উপেন কাকতি
উপেন কাকতি (ইংৰাজী: Upen Kakati) (১৯৪১ - ১৯৮০) এগৰাকী সংগীত শিল্পী, নাট্যকাৰ আৰু ঔপন্যাসিক। এইগৰাকী শিল্পীয়ে চাৰিখন অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছিল। দেৰগাঁও অঞ্চলত 'ফাচু' নামেৰ জনপ্ৰিয় এইগৰাকী শিল্পী পেছাত চিকিৎসক আছিল। সংগীতৰ কামৰ মাজতে তেখেতে পূৰ্ণাংগ আৰু একাংকিকা নাটক আৰু উপন্যাস ৰচনা কৰিছিল। ৩৮ বছৰ বয়সতে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰা এইগৰাকী শিল্পীয়ে সুৰ দিয়া কেবাটাও গান বৰ্তমানেও জনপ্ৰিয়। চমু জীৱনীউপেন কাকতিৰ জন্ম হয় গোলাঘাটৰ দেৰগাঁৱত ১৯৪২ চনত। তেখেতৰ পিতৃ আৰু মাতৃৰ নাম দুৰ্গানাথ কাকতি আৰু নলিনীপ্ৰভা কাকতি। দুৰ্গানাথ কাকতি দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৈছিল। কাকতিৰ জেষ্ঠ্য ভাতৃ খনীন্দ্ৰনাথ কাকতি আছিল নাট্যকাৰ আৰু অভিনেতা। মৃদুলা হাজৰিকা উপেন কাকতিৰ ভগ্নী। ১৯৫৮ চনত দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰপৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ উপেন কাকতিয়ে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নামভৰ্ত্তি কৰে আৰু তাৰেপৰা এই.এছচি. পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত তেখেতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞান পঢ়িবলৈ লয়। ১৯৬৭ চনত এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰি তেখেত চিকিৎসা সেৱাত ব্ৰতী হয়[1]। উপেন কাকতিৰ পত্নী অঞ্জলি কাকতি দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ-শিক্ষয়িত্ৰী আছিল। তেখেতসকলৰ একমাত্ৰ পুত্ৰ ডাঃ অভিজিৎ কাকতি এগৰাকী পশু চিকিৎসক, লগতে কংগো বাদক আৰু ঢুলীয়া। মাজুলীৰ জেংৰাইমুখলৈ চলচ্চিত্ৰৰ কামৰ বাবে যাওঁতে উপেন কাকতি মটৰ চাইকেল দুৰ্ঘটনাত পতিত হয়। চিকিৎসাৰ বাবে তেখেতক যোৰহাট অসামৰিক চিকিৎসালয়ত (বৰ্তমানৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়) ভৰ্তি কৰা হৈছিল। তাতেই ১৯৮০ চনৰ ১৪ ডিচেম্বৰত তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৩৮ বছৰ[2]। সাংস্কৃতিক জীৱনসংগীত জগততউপেন কাকতিৰ সাংস্কৃতিক জীৱনৰ মূল প্ৰেৰণা আছিল তেখেতৰ ঘৰখন। তেখেতে সংগীতৰ প্ৰাথমিক শিক্ষা পাইছিল মাক নলিনীপ্ৰভা কাকতিৰ পৰা। পাছৰ জীৱনত তেখেতে চিকিৎসক হিচাপে কৰ্মব্যস্ত হৈ থকাৰ মাজতে সংগীত, সাহিত্যিক কৰ্মৰাজি কৰি গৈছিল। ১৯৬২ চনত চীন-ভাৰত যুদ্ধৰ সময়ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ অৱস্থাতে উপেন কাকতিয়ে ৰচনা কৰা 'ই যে ৰণাঙ্গনৰ কাহিনী' গীতটি প্ৰচাৰ হৈছিল। ইয়াৰ লগে লগেই সংগীত শিল্পী হিচাপে তেখেতৰ খ্যাতি বিয়াপিবলৈ আৰম্ভ কৰে। এই গীতটো পাছত তেখেতৰ দ্বাৰা সংগীত পৰিচলিত 'বোৱাৰী' চলচ্চিত্ৰত সন্নিবিষ্ট কৰা হয়। বোলছবিত গীতটোত কণ্ঠদান কৰিছিল সমৰ হাজৰিকাই[1]। উপেন কাকতিয়ে সংগীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে তেখেতৰ ভাতৃ খনীন কাকতি ৰচিত 'চেনেহ লুইতৰ সুঁতি' নাটকখনৰ সংগীত পৰিচালনা কৰি। বোলছবিৰ সংগীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে 'ৰশ্মিৰেখা'ৰ যোগেদি। 'ৰশ্মিৰেখা'ৰ এটা গীত ৰচনা কৰিছিল নিৰ্মলপ্ৰভা বৰদলৈয়ে। ইয়াৰ বাহিৰে আন কেউটা গানৰে গীতিকাৰ আৰু সুৰকাৰ আছিল উপেন কাকতি। এই বোলছবিৰ 'মন ক্ষণে ক্ষণে বিনায়' গীতটোৰ কণ্ঠদান কৰিছিল ভূপেন হাজৰিকাই। ‘ৰশ্মিৰেখা’ৰ উপৰিও উপেন কাকতিয়ে সংগীত পৰিচালনা কৰা আন চাৰিখন অসমীয়া বোলছবি হৈছে ‘বিশেষ এৰাতি’, ‘প্ৰাণ-গঙ্গা’, ‘ফাগুনী’ আৰু ‘বোৱাৰী’। বোলছবি আৰু নাটকৰ বাহিৰেও উপেন কাকতিয়ে আন বহুতো গীত ৰচনা কৰি সুৰ দিছিল। সেইবোৰৰ আটাইখিনি বাণীবন্ধন হোৱা নাই। দেৰগাঁৱৰ আশে-পাশে বা অসমৰ বিভিন্ন ঠাইৰ কিছু সংখ্যক শিল্পীৰ মুখত সেইবোৰ গীতবোৰ জীয়াই আছে। বোলছবি পৰিচালনা১৯৭৯ চনত উপেন কাকতিয়ে ড॰ লক্ষ্মীনন্দন বৰাৰ গল্প 'বিশেষ এৰাতি'ক চলচ্চিত্ৰ ৰূপ দিছিল। ৰাইজৰ দান-বৰঙনিৰে এই ছবিখন নিৰ্মাণ কৰা হৈছিল। ছবিখনৰ পৰিচালনা আৰু সংগীত পৰিচালনা কৰিছিল উপেন কাকতিয়ে। মঞ্চ-জগততডাঃ কাকতিয়ে মঞ্চ-নাট ৰচনা কৰাৰ লগতে মঞ্চ-নাট পৰিচালনাও কৰিছিল। ‘সম্ভ্ৰান্ত অতিথি’, ‘মাটিৰ তলৰ ধন’ আৰু ‘মানৱ ৰক্ষী’(চুবেদাৰ ফুকন) তেখেতৰ ৰচিত পূৰ্ণাংগ নাটক। 'সম্ভ্ৰান্ত অতিথি' নাটকখন ১৯৬৯ চনত ড॰ ভূপেন হাজৰিকাৰদ্বাৰা সম্পাদিত ‘আমাৰ প্ৰতিনিধি’ আলোচনীত প্ৰকাশ হৈছিল। এই নাটকখন আছিল প্ৰহসনমূলক। তেখেতে ৰচনা কৰা একাংক নাটসমূহ হৈছে ‘সোণ নালাগে ৰূপ নালাগে’, ‘তেজ, মাটি আৰু মানুহ’, ‘ৰাজপথৰ সাধু’ আৰু ‘অমৃত যাত্ৰা’। ইয়াৰ ভিতৰত ‘তেজ, মাটি আৰু মানুহ’ আৰু ‘ৰাজপথৰ সাধু’ এই দুখন একাংক নাট ‘দেৰগাঁও ইউনাইটেড ষ্টেজ আৰ্টিষ্ট’ৰ শিল্পী সকলে এলাহাবাদত অনুষ্ঠিত ‘নিখিল ভাৰত চুটি নাটক প্ৰতিযোগিতা’ত পৰিবেশন কৰি সৰ্বভাৰতীয় ভিত্তিত দুবাৰকৈ পুৰস্কৃত হৈছিল। এই দুয়োখনৰে পৰিচালক আছিল উপেন কাকতি[1]। উপেন কাকতি অভিনেতা হিচাপেও মঞ্চজগতৰ লগত জড়িত আছিল। সম্ভৱত ১৯৬৯ চনৰ দুৰ্গাপূজাত দেৰগাঁও টাউন ক্লাব ভৱনত মঞ্চস্থ হোৱা বিশ্ববিখ্যাত নাট্যকাৰ ছেক্সপীয়েৰৰ নাটক ‘অথেল’’ত ডাঃ কাকতিয়ে নাম ভূমিকাত অভিনয় কৰিছিল। দেৰগাঁও টাউন চৰাই নামঘৰৰ ভাওনাত গাঁৱৰ ভাৱৰীয়া সকলৰ লগত তেৱোঁ ভাওনাত অভিনয় কৰিছিল। সাহিত্য জগততসংগীত আৰু নাটকৰ লগতে ডাঃ উপেন কাকতিয়ে উপন্যাসো লিখিবলৈ লৈছিল। উপেন কাকতিৰ প্ৰকাশিত উপন্যাস মুঠতে সাতখন। ‘মিঠা জেংৰাই’ উপন্যাসখন পুথি আকাৰে প্ৰকাশ পাইছিল। আনকেইখন ‘প্ৰাণ গংগাৰ পাৰ’, ‘পদুমৰে পানচৈ’, ‘দিল্লীঘাট’, ‘মন দুৰাচাৰ’, ‘সিপাৰে চিনাকি ঘাট’ আৰু ‘মাতৃ’ আলোচনীৰ পাতত প্ৰকাশ হৈছিল। ১৯৬৫ চনত ‘আমাৰ প্ৰতিনিধি’ত প্ৰকাশিত উপন্যাস ‘সিপাৰে চিনাকি ঘাট’ৰ পটভূমি আছিল মাজুলীৰ এখন বৈষ্ণৱ সত্ৰ আৰু বিশাল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ গ্ৰাম্য জীৱন। উপন্যাসৰ বিষয়বস্তু আধ্যাত্মিক ভাৱ চিন্তাৰে ভৰপূৰ। তেখেতৰ ‘মন দুৰাচাৰ’ উপন্যাসখন প্ৰকাশ পাইছিল ১৯৭১ চনত ‘আমাৰ প্ৰতিনিধি’ৰ পাততে। উপন্যাসৰ পটভূমি গোলাঘাটৰ দৈয়াং বনাঞ্চলৰ এখনি গাঁও। ঔপন্যাসিকৰ মূল লক্ষ্য মানুহৰ জটিল মানসিকতাৰ সূক্ষ্ম বিশ্লেষণ। ১৯৭৩ চনত ‘আমাৰ প্ৰতিনিধি’তে তেখেতৰ ‘মাতৃ’ উপন্যাস প্ৰকাশ পায়। অসমীয়া চলচ্চিত্ৰ জগতৰ ইতিহাস ৰচোতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ বোলছবিৰ নায়িকা আইদেউ সন্দিকৈ আছিল এই উপন্যাসৰ নায়িকা। এই উপন্যাস ৰচনাৰ কালছোৱাতে তেখেতে ‘মন ক্ষণে ক্ষণে বিনায়’ গীতটি ৰচনা কৰিছিল বুলি অনুমান কৰা হয়। তেখেতৰ আৰু এখন উপন্যাস ‘মৰম ইয়াতে শুইছে’ অসমাপ্ত হৈ ৰয়। কাকতি ৰচিত একমাত্ৰ গল্প সংকলনখন হৈছে ‘মন মেঘৰ অশ্ৰু’[1]। ডাঃ উপেন কাকতিয়ে তেখেতৰ উপন্যাস ‘মিঠা জেংৰাই’ৰ দ্বিতীয় সংস্কৰণ কৰাৰ কথা ভাবি সমল গোটাবলৈ মাজুলীৰ জেংৰাইমুখলৈ গৈছিল। এই যাত্ৰাতে দুৰ্ঘটনাগ্ৰস্ত হৈ তেখেতৰ মৃত্যু হয়। কৰ্ম-পঞ্জীসংগীত পৰিচালনা
ৰচিত নাটকপূৰ্ণাংগ নাটক
একাংকিকা নাটক
উপন্যাস
গল্প সংকলন
তথ্য সংগ্ৰহ
সহায়ক গ্ৰন্থপঞ্জী
|