বিশেষ এৰাতি
বিশেষ এৰাতি (ইংৰাজী: Bisesh Erati) ১৯৭৯ চনত মুক্তি পোৱা এখন অসমীয়া ভৌতিক চলচ্চিত্ৰ। ভৌতিক শৈলীৰ এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছিল বহু কেইখন অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালক তথা বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা উপেন কাকতি। সংগীত পৰিচালনাও উপেন কাকতিৰে।[1] মূল চৰিত্ৰত অভিনয় কৰিছে বিজু ফুকনে। লক্ষ্মীনন্দন বৰাৰ একে নামৰ গল্পৰ আধাৰত ছবিৰ চিত্ৰনাট্য ৰচনা কৰা হৈছিল। ছবিৰ উপযোগীকৈ বৰাই কাহিনীটো নতুনকৈ সজাই দিছিল।[2] উপেন কাকতিৰ উদ্যোগত বিশেষ এৰাতি ৰাইজৰ দান-বৰঙনিৰে নিৰ্মাণ কৰা হৈছিল। এই সংক্ৰান্তত লক্ষ্মীনন্দন বৰাই লিখিছে:[2]
সংগীতছবিৰ সংগীত পৰিচালনা, গীত ৰচনা আৰু সুৰ উপেন কাকতিৰ। কণ্ঠদান কৰিছে ভূপেন হাজৰিকা, কুল বৰুৱা, অনিমা ভট্টাচাৰ্য আৰু ৰীণা শৰ্মাই।[3]
তথ্য উৎস
বাহ্যিক সংযোগ
|