হৰিবৰ বিপ্ৰ
চতুৰ্দশ শতিকাৰ অসমীয়া কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ অন্যতম৷ তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল৷ এতিয়ালৈকে আৱিষ্কৃত হৰিহৰ বিপ্ৰৰ ভণিতা থকা পুথি তিনিখন হৈছে - বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ[1] জৈমিনীয়াশ্বমেধপৰ্বৰ পৰা লিখা "সুধন্বা-বধ" হৰিবৰ বিপ্ৰৰ ৰচনা বুলি নিশ্চিত নহয়।[2] আত্ম পৰিচয়'বব্ৰুবাহনৰ যুদ্ধ' (বব্ৰুবাহ পৰ্ব) কাব্যখনিৰ ভণিতাত তেওঁ নিজৰ আত্মপৰিচয় এনেদৰে দিছে : জয় জয় নৃপবৰ দুৰ্লভনাৰায়ণ ৰজা মাথোঁ হৰিবৰ বিপ্ৰই নহয়, হেম সৰস্বতী আৰু কবিৰত্ন সৰস্বতী আদিয়েও কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণ আৰু তেওঁৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ কথা লিখিছে। এই কথা অনুমান কৰিব পাৰি যে দুৰ্লভনাৰায়ণ বা ইন্দ্ৰনাৰায়ণ কোচ ৰজা বিশ্বসিংহৰ পূৰ্বৰ ৰজা। হৰিবৰ বিপ্ৰক মাধৱদেৱৰ অন্যতম শিষ্য বংশীগোপালদেৱৰ ককা বুলিও ৰমানন্দ দ্বিজে ক'ব বিচাৰে আৰু ড° মহেশ্বৰ নেওগেও এই কথাত হয়ভৰ দিছে।[3] সাহিত্যৰ ভাষাহৰিবৰ বিপ্ৰৰ ভাষা সমসাময়িক আন কবিতকৈ ঠায়ে ঠায়ে অৰ্বাচীন৷ কবিয়ে গৌৰীৰ চৰণ সেৱা কৰিলেও বিষ্ণুৰ প্ৰতিও সমানে ভক্তি প্ৰদৰ্শন কৰিছে আৰু বিষ্ণুক দেৱশ্ৰেষ্ঠ বুলি অনেক ঠাইত উল্লেখ কৰিছে৷[1] যদিও বিপ্ৰই জৈমিনিৰ লেখনিৰ ভাঙনিহে কৰিছে, তথাপি তেওঁৰ ৰচনাত নিজস্ব কল্পনা আৰু মৌলিকত্ব বহুখিনি চকুত পৰে। তেওঁৰ ভাষাৰ বিষয় ড° মহেশ্বৰ নেওগে লিখিছে- "হৰিবৰৰ ভাষা আৰু ৰচনাশৈলী সহজ আৰু সৰল। জতুৱা খণ্ডবাক্যৰ প্ৰয়োগত তেওঁক প্ৰাক্শংকৰী কবিসকলৰ ভিতৰত মাধৱ কন্দলিৰ পাছতে ধৰিব লাগিব। তেওঁ পদ, দুলড়ি আৰু ছবিছন্দ মাত্ৰ ব্যৱহাৰ কৰিছে আন প্ৰাক্শংকৰী কবিসকলৰ দৰেই। অকল প্ৰাক্শংকৰী কবি বুলিয়েই নহয়, ৰচনাৰ সাধাৰণ সৌষ্ঠৱৰ গুণতো হৰিবৰ বিপ্ৰ অসমীয়া সাহিত্যৰ এজন ডাঙৰ কবি।"[2] লগতে চাওকতথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia