে সুৰক্ষা দি থকা সীমান্ত মিত্ৰ শক্তিৰ বাবে মুকলি হৈ পৰে।[70] ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে জাৰ্মান সেনাধিনায়কে মাত্ৰ সাতটা পদাতিক বাহিনী আৰু এটা অশ্বাৰোহী বাহিনী প্ৰেৰণ কৰে। কিন্তু ইমান কম পৰিমাণৰ শক্তিৰে সীমান্তত সক্ষম প্ৰতিৰোধ গঢ়ি তোলাতো সম্ভৱ নাছিল।[70] অটোমান সাম্ৰাজ্যঅটোমান সাম্ৰাজ্য আৰু জাৰ্মানীৰ মাজত ১৯১৪ চনত গোপন 'অটোমান-জাৰ্মান চুক্তি' সম্পাদিত হৈছিল। অটোমান সাম্ৰাজ্যৰ কেন্দ্ৰীয় শক্তি-ৰ অংশ হৈ যুদ্ধত ভাগ লৈছিল।[71] অটোমান সাম্ৰাজ্যই ৰাছিয়াৰ ককেছাছ অঞ্চল আৰু ব্ৰিটেইনে ভাৰতৰ লগত যোগাযোগৰ বাবে ব্যৱহাৰ কৰা ছুৱেজ খালৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছিল। সেয়ে, ইংলেণ্ড আৰু ফ্ৰান্সে ১৯১৫ চনত সাগৰৰ সিপাৰে 'গেলিপলি অভিযান' (Gallipoli Campaign) আৰু 'মেছ'প'টেমিয়ান অভিযান' (Mesopotamian campaign) মুকলি কৰিছিল। গেলিপলি-ত অটোমান সেনাই ব্ৰিটিছ, ফৰাচী আৰু অষ্ট্ৰেলিয়া-নিউজিলেণ্ডৰ সেনাক পৰাভূত কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে মেছ'প'টেমিয়াত কুট দখল-ৰ যুঁজত ব্ৰিটিছ সেনাই বিশাল পৰাজয় লাভ কৰিও পুনৰ সংঘবদ্ধ হৈ ১৯১৭ চনৰ মাৰ্চ মাহত বাগদাদ দখল কৰে। ![]() ১৯১৫ আৰু ১৬-ৰ সময়ছোৱাত ছুৱেজ খাল-ৰ পশ্চিম দিশে মিত্ৰ শক্তিয়ে অটোমান আক্ৰমণ সফলতাৰে প্ৰতিহত কৰিছিল। ১৯১৬ চনৰ আগষ্ট মাহত জাৰ্মানী আৰু অটোমান সেনাৰ মিত্ৰ জোঁটক 'ৰোমানিৰ যুদ্ধ'ত (Battle of Romani) পৰাস্ত কৰিছিল অষ্ট্ৰেলিয়া-নিউজিলেণ্ড অশ্বাৰোহী বাহিনী আৰু ৫২-তম ল'লেণ্ড পদাতিক বাহিনীৰ একত্ৰিত পৰাক্ৰমে। এই বিজয়ৰ পাছতে ব্ৰিটিছ সাম্ৰাজ্যীয় ইজিপ্ট অভিযান সেনা-ই ছিনাই উপদ্বীপলৈ আগুৱাই যাবলৈ সক্ষম হয়, আৰু ডিচেম্বৰ মাহত হোৱা 'মাগধাবাৰ যুদ্ধ' (Battle of Magdhaba) আৰু 'ৰাফাৰ যুদ্ধ'-ত (Battle of Rafa) অটোমান বাহিনীক পৰাস্ত কৰি তেওঁলোকক ইজিপ্টীয় ছিনাই আৰু অটোমান পেলেষ্টাইন-ৰ সীমাৰ মাজত বান্ধি ৰাখিবলৈ সক্ষম হয়। ![]() ৰাছিয়ান সেনাই ককেছাছ অঞ্চলত বেছ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। অটোমান সেনাধিয়াক এনভাৰ পাশ্বা আছিল উচ্চাকাংক্ষী আৰু সমগ্ৰ মধ্য এছিয়াৰ লগত পূৰ্বতে ৰাছিয়াৰ হাতত হেৰুৱাবলগীয়া অংশ পুনৰ্দখল কৰাৰ সপোন দেখিছিল, কিন্তু সেনাধিনায়ক হিচাপে তেখেতৰ প্ৰদৰ্শন আছিল দুৰ্বল।[72] তেখেতে ১৯১৪ চনৰ ডিচেম্বৰ মাহত ১০০,০০০ সেনাৰে ককেছাছ অঞ্চলত ৰাছিয়ান বাহিনীৰ বিৰূদ্ধে যুদ্ধত লিপ্ত হয়। তেখেতে ৰাছিয়াৰ পৰ্বতীয় এই অঞ্চলত শীত কালি মুখা-মুখি যুদ্ধৰ নিৰ্দেশ দিছিল। তেখেতৰ এই নিৰ্দেশৰ বাবে 'ছেৰিকামিশ্বৰ যুদ্ধ'ত (Battle of Sarikamish) ৮৬% অটোমান সেনাই প্ৰাণ দিবলগীয়া হয়।[73] ১৯১৫-১৬-ৰ কালছোৱাত ৰাছিয়াৰ সেনানায়ক আছিল নিক'লাই য়ুডেনিচ্। তেখেতে কেবাটাও ক্ৰমিক বিজয়েৰে ককেছাছৰ দক্ষিণ অংশৰপৰা তুৰ্কী সেনাক খেদি পঠিয়ায়।[73] ১৯১৭ চনত ৰাছিয়াৰ গ্ৰেণ্ড ডিউক নিক'লাছে ককেছাছ সীমান্তৰ দায়িত্ব লয়। নিক'লাছে ৰাছিয়াৰ জৰ্জিয়াৰপৰা নকৈ দখলকৰা অঞ্চললৈ এক ৰেললাইন বহুওৱাৰ আঁচনি কৰে, যাতে নকৈ আক্ৰমণ কৰাৰ বাবে পৰিবহণৰ সূচল হয়। কিন্তু ১৯১৭ চনৰ মাৰ্চ মাহত ৰাছিয়াৰ জাৰে 'ফেব্ৰুৱাৰী বিপ্লৱ'ৰ (February Revolution) ফলশ্ৰুতিৰ অব্যাহতি লয়, আৰু ৰাছিয়ান ককেছাছ সেনা-বাহিনী ভংগ হৈ যায়। আনহাতে ব্ৰিটিছ প্ৰতিনিধিৰ উচতনিত আৰু সহায়ত 'আৰৱ বিপ্লৱ'ৰ (Arab Revolt) সূচনা হয় ১৯১৬ চনৰ জুন মাহত। ১৯১৬ চনৰ এই যুদ্ধক 'মক্কাৰ যুদ্ধ' নামেৰে জনা যায়, আৰু ইয়াৰ গুৰি ধৰিছিল মক্কাৰ ছেৰিফ হুছেইনে, আৰু ইয়াৰ পৰিণতিত অটোমান সাম্ৰাজ্যই ডামাস্কাছ অঞ্চলৰ দখল এৰি দিবলৈ বাধ্য হয়। মদিনাত থকা অটোমান সেনানায়ক ফাখ্ৰি পাশ্বাই আঢ়ৈ বছৰ কাল মদিনা দখলৰ বাবে হোৱা আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হয়।[74] ইটালীয় লিবিয়া আৰু ব্ৰিটিছ ইজিপ্টৰ সীমান্তৰ পৰ্বতীয়া ছেনুছি জাতিয়ে তুৰ্কীসকলৰ সমৰ্থন আৰু অস্ত্ৰ সহযোগত মিত্ৰ শক্তিৰ বিৰূদ্ধে এক গেৰিলা যুদ্ধ চলাই যায়। ব্ৰিটিছে ১২,০০০ সৈন্যৰ এক বাহিনী এই গেৰিলা যুদ্ধ দমন কৰিবৰ বাবে প্ৰেৰণ কৰে আৰু ১৯১৬ চনৰ মাজভাগত এই বিদ্ৰোহ মষিমূৰ কৰা হয়।[75]
অটোমানসকলৰ যুঁজত আহত-নিহত সেনাৰ সংখ্যা ৬৫০,০০০; সৰ্বমুঠ আহত-নিহত হোৱা অটোমানৰ সংখ্য ৭২৫,০০০ (৩২৫,০০০ জন নিহত, আৰু ৪০০,০০০ আহত)[76] তথ্য-সূত্ৰ
তথ্য-সমল
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia