খেড়া সত্যাগ্ৰহ
খেড়া সত্যাগ্ৰহ (ইংৰাজী: Kheda Satyagraha) ব্ৰিটিছ ঔপনিৱেশিক কালত ভাৰতৰ গুজৰাটৰ খেড়া জিলাত সংঘটিত হোৱা কৃষকৰ বিদ্ৰোহ আছিল। মোহনদাস কৰমচান্দ গান্ধীয়ে ১৯১৮ চনত এই সত্যাগ্ৰহ আন্দোলনৰ আয়োজন কৰিছিল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ ই অন্যতম উল্লেখযোগ্য বিদ্ৰোহ আছিল। চম্পাৰণ সত্যাগ্ৰহৰ পিছত এইটো দ্বিতীয় সত্যাগ্ৰহ আন্দোলন আছিল।[1] গান্ধীয়ে কৃষকসকলক সমৰ্থন কৰিবলৈ এই আন্দোলনৰ আয়োজন কৰিছিল।[2] নেতৃত্বগুজৰাটত মহাত্মা গান্ধী মুখ্যতঃ সংগ্ৰামৰ আধ্যাত্মিক মুৰব্বী আছিল। তেওঁক নতুনকৈ যোগদান কৰা সত্যাগ্ৰহী চৰ্দাৰ বল্লভভাই পেটেল আৰু অন্যান্য স্থানীয় অধিবক্তা যেনে ইন্দুলাল য়াগনিক, শংকৰলাল বেংকাৰ, মহাদেৱ দেশাই, নৰহৰি পাৰিখ, মোহনলাল পাণ্ডিয়া আৰু ৰবি শংকৰ ব্যাসে সহায় কৰিছিল। তেওঁলোকে গ্ৰাম্যঅঞ্চল ভ্ৰমণ কৰি গাওঁবাসীসকলক সংগঠিত কৰিছিল আৰু তেওঁলোকক ৰাজনৈতিক নেতৃত্ব আৰু নিৰ্দেশনা দিছিল।[3] আহমেদাবাদ আৰু বদোদৰা চহৰৰ পৰা বহুতে গুজৰাটীসকলক উত্তেজিত কৰি বিদ্ৰোহৰ আয়োজকসকলৰ সৈতে যোগদান কৰিছিল। কিন্তু গান্ধী আৰু পেটেলে আন প্ৰদেশৰ ভাৰতীয়সকলৰ জড়িত হোৱাৰ প্ৰতিৰোধ কৰিছিল। ইয়াক এক সম্পূৰ্ণ গুজৰাটী সংগ্ৰাম হিচাপে ৰাখিবলৈ বিচাৰিছিল। সংগ্ৰাম১৯১৮ চনত ব্ৰিটিছ কৰ্তৃপক্ষই খেড়া অঞ্চলৰ কৰ ২৩% বৃদ্ধি কৰিছিল। সেইসময়ত খেড়া অঞ্চল চাপ্পানিয়া দুৰ্ভিক্ষৰ লগতে কলেৰা আৰু প্লেগ মহামাৰীৰ কৱলত আছিল। চৰ্দাৰ পেটেল আৰু মহাত্মাৰ সভাৰ স্বত্বেও নাদিয়াদ সংগ্ৰাহকে কৰ প্ৰণালীৰ পৰা কোনো ধৰণৰ সাহায্য প্ৰত্যাখ্যান কৰিছিল।[4] ইয়াৰ প্ৰতিবাদত পেটেল আৰু তেওঁৰ সহকৰ্মীসকলে এক বৃহৎ কৰ বিদ্ৰোহৰ আয়োজন কৰিছিল আৰু খেড়াৰ সকলো বিভিন্ন জাতি আৰু জাতি সম্প্ৰদায়ে ইয়াত সমবেত হৈছিল। খেড়াৰ কৃষকসকলে দুৰ্ভিক্ষৰ পৰিপ্ৰেক্ষিতত সেই বছৰৰ কৰ বাতিল কৰিবলৈ আহ্বান জনাই এখন আবেদনত স্বাক্ষৰ কৰিছিল। কিন্তু বোম্বেৰ চৰকাৰে চাৰ্টাৰখন নাকচ কৰিছিল। তেওঁলোকে সতৰ্ক কৰি দিছিল যে যদি কৃষকসকলে পৰিশোধ নকৰে তেন্তে তেওঁলোকৰ ভূমি আৰু সম্পত্তি জব্দ কৰা হ'ব আৰু বহুতক গ্ৰেপ্তাৰ কৰা হ'ব। কৰ প্ৰণালীত কোনো পৰিবৰ্তন কৰা হোৱা নাছিল আৰু চৰকাৰৰ সংগ্ৰাহক আৰু পৰিদৰ্শকসকলে সম্পত্তি আৰু গৰু জব্দ কৰিবলৈ ঠগ প্ৰেৰণ কৰিছিল। আনহাতে আৰক্ষীয়ে মাটি আৰু সকলো কৃষিসম্পত্তি জব্দ কৰিছিল। কৃষকসকলে তেওঁলোকৰ গ্ৰেপ্তাৰৰ প্ৰতিৰোধ কৰা নাছিল বা হিংসাত নিয়োজিত বাহিনীৰ প্ৰতিশোধ লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে তেওঁলোকৰ নগদ ধন আৰু মূল্যৱান সামগ্ৰী গুজৰাট সভালৈ দান কৰিবলৈ ব্যৱহাৰ কৰিছিল যি আনুষ্ঠানিকভাৱে প্ৰতিবাদৰ আয়োজন কৰিছিল। অনুশাসন আৰু ঐক্যৰ ক্ষেত্ৰত এই বিদ্ৰোহ আশ্চৰ্যজনক আছিল। আনকি যেতিয়া কৃষকসকলৰ তেওঁলোকৰ সকলো ব্যক্তিগত সম্পত্তি, ভূমি আৰু জীৱিকা জব্দ কৰা হৈছিল, খেড়াৰ কৃষকসকলৰ এক বৃহৎ অংশ পেটেলৰ সমৰ্থনত দৃঢ়ভাৱে একত্ৰিত হৈ আছিল। অন্যান্য অংশত বিদ্ৰোহৰ প্ৰতি সহানুভূতিশীল গুজৰাটীসকলে চৰকাৰী কাৰ্যপ্ৰণালীক প্ৰতিৰোধ কৰিছিল আৰু প্ৰতিবাদকাৰী কৃষকসকলৰ আত্মীয় আৰু সম্পত্তিক আশ্ৰয় দিয়াত সহায় কৰিছিল। যিসকল ভাৰতীয়ই জব্দ কৰা ভূমি ক্ৰয় কৰিব বিচাৰিছিল তেওঁলোকক সমাজৰ পৰা বহিষ্কাৰ হৈছিল। যদিও সাৰদুল সিং কেভেশৰৰ দৰে জাতীয়তাবাদীসকলে আন অংশত সহানুভূতিশীল বিদ্ৰোহৰ আহ্বান জনাইছিল গান্ধী আৰু পেটেলে এই ধাৰণা দৃঢ়তাৰে প্ৰত্যাখ্যান কৰিছিল। ফলাফলব্ৰিটিছ চৰকাৰে অৱশেষত দুয়োপক্ষৰ মাজত চুক্তি কৰিবলৈ চেষ্টা কৰিছিল। সেইবছৰ আৰু পৰৱৰ্তীবছৰৰ বাবে কৰ স্থগিত কৰা আৰু কৰৰ হাৰ বৃদ্ধি হ্ৰাস নকৰাৰ লগতে সকলো জব্দ কৰা সম্পত্তি ঘূৰাই দিবলৈ ব্ৰিটিছ চৰকাৰ মান্তি হৈছিল। মানুহে জব্দ কৰা ভূমিবোৰ তেওঁলোকৰ সঠিক মালিকক ঘূৰাই দিয়াৰ বাবে সংহতিৰে কাম কৰিছিল। যিসকলে জব্দ কৰা মাটি ক্ৰয় কৰিছিল আচল গৰাকীলৈ ঘূৰাই দিবলৈ প্ৰভাৱিত কৰা হৈছিল। যদিও ব্ৰিটিছে আনুষ্ঠানিকভাৱে কৈছিল যে তেওঁলোকে ক্ৰেতাসকলৰ পক্ষত থিয় দিব।[5] তথ্য উৎস
লগতে পঢ়ক
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia