ৰাধানাথ ফুকন
ৰাধানাথ ফুকন (ইংৰাজী: Radhanath Phukan) অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত, দাৰ্শনিক আৰু সাহিত্যিক। অসমৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰীধাৰী[1] লোক হোৱাৰ ওপৰিও, অসমীয়া ভাষাত দৰ্শন বিষয়ৰ মৌলিক গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত তেখেত আগৰণুৱা আছিল। তেখেতে ইংৰাজী আৰু হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল। ব্ৰিটিছৰ আমোলত ৰায়বাহাদুৰ খিতাপ লাভ কৰা ফুকন ডাঙৰীয়াই শিক্ষা আৰু কৰ্ম জীৱনত ব্যুৎপত্তিৰ পৰিচয় দিছিল। বিজ্ঞানৰ ছাত্ৰ হোৱা হেতুকে তেখেতৰ ৰচনাৱলীত ভাৰতীয় দৰ্শনৰ মূল তত্ত্ব বিলাকক আধুনিক বিজ্ঞানসন্মত দৃষ্টি ভংগীৰে বিশ্লেষণ কৰা দেখা পোৱা যায়।[2] বাল্যকাল আৰু শিক্ষা জীৱনৰাধানাথ ফুকন বাল্যকাল যোৰহাট আৰু শিৱসাগৰত অতিবাহিত হৈছিল। ১৮৮১ চনত তেখেতে শিৱসাগৰ গৱৰ্ণমেণ্ট ভাৰনেকুলাৰ স্কুলত নাম ভৰ্তি কৰে আৰু একে সময়তে দীননাথ বেজবৰুৱাৰ সংস্কৃত টোলতো শিক্ষাগ্ৰহণ আৰম্ভ কৰে। ১৮৮২ চনত তেখতে শিৱসাগৰ চৰকাৰী হাইস্কুলত নাম লগায়। ১৮৯১ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে কলিকতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা এফ এ আৰু বি এ ডিগ্ৰী লাভ কৰে। তাৰপাছত তেঁও প্ৰেচিডেন্সী কলেজৰ পৰাই পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৮৯৮ চনত তেখেতে কলিকতাৰ ৰিপন মহাবিদ্যলয়ৰ পৰা বি. এল. ডিগ্ৰীও লাভ কৰে। সমগ্ৰ শিক্ষা জীৱনতে তেঁও তীক্ষ্ণ বুদ্ধি আৰু পাৰদৰ্শিতাৰ পৰিচয় দিছিল। কৰ্ম জীৱনবি. এল ডিগ্ৰী লাভ কৰাৰ পাছত ফুকনে পোন প্ৰথমে যোৰহাটত ওকালতি কৰে। ১৯০৩ চনত তেওঁ প্ৰশাসনীয় সেৱাৰ বাবে নিৰ্বাচিত হয় আৰু গুৱাহাটীত ই. এ. চি. হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এই সময়তে ব্ৰিটিছ চৰকাৰে তেওঁক ৰায়বাহাদুৰ উপাধিও প্ৰদান কৰে। তেজপুৰ, হবিবগঞ্জ, চুমানগঞ্জ আদি বিভিন্ন ঠাইত কাৰ্যনিৰ্বাহ কৰি তেখেতে কেইবাটাও পদোন্নতি লাভ কৰে, প্ৰথমে জিলা ন্যয়াধীশ আৰু শেষত ছেছন জাজ হিচাপে তেখেতে চাকৰিৰ পৰা অৱসৰ লয়। অৱসৰ লোৱাৰ পাছতো তেখেতে পুনৰ ওকালতি আৰম্ভ কৰে। তদুপৰি তেখেতে বাহনি নামৰ এখন চাহবাগিছা ক্ৰয় কৰি ব্যৱসায়তো মনোনিবেশ কৰে। এই কালছোৱাত তেখেতে সমান্তৰাল ভাৱে সাহিত্য চৰ্চা ৰাখিছিল। ভাৰতীয় দৰ্শনৰ সৈতে পৰিচয়১৯২০ চনত ফুকনৰ দাৰ্শনিক আৰু কবি দুৰ্গেশ্বৰ শৰ্মাৰ লগত পৰিচয় হয়, আৰু তেখেতৰ সান্নিধ্যতে গীতাকে ধৰি আন আন ভাৰতীয় দৰ্শনৰ পুথি পঢ়া আৰম্ভ কৰে। ভাৰতীয় দৰ্শনে ফুকনৰ জীৱনত আমূল পৰিবৰ্তনৰ সূচনা কৰে আৰু পিছলৈ তেখেতে এই বিষয়টিৰ ওপৰত চৰ্চা আৰু কেইবাখনো পুথি ৰচনাৰে,দৰ্শনৰ এজন পণ্ডিত ৰূপে পৰিগণিত হয়। ভাৰতীয় দৰ্শনৰ বাদেও তেখেতে মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিৰাজিও গভীৰ ভাৱে অধ্যয়ন কৰে। অনুবাদ আৰু মৌলিক ৰচনাৰে তেখেতে ভাৰতীয় দৰ্শনৰ তত্ত্ববিলাক সাধাৰণ ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছিল। [2] সাহিত্যকৃতিফুকন ডাঙৰীয়াৰ সংস্কৃত ভাষাৰ ওপৰত বিশেষ ব্যুৎপত্তি আছিল, তেঁও নিজে সংস্কৃতত সাহিত্য চৰ্চা কৰা নাছিল যদিও, সংস্কৃতত থকা দৰ্শন শাস্ত্ৰসমূহ তেওঁ ইংৰাজী আৰু অসমীয়ালৈ অনুবাদ তথা বাখ্যা কৰিছিল। তেখেতৰ ৰচনাত কেইটামান বিশেষত্ব দেখা পোৱা যায়-
ৰচিত গ্ৰন্থ
সন্মান
তথ্য সংগ্ৰহবাহ্যিক সূত্ৰ |
Portal di Ensiklopedia Dunia