কলিয়াবৰ (ইংৰাজী: Kaliabor), অসমৰ নগাঁও জিলাৰ পূব দিশত অৱস্থিত অন্তৰ্ভুক্ত এখন মহকুমা। নগাঁও জিলাৰ পৰা ইয়াৰ দূৰত্ব ৪৮ কিলোমিটাৰ। উজনি আৰু নামনি অসমৰ মধ্যত ইয়াৰ অৱস্থিতি। উপক্ৰান্তীয় অঞ্চলটোৰ ৯৩০ - ৯৮০ পূব দ্ৰাঘিমাংশ ২৬০-২৭০ উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত। কলিয়াবৰৰ মাটিকালি প্ৰায় ৯৭,১১৮ হেক্টৰ।[1]
চাৰিসীমা
কলিয়াবৰৰ পূবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পশ্চিমে চামধৰা গড়, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে কাৰ্বি পাহাৰ অৱস্থিত।[1]
নামৰ উৎপত্তি
মধ্যযুগৰ বুৰঞ্জী সমূহত 'কলিয়াবৰ' আৰু 'কলীয়াবৰ'(কলীয়াবড়) - উল্লেখ থকা হোৱা দেখিবলৈ পোৱা যায়। ভূঞা বুৰঞ্জীত কলিয়াবৰক এজন মহা শিৱভক্ত কছাৰী ৰজাৰ ৰাজ্য বুলি উল্লেখ কৰিছে, যাৰ প্ৰাৰ্থনাত শিৱ এজোপা কলীয়া বৰগছ হৈ তেওঁৰ ৰাজ্যখনৰ মহিমা প্ৰকাশ কৰি, ঠাইখনি পৱিত্ৰ কৰিছিল।
কলিয়াবৰৰ চাৰিজন পুত্ৰৰ নামেৰেও কাজিৰঙা, চিকনি, বাগৰি, আৰু দ্'লাল -- এই চাৰিখন ঠাইৰ নামৰ সৃষ্টি হৈছে। কলিয়াবৰৰ পুত্ৰ দ্'লাল আৰু তেওঁৰ পুত্ৰ -- বৰভাগ্, সৰুভাগ, চতিয়াল আৰু ডিচিয়াল পৰাও ঠাইৰ নমকৰণ হৈছে। কালক্ৰমত কলিয়াবৰৰ নামটিয়েই পুত্ৰ-নাতিৰ পৰা সমগ্ৰ অঞ্চলটিত প্ৰধান্য লাভ কৰাত ঠাইখন তেওঁৰ নামেৰেই প্ৰখ্যত হৈ পৰিল বুলি সহযেই ধাৰণা কৰিব পাৰি। অন্যহাতে আকৌ মহাভক্ত সাধনালব্ধ আৰু তেওঁৰ নামেৰেই সৃষ্টি হোৱা ডাঙৰ বৰ গছজোপা (কলিয়া বা কলীয়া বৰগছ্)ৰ পৰাও ঠাইখনৰ নাম কলিয়াবৰ হৈছে বুলি ক'ব খোজে।[2]
"টু্ন্-ৰুং-ডাম্" - আহোম বা টাই ভাষাৰ কলিয়াবৰ নামটোৰ পৰিচয় থকা বুলি জনা যায়। আহোমসকলৰ ভাষাত টুন্ মানে কলীয়া বা ক’লা ডাৱৰ ৰুং মানে বৰ আৰু ডাম্ শব্দৰ অৰ্থ হ’ল গছ। অৰ্থাৎ কলীয়া বৰ গছেৰে ভৰি থকা ঠাই কলিয়াবৰ।[1]
ইতিহাস
আহোম ৰাজত্বকাল
কলিয়াবৰৰ জখলাবন্ধাৰ শ্ৰীশ্ৰীবাসুদেৱ থান; পিছত নৰসিংহ মূৰ্তি প্ৰতিষ্ঠা কৰা বাবে নৃসিংহ মন্দিৰ ৰূপেও জনাজাত
অলেখ প্ৰাচীন ঐতিহ্যৰে ভৰা কলিয়াবৰ আহোম ৰাজত্ব কালৰ এক উল্লেখ্যোগ্য ঠাই আছিল। ১৪৯৭ - ১৫৩৯ ত ৰাজত্ব কৰা স্বৰ্গদেউ ছুহুংমুং দিহিংগীয়া ৰজাৰ দিনত কলিয়াবৰ আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হোৱাৰ পূৰ্বে কছাৰী-জয়ন্তীয়া সল্কলৰ অধীনত আছিল। ১৫৩২ খ্ৰীষ্টাব্দত তুৰ্বকৰ আক্ৰমণত ব্ৰহ্মপুত্ৰ আৰু কলংমুখৰ ৰণত সেনাপতি ফ্ৰাচেংমুখৰ হাতত মুছলমান সেনা হায়াত খান বধ হোৱাৰ পাছত নাৰী বাহিনী লৈ তেওঁৰ পত্নী মূলাগাভৰুৱে কলিয়াবৰতে তুৰ্বকৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ ত্যাগ কৰিছিল। প্ৰতাপ সিংহৰ (১৬০৩-১৬৬১ খ্ৰীঃ) ৰাজত্বকালত তীব্ৰৰূপ ধাৰণ কৰা মুছলমান আক্ৰমণৰ পৰা ৰাজ্য ৰক্ষাৰ বাবে পৰিকল্পিতভাৱে কলিয়াবৰৰ পাহাৰ আঅৰু বিশাল ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি শ্যামলা গড়, মিছা কোঠ, দিজু কোঠ, চামধৰা গড়, ৰাঙলী গড়, শালনা পাহাৰৰ কোঠ, কেচু কাটিগড় আদি নিৰ্মাণ কৰাইছিল। আহোম স্বৰ্গদেউ চুখ্ৰাংফা বা ৰুদ্ৰ সিংহৰ দিনৰ পৰা ৰাজেশ্বৰ সিংহৰ দিনলৈ (১৭১৪ - ১৭৬৯খ্ৰীঃ) কলিয়াবৰ সাংস্কৃতিক বুৰঞ্জীত উল্লেখযোগ্য ৰেখাপাত কৰিছে। শিবসিংহই কলিয়াবৰত দৌল-দেৱালয়, মঠ-মন্দিৰ আদি স্থাপন কৰিছিল।[1]
ব্ৰিটিছ শাসন কাল
ব্ৰিটিছ শাসন কালৰ প্ৰায় ১৮৪০ চনৰ পৰাই কলিয়াবৰৰ স্বাস্থ্যসেৱা, চাহ বাগান, ৰেলসেৱা, ফেৰীসেৱা, আদিৰ উন্ন্তি হৈছিল। ব্ৰিটিছৰ দিনতেই শিলঘাটৰ পৰা চাপৰমুখলৈ ৰেলপথ নিৰ্মাণ কৰা হয়। ১৯২০ চনৰ ২০ মাৰ্চত মালবস্তু কঢ়িওৱা আৰু সেই বছৰতে আগষ্ট মাহত যাত্ৰী পৰিবহণৰ মিটাৰ গজ ৰেলসেৱা আৰম্ভ হৈছিল।[1]
ৰাজনীতি
কলিয়াবৰ. কলিয়াবৰ (লোক সভা সমষ্টি)ৰ এটা অংশ।[3]
প্ৰাচীন কীৰ্তিচিহ্নসমূহ
ৰামগোৱিন্দদেৱে ১৫৯৩ শকত প্ৰতিষ্ঠা কৰা কলিয়াবৰৰ ভলাগুৰি সত্ৰ। কাল সংহতিৰ এই সত্ৰৰ উপাস্য মূৰ্তি কলীয়া গোসাঁই
ব্ৰহ্মপুত্ৰৰ পাৰত হাতীমূৰা পাহাৰ স্থিত দুৰ্গা মন্দিৰ, কলিয়াবৰ।
- কামাখ্যা দেৱালয়, শিলঘাটত এই দেৱালয়খন অৱস্থিত।
- ভৰালী নামঘৰ, হাটবৰৰ পৰা কিছু নিলগত নামঘৰটো অৱস্থিত।
- হাতীমূৰাৰ দুৰ্গা মন্দিৰ।
- খাৰ বাৰুদৰ ঘৰ আৰু প্ৰাচীন বৰতোপ।
- জয়ন্তীপুৰৰ বৰমছজিদ।[1]
নগৰ আৰু বাণিজ্যিক কেন্দ্ৰ
জখলাবন্ধা হৈছে কলিয়াবৰৰ সৰ্ব্ববৃহ্ত্ বাণিজ্যিক কেন্দ্ৰ। আন বাণিজ্যিক কেন্দ্ৰসমূহ হৈছে কুঁৱৰীটোল, হাটবৰ, নলতলী,আমবাগান, আমনি, শালনা, মিছা আৰু কুঠৰী।
শৈক্ষিক প্ৰতিষ্ঠান
- কলিয়াবৰ মহাবিদ্যালয়।[4]
- কলিয়াবৰ কনিষ্ঠ মহাবিদ্যালয়
- কলিয়াবৰ শিক্ষা মহাবিদ্যালয়।[5]
- কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়
- পশ্চিম কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়
- কেন্দ্রীয় বিদ্যালয় মিছা ছাউনী
- মিছা উচ্চ মাধ্যমিক বিদ্যালয়
- হলি ফেইথ ইংলিছ স্কুল
- সন্দিপনী বিদ্যামন্দিৰ
- ডন বস্কো স্কুল, মিছা
- বৰভগীয়া উচ্চ মাধ্যমিক বিদ্যালয়
- মিছা ভূঞাপট্টী প্ৰাথমিক বিদ্যালয়
- মিছা শশীকান্ত বৰুৱা মধ্য ইংৰাজী বিদ্যালয়
- খালৈআটি প্ৰাথমিক বিদ্যালয়
- দিঘলীআটি প্ৰাথমিক বিদ্যালয়
- ৰহধলা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়
- ৰহধলা নেহেৰু মধ্য ইংৰাজী বিদ্যালয়
- আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ
- কস্তুৰবা আশ্ৰম নিম্ন বুনিয়াদী বিদ্যালয়
- কলিয়াবৰ আদৰ্শ জাতীয় বিদ্যালয়
- চৰ্দাৰ বল্লভভাই পেটেল মজলীয়া বিদ্যালয়
- শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়
- শংকৰদেৱ শিশু নিকেতন
- চেইন্ট ৰ'বাৰ্টচ্ হাই স্কুল
- হিন্দুস্তানী কেন্দ্রীয় বিদ্যালয়
- জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- বিমলা একাডেমী
- আয়ুস পাবলিক স্কুল
- কিড ভেদা কলিয়াবৰ
- মধ্য কলিয়াবৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়
- কলিয়াবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
- বেঙেনাআটি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়
- দলগাওঁ মধ্য ইংৰাজী বিদ্যালয়
- দলগাওঁ মোক্তাব বিদ্যালয়
- কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
- চিকনী বৰহলা উচ্চ মাধ্যমিক বিদ্যালয়
- পশ্চিম কলিয়াবৰ কনিষ্ঠ মহাবিদ্যালয়
বিখ্যাত লোকসকল
- আত্মাৰাম শৰ্মা, সাহিত্যিক, তেখেতে বাইবেলৰ অসমীয়া অনুবাদ ‘ধৰ্মপুস্তক’ ১৮১৩ চনত প্ৰকাশ কৰি উলিয়াইছিল।[6]
- মহিম বৰা, সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।[7]
- তিলক হাজৰিকা, সংবাদ মাধ্যমৰ লগত জড়িত তথা অসমীয়া ৰম্য সাহিত্য ৰচক। ১৯৯৬ চনত সাহিত্য অকাডেমিৰ অনুবাদ বঁটা বিজয়ী।[7]
- ৰঞ্জু হাজৰিকা, ঔপন্যাসিক।
- জীৱেশ্বৰ গোস্বামী, (১৯০৪ - ১৯৮২) "উষা পৰিণয়" নাটৰ ৰচক। এখেতক নৃত্যচাৰ্য উপাধিৰে বিভূষিত কৰা হৈছিল।
- গিৰিকান্ত মহন্ত, (১৯০৯-১৯৮০) "শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মযাত্ৰা নাট" (১৯৪৭) নামৰ এখন নাট ৰচনা তথা "সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্যৰ তাল (মধ্য অসম)" নামৰ গ্ৰন্থ ৰচনা কৰিছিল।
- লক্ষেশ্বৰ হাজৰিকা, (জন্ম- ১৯১৭), সাহিত্যিক।[7]
- বিদ্যাকান্ত হাজৰিকা, (জন্ম - ১৯২৬) ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষাবিদ, মুক্তিযোদ্ধা তথা সাহিত্যিক।[7]
- যতিন্দ্ৰ কুমাৰ বৰগোহাঞি =বিশিষ্ট সাহিত্যিক,সাংবাদিক ,সাহিত্য অকাডেমিৰ অনুবাদ বটা বিজয়ী ||
আলোকচিত্ৰ ভৰাল
কলিয়াবৰৰ শিলঘাটত অৱস্থিত অসমৰ দ্বিতীয়টো কামাখ্যা মন্দিৰ
কিম্বদন্তীমূলক কাহিনীৰ ভঁৰালী বৰুৱাই সৰু কুঁৱৰী কমলাক উৎসৰ্গা কৰা কলিয়াবৰৰ ভঁৰালী বৰুৱা পুখুৰী
কলিয়াবৰৰ শ্ৰীশ্ৰীচামগুৰি সত্ৰত সংৰক্ষিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এখন ভৰিৰ পাদুকা।
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই নিৰ্মাণ কৰা কলিয়াবৰৰ দাৰিগজিস্থ নামঘৰ।
সচিত্ৰ তন্ত্ৰসাৰ পুথি (দুলাল-মাধৱ, কলিয়াবৰ)
মাধ্যম আন্দোলনৰ শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ স্মৃতিত কলিয়াবৰৰ কুঁৱৰীটোলত স্থাপন কৰা শ্বহীদ স্মৃতি স্তম্ভ।
কলিয়াবৰ আৰু তেজপুৰক সংযোগ কৰা ব্ৰহ্মপুত্ৰৰ ওপৰৰ কলিয়াভোমোড়া দলং।
কলিয়াবৰৰ দীঘলী গাঁৱত উদ্ধাৰ হোৱা আহোম স্বৰ্গদেৱে প্ৰদান কৰা তাম্ৰফলি
লগতে চাওক
তথ্যসূত্ৰ
- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 অসমীয়া প্ৰতিদিন, প্ৰবন্ধ: ইতিহাস প্ৰসিদ্ধ কলিয়াবৰ, লেখক: কিশোৰী কুমাৰ ডেকা,প্ৰকাশ: ৫ ফেব্ৰুৱাৰী, ২০১২, পৃষ্ঠা নং ৪
- ↑ দাপোণত কলিয়াবৰ, পৃষ্ঠা নং ১৪, লেখক- লীলাধৰ বৰা, সম্পাদনা- উপেন্দ্ৰ বৰকটকী, প্ৰকাশক- শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ (কলিয়াবৰ জিলা শাখা)
- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.
- ↑ "কলিয়াবৰ মহাবিদ্যালয়ৰ ৱেবছাইট". Archived from the original on 2023-10-13. https://web.archive.org/web/20231013214727/http://www.kaliaborcollege.org/। আহৰণ কৰা হৈছে: 2012-03-02.
- ↑ কলিয়াবৰ শিক্ষন মহাবিদ্যালয়ৰ তথ্য
- ↑ অসমীয়া প্ৰতিদিনৰ শণিবৰীয়া এনাজৰী, লেখক: উপেন্দ্ৰ বৰকটকী, প্ৰবন্ধ: সাহিত্যৰ ক্ষেত্ৰত কলিয়াবৰ, প্ৰকাশ: ১৮ ফেব্ৰুৱাৰী, ২০১২, পৃষ্ঠা "গ" (৩)
- ↑ 7.0 7.1 7.2 7.3 অসমীয়া প্ৰতিদিনৰ শণিবৰীয়া এনাজৰী, লেখক: উপেন্দ্ৰ বৰকটকী, প্ৰবন্ধ: সাহিত্যৰ ক্ষেত্ৰত কলিয়াবৰ, প্ৰকাশ: ২৫ ফেব্ৰুৱাৰী, ২০১২, পৃষ্ঠা "খ" (২)
বাহ্যিক সংযোগ