পিতা-পুত্ৰ (চলচ্চিত্ৰ)এই প্ৰবন্ধটো মুনীন বৰুৱা পৰিচালিত অসমীয়া চলচ্চিত্ৰখনৰ বিষয়ে। একে নামৰ উপন্যাসখনৰ বাবে পিতা-পুত্ৰ (গ্ৰন্থ) চাওক।
পিতা-পুত্ৰ (ইংৰাজী: Pita Putra) ১৯৮৮ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ৷ এইখন মুনীন বৰুৱাই এককভাবে পৰিচালনা কৰা প্ৰথম ছবি৷ সংগীত ভূপেন উজীৰৰ৷ মূল ভূমিকাত আছে বিজু ফুকন আৰু প্ৰাঞ্জল শইকীয়া৷ পিতা-পুত্ৰৰ আদৰ্শগত সংঘাটক কেন্দ্ৰ কৰি অমূল্য কাকতিয়ে ৰচনা কৰা অংকুৰ নামৰ গল্প এটাৰ আধাৰত ছবিখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে৷ এইখন এখন সংলাপপ্ৰধান চলচ্চিত্ৰ।[1] কাহিনীৰ সাৰাংশএজন আদৰ্শবান ব্যক্তি আছিল অভিনন্দন চলিহা। কিন্তু টকাৰ অভাৱত কিশোৰ পুত্ৰৰ মৃত্যু হোৱাৰ পিছত তেওঁ দূৰ্নীতিৰ পংকত নিমজ্জিত হৈ পৰিল। কম সময়ৰ ভিতৰতে তেওঁ এজন ধনী-মানী আৰু প্ৰভাৱশালী ব্যক্তিলৈ পৰিবৰ্তিত হৈ গ'ল। কিন্তু তেওঁৰ জীয়াই থকা আনজন পুত্ৰ মানৱক দেখা গ'ল আদৰ্শৱান অভিনন্দন চলিহাৰ প্ৰতিৰূপ হিচাপে। দূৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰামত জপিয়াই পৰিল মানৱ। এখন নিকা সমাজ গঢ়াৰ স্বাৰ্থত মানৱ আৰু তেওঁৰ বন্ধুহঁতে 'অংকুৰ' নামৰ বাতৰি কাকত প্ৰকাশ কৰি উলিয়ায়। তাতেই আৰম্ভ হ'ল পিতা-পুত্ৰৰ সংঘাট। এই সংঘাটেই চলচ্চিত্ৰখনৰ চালিকা শক্তি।[1] অভিনয় শিল্পী
গীত'পিতা-পুত্ৰ'ৰ সংগীত পৰিচালনা কৰিছিল ভূপেন উজীৰে। গীতিকাৰ আছিল হেমন্ত দত্ত৷ ছবিখনত মুঠ ছটা গীত আছে ৷[2]
তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia