"একলা চলো ৰে" |
---|
-ৰ গীত |
---|
ভাষা |
বাংলা ভাষা |
---|
প্ৰকাশ পায় |
ছেপ্টেম্বৰ, ১৯০৫ |
---|
প্ৰকাৰ |
ৰবীন্দ্ৰ সংগীত |
---|
লেখক |
ৰবীন্দ্ৰনাথ ঠাকুৰ |
---|
সুৰকাৰ |
ৰবীন্দ্ৰনাথ ঠাকুৰ |
"একলা চলো ৰে" |
---|
![](//upload.wikimedia.org/wikipedia/commons/thumb/3/39/Rabindranath_Tagore_1905-1906_Sukumar_Ray.jpg/220px-Rabindranath_Tagore_1905-1906_Sukumar_Ray.jpg) প্ৰায় ১৯০৫ চনত একলা চলো ৰে গীতটো লিখাৰ সময়ত ৰবীন্দ্ৰনাথ |
ৰবীন্দ্ৰনাথ ঠাকুৰ[1]-ৰ একক |
---|
মুক্তি পায় |
১৯০৫ আৰু ১৯০৮ চনৰ মাজৰ এচোৱাত[1] |
---|
লেবেল |
এইচ. বসু স্বদেশী ৰেকৰ্ডছ[1] |
---|
লেখক |
ৰবীন্দ্ৰনাথ ঠাকুৰ |
---|
এলবামটো বৰ্তমান বিলুপ্ত |
যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো ৰে আক্ষৰিকভাবে- 'যদি কোনেও আপোনাৰ আহ্বানৰ প্ৰতি সঁহাৰি নিদিয়ে, তেন্তে অকলে আপোনাৰ নিজৰ পথলৈ আগুৱাই যাওক',[2] ১৯০৫ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা এটা বঙালী দেশপ্ৰেমমূলক গীত। এই গীতটোক সাধাৰণতে একলা চলো ৰে বুলি জনা যায়।[2] মূলতঃ "একা" শীৰ্ষকৰে এই গীতটো প্ৰথমবাৰৰ বাবে ১৯০৫ চনৰ ছেপ্টেম্বৰ মাহত ভাণ্ডাৰ আলোচনীখনৰ সংখ্যাত প্ৰকাশিত হৈছিল।[1] এই গীত 'হৰিনাম দিয়ে জগত মাতালে আমাৰ একলা নিতাই ৰে' ধাপকীৰ্তনৰ এটা জনপ্ৰিয় বঙালী কীৰ্তন গীত[1] বা মনোহৰশাহী ঘৰানাৰ[3] চৈতন্য মহাপ্ৰভুৰ শিষ্য নিত্যানন্দৰ প্ৰশংসা কৰি গোৱা গীতৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[1] একলা চলো ৰে ঠাকুৰৰ গীতিসংকলন গীতবিতানৰ "স্বদেশ" (হোমলেণ্ড) শাখাত অন্তৰ্ভুক্ত কৰা হৈছিল।[1][1]
এই গীতে শ্ৰোতাক আনৰ পৰা পৰিত্যাগ বা সমৰ্থনৰ অভাৱ স্বত্বেও তেওঁলোকৰ যাত্ৰা অব্যাহত ৰাখিবলৈ অনুৰোধ জনায়। গীতটি প্ৰায়ে ৰাজনৈতিক বা সামাজিক পৰিৱৰ্তন আন্দোলনৰ পৰিপ্ৰেক্ষিতত উদ্ধৃত কৰা হয়। এই গীতটোৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হোৱা মহাত্মা গান্ধীয়ে[4] ইয়াক তেওঁৰ প্ৰিয় গীতসমূহৰ এটা বুলি উল্লেখ কৰিছিল।[5]
গীতৰ কথা
অসমীয়া হৰফেৰে বাংলা ভাষাৰ গীতটি তলত উল্লেখ কৰা হ'ল:
যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে। একলা চলো একলা চলো একলা চলো একলা চলো রে॥ যদি কেউ কথা না কয়, ওরে ও অভাগা,
যদি সবাই থাকে মুখ ফিরায়ে সবাই করে ভয় তবে পরান খুলে ও তুই মুখ ফুটে তোর মনের কথা একলা বলো রে॥
যদি সবাই ফিরে যায়, ও রে ও অভাগা, যদি গহন পথে যাবার কালে কেউ ফিরে না চায় তবে পথের কাঁটা ও তুই রক্তমাখা চরণতলে একলা দলো রে॥
যদি আলো না ধরে, ওরে ও অভাগা, যদি ঝড়-বাদলে আঁধার রাতে দুয়ার দেয় ঘরে তবে বজ্ৰানলে আপন বুকের পাঁজর জ্বালিয়ে নিয়ে একলা জ্বলোরে॥
ৰবীন্দ্ৰনাথ ঠাকুৰে নিজে পৰিৱেশন কৰা বাংলা মূলৰ গদ্যত ইয়াত অনুবাদ কৰা হৈছে:
যদি আপোনাৰ মাতৰ প্ৰতি কোনোৱে সঁহাৰি দিয়া নাই - তেনেহ'লে একেবাৰে অকলে যাওক
যদি কোনেও (আপোনাৰ সৈতে) কথা নকয়, আপুনি দুৰ্ভাগ্যজনক বুলি নাভাবিব, যদি কোনেও (আপোনাৰ সৈতে) কথা নকয়,
যদি সকলোৱে আঁতৰি যায়, যদি সকলোৱে ভয় কৰে (ক'বলৈ), তেনেহ'লে কোনো দ্বিধা নকৰাকৈ মুকলি হৃদয়েৰে আপোনাৰ মনৰ কথা অকলে কওক
যদি সকলোৱে আঁতৰি যায়, হে দুৰ্ভাগ্যজনক, সকলোৱে আঁতৰি যায়
যদি কোনেও (আপোনাৰ) অপ্ৰত্যাশিত পথৰ ফালে ঘূৰি নাচায়, তেনেহ'লে কণ্টক বিন্ধা (পথৰ) ৰক্তসনা ভৰিৰে, অকলে খোজ কাঢ়ক
যদি কোনেও আপোনাৰ মাতৰ সহাঁৰি দিয়া নাই - তেন্তে অকলে খোজ কাঢ়ক
যদি কোনেও পোহৰ জ্বলাই নথয় (পথত), হে দুৰ্ভাগ্যজনক,
যদি আন্ধাৰ নিশাটোৱে দুৱাৰত বজ্ৰপাত আৰু ধুমুহা আনি দিয়ে - তেনেহ'লে বজ্ৰপাতৰে পথত জিলিকি বলৈ অকলে আপোনাৰ মাজত পোহৰ জ্বলাই দিব দিয়ক
যদি কোনেও আপোনাৰ মাতৰ সঁহাৰি জনোৱা নাই - তেন্তে অকলে খোজ কাঢ়ক
তথ্যসূত্ৰ
|
---|
| জীৱনৰ ঘটনাৱলী আৰু আন্দোলন | |
---|
| দৰ্শন | |
---|
| প্ৰকাশন | |
---|
| প্ৰভাৱিত হয় | |
---|
| সহযোগী | |
---|
| প্ৰবাদ | |
---|
| পৰিয়াল | |
---|
| প্ৰভাৱিত কৰে | |
---|
| স্মাৰক |
মূৰ্তি |
- ভাৰত
- দক্ষিণ আফ্ৰিকা
- ইংলেণ্ড
- আমেৰিকা
|
---|
| উদযাপন | |
---|
| অন্যান্য | |
---|
|
---|
| মিডিয়া | |
---|
|