হিন্দ স্বৰাজহিন্দ স্বৰাজ মহাত্মা গান্ধীৰ দ্বাৰা লিখিত এখন গ্ৰন্থ। এই গ্ৰন্থ ১৯০৯ত লিখা হৈছিল। তেওঁ এই গ্ৰন্থত নিজৰ স্বৰাজ, আধুনিক সভ্যতা আৰু যান্ত্ৰিকীকৰণৰ বিষয়ে মত দাঙি ধৰিছে।[1] পটভূমিগান্ধীয়ে এই গ্ৰন্থ নিজৰ মাতৃভাষা গুজৰাটীত লিখিছিল ১৩ নৱেম্বৰৰপৰা ২২ নৱেম্বৰলৈ এছএছ কিল্ডনান কেচেলত লণ্ডনৰপৰা দক্ষিণ আফ্ৰিকা যাত্ৰা কৰাৰ সময়ত। এই গ্ৰন্থত গান্ধীয়ে আধুনিক বিশ্বৰ সমস্যা, সেই সমস্যাসমূহৰ কাৰণ আৰু তেওঁৰ বিচাৰত সমাধানৰ বিষয়ে আলোচনা কৰিছে। কিতাপখনৰ গুজৰাটী সংস্কৰণ ব্ৰিটিছ প্ৰশাসনে নিষিদ্ধ ঘোষণা কৰিছিল। তাৰ পাছত গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ কৰা হ'ল। এই ইংৰাজী অনুবাদ নিষিদ্ধ কৰা নহ'ল কাৰণ প্ৰশাসনৰ মতে এই গ্ৰন্থই ব্ৰিটিছ বিচাৰধাৰা ইতিমধ্যেই গ্ৰহণ কৰা ইংৰাজী জনা ভাৰতীয়ৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ'ব। পাছলৈ এই গ্ৰন্থ ফৰাচী ভাষালৈও অনুবাদ কৰা হ'ল।[2] মুখ্য যুক্তিএই গ্ৰন্থ দুই চৰিত্ৰৰ কথোপকথন ৰূপে প্ৰকাশিত- পাঠক (সেই সময়ৰ গাঁৱলীয়া ভাৰতীয়) আৰু সম্পাদক (গান্ধী)। ভাৰতৰ স্বাধীনতাৰ বিষয়ে সেই সময়ত সাধাৰণতে প্ৰচলিত বিচাৰধাৰাসমূহৰ বিষয়ে এই গ্ৰন্থত আলোচনা কৰা হৈছে। চাৰি ধৰণৰ যুক্তি ব্যৱহাৰ কৰা হৈছে:
আলোচনাদ্য আৰ্য়ান পাথত হিন্দ স্বৰাজ সম্পৰ্কীয় লেখা ১৯৩৮ত প্ৰকাশ হ'ল।[3][4] ফ্ৰিড্ৰিখ চডি, ক্লড হাফটন, জি ডি এইচ ক'ল, চি ডেলিজল বাৰ্ণ্ছ, জন মিডলটন মাৰি, জে ডি বিয়েৰ্ছফ'ৰ্ড, হাফ ফচেট, জেৰাল্ড হাৰ্ড আদিয়ে বৰঙণি আগবঢ়াইছিল।[5][3] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia