নাথান ব্ৰাউন
নাথান ব্ৰাউন (ইংৰাজী: Nathan Brown, ২২ জুন ১৮০৭ – ১ জানুৱাৰী ১৮৮৬) এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনেৰী, আমেৰিকাৰ দাসপ্ৰথা বিৰোধক, ভাষাতত্ত্ববিদ, ব্যাকৰণবিদ আৰু অনুবাদক আছিল।[1] তেখেতৰ কৰ্মক্ষেত্ৰ আছিল অসম আৰু জাপান। তেখেতে অসমীয়া ভাষা, অসমীয়া ব্যাকৰণ আৰু অসমীয়া লিপিৰ উন্নয়ন আৰু বিকাশৰ বাবে নেতৃস্থানীয় অৱদান দি গৈছে। ১৮৩৬ চনত অসমলৈ আহি পৰৱৰ্তী সময়ত শিৱসাগৰত অৱস্থান কৰি তেখেতে 'খ্ৰীষ্টৰ বিৱৰণ আৰু শুভ বাৰ্তা', খ্ৰীষ্টিয়ান প্ৰাৰ্থনা আদি গ্ৰন্থ প্ৰকাশ কৰিছিল। তেখেতে আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলৰ তৰফৰ পৰা ১৮৪৮ চনত 'Grammatical Notices of Assamese Language' বুলি প্ৰথম অসমীয়া ভাষাৰ ব্যাকৰণ পুথিখন লিখিছিল আৰু প্ৰকাশ কৰিছিল।[2] এইখন পুথিকে পৰৱৰ্তী ১৮৯৩ চনত পি.এইচ. ম’ৰে সামান্য সম্পাদনা কৰি পুনৰ প্ৰকাশ কৰে।[3] অসমীয়া প্ৰথম সংবাদ আলোচনী 'অৰুণোদই' প্ৰকাশত তেখেতে আগভাগ লৈছিল, আৰু কিছুদিন সম্পাদক হিচাপেও কাম কৰিছিল। ইয়াৰ উপৰিও তেখেতে শিৱসাৰৰ মিশ্যন প্ৰেছৰ পৰা বিভিন্ন অসমীয়া লিখকৰ কেইবাখনো মূল্যবান গ্ৰন্থ প্ৰকাশ কৰিছিল। তাৰে ভিতৰত কাশীনাথ দ্বিজ তামুলী ফুকনৰ ‘আসাম বুৰণ্জি পুথি’ (১৮৪৪), দুই খণ্ডত প্ৰকাশিত বকুল কায়স্থৰ 'Mathematics'(১৮৪৫), 'চুতিয়া বুৰঞ্জী'(১৮৫০) আদি অন্যতম। সেই সময়ত ভুল ধাৰণাৰ বশবৰ্তী হৈ ব্ৰিটিছ প্ৰশাসনে অসমীয়া ভাষাক বঙালী ভাষাৰ এক উপভাষা বুলি গণ্য কৰি বঙালীক চৰকাৰী ভাষা কৰি লৈছিল।[1] এই ধাৰণা দূৰ কৰাৰ ক্ষেত্ৰত ব্ৰাউনৰ কৰ্মৰাজিৰ ভূমিকা অসামান্য আছিল।[4] তেখেতৰ সহযোগী সকলৰ ভিতৰত এলিজা ব্ৰাউন, অলিভাৰ কট্টৰ, মাইলছ ব্ৰনছন, এ কে গাৰ্নি আদি অন্যতম। ব্ৰাউনে ১৮৫৫ চনত অসম এৰি পুনৰ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উভতি যায়৷[1] পৰিচয়তেখেতৰ জন্ম হয় আমেৰিকাৰ ইন্সউইচ্চ নগৰত, ১৮০৭ খ্ৰীষ্টাব্দৰ ২২ জুন তাৰিখে। ৯ বছৰ বয়সত তেওঁ খ্ৰীষ্ট ধৰ্মত নিউটন থিয়ল জিকেল ইন্সটিটিউটৰ পৰা শিক্ষা লৈ সেই খ্ৰী.ৰে. ১৫ আগষ্টত মিছনৰ কামত নিযুক্ত হৈ পত্নী এলিজা ব্ৰাউনকলৈ ব্ৰহ্মদেশ পায়হি। ১৮৩৩ৰ পৰা ১৮৩৫ লৈ দুবছৰ ব্ৰহ্মহ্মদেশৰ মৌলমেনত থকাৰ পিছত, অসমত মিছনৰ কামৰ বাবে ব্ৰহ্মদেশৰ মিছনে ব্ৰাওনক পঠিয়াই। লগত আহে ছপাশালৰ মুদ্ৰক তথা পত্নী অলিভাৰ টি. কট্টৰ।[1] তেওঁবিলাকে লগত এটা ছপাশাল লৈ কলিকতাইদি নাৱেৰে অসমলৈ আহে আৰু ১৮৩৬ খ্ৰী.ৰ ২৩ মাৰ্চত শদিয়া পায়হি।[3] সামাজিক অৱদাননাথান ব্ৰাওন আছিল এজন ভাষাতত্ত্ববিদ মিছনেৰি। তেওঁ নাৱেৰে আহি থাকোঁতেই ভোট ব্ৰহ্মভাষা ঠালৰ শ্যান ভাষা শিকি আহিছিল। কিন্তু শদিয়া পোৱাৰ পিছত তেওঁ দেখে যে সেই ভাষাৰে অসমত কাম নহ'ব আৰু ব্ৰহ্ম মিছনে আশা কৰাৰ দৰে শ্যানভাষা শিকি তেওঁবিলাক মধ্য এছিয়ালৈ সোমোৱাটোও অসম্ভৱ হ’ব, তদুপৰি সেই সময়ৰ জনজাতীয় মানুহবোৰে অসমীয়া ভাষাহে বুজি পায়, তেতিয়াই ব্ৰাওনে অসমীয়া ভাষা শিকাত নতুনকৈ মনোনিৱেশ কৰিলে আৰু পৰৱৰ্তী কালত তেওঁ আধুনিক অসমীয়া ভাষাৰ অন্যতম প্ৰতিষ্ঠাপক আৰু অন্যতম প্ৰধান বিশেষজ্ঞ স্বৰূপে প্ৰতিষ্ঠা লাভ কৰিলে। ১৮৩৭ চনৰ শেহলৈ তেওঁ অসমীয়াত ক'ব আৰু লিখিব পৰা হৈছিল। প্ৰকাশিত সাহিত্যৰাজি
তথ্য সংগ্ৰহ
বাহ্যিক সাংযোগ |