পিতা-পুত্ৰ (গ্ৰন্থ)

পিতা-পুত্ৰ  
লেখক হোমেন বৰগোহাঞি
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় উপন্যাস
প্ৰকাৰ সামাজিক উপন্যাস

পিতা-পুত্ৰ হৈছে হোমেন বৰগোহাঞি ৰচিত এখন আত্মজীৱনীমূলক উপন্যাস। লেখকে তেওঁৰ বয়সৰ স্তৰে স্তৰে দেখা তেওঁৰ গাঁ‌ওখনৰ মানুহৰ জীৱন আৰু গাঁ‌ৱৰ সমাজখনৰ পৰিৱৰ্তনৰ ছবিখন উপন্যাসখনৰ জৰিয়তে দাঙি ধৰিছে। নীলাচল কাকতৰ সম্পাদক হৈ থকা সময়ত লেখকে উপন্যাসখনৰ লিখা কাম আৰম্ভ কৰে। ১৯৭০ চনত লিখিবলৈ আৰম্ভ কৰা উপন্যাসখন লেখকে ১৯৭৫ চনত লিখি শেষ কৰিছিল।[1]

লেখকৰ চমু পৰিচয়

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

বঁ‌টা/সন্মান

পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে হোমেন বৰগোহাঞিদেৱে ১৯৭৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

তথ্যসূত্ৰ

  1. হালৈ, মৃদুল (১৮ ফেব্ৰুৱাৰী,২০১৬). "সাক্ষাৎকাৰ". xahitya.org. http://www.xahitya.org/2016/02/18/homen_borgohain/। আহৰণ কৰা হৈছে: 29 May 2020. [সংযোগবিহীন উৎস]
  2. Sahitya Akademi Official website Archived 2008-05-13 at the Wayback Machine.
  3. "Homen Borgohain". Archived from the original on 2025-01-19. https://web.archive.org/web/20250119163805/https://indilens.com/?s=homen+borgohain!। আহৰণ কৰা হৈছে: 2021-05-14. 

বাহ্যিক সংযোগ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia