হৰিলাল গান্ধী
হৰিলাল মোহনদাস গান্ধী (২৩ আগষ্ট ১৮৮৮ – ১৮ জুন ১৯৪৮) আছিল মোহনদাস কৰমচান্দ গান্ধী আৰু কস্তুৰবা গান্ধীৰ সৰ্বপ্ৰথম সন্তান।[1] তেওঁৰ তিনিজন ভায়েক আছিল- মণিলাল গান্ধী, ৰামদাস গান্ধী আৰু দেৱদাস গান্ধী। জীৱনৰ আগছোৱা১৮৮৮ চনৰ ২৩ আগষ্টত তেওঁৰ পিতৃ উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডলৈ যোৱাৰ ঠিক আগতে হৰিলালৰ জন্ম হৈছিল।[2] হৰিলাল তেওঁৰ মাতৃৰ সৈতে ভাৰততে থাকে। হৰিলাল ভাৰতৰ স্বাধীনতা আন্দোলনৰে জড়িত আছিল, ১৯০৮ চনৰ পৰা ১৯১১ চনৰ ভিতৰত ছয়বাৰ সত্যাগ্ৰহী হিচাপে কাৰাবাস খাটিছিল।[3] তেওঁক 'চোতে (লিটল) গান্ধী' বুলিও জনা গৈছিল।[3] তেৱোঁ উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডলৈ যাব বিচাৰিছিল, তেওঁৰ পিতৃৰ দৰে বেৰিষ্টৰ হোৱাৰ আশা আছিল। তেওঁৰ পিতৃয়ে অৱশ্যে দৃঢ়ভাৱে ইয়াৰ বিৰোধাচৰণ কৰিছিল, মহাত্মা গান্ধীয়ে বিশ্বাস কৰিছিল যে ভাৰতত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কৰা যুঁজত পশ্চিমীয়া শৈলীৰ শিক্ষা সহায়ক নহ'ব, যাৰ ফলত পিতৃ আৰু পুত্ৰৰ মাজত তীব্ৰ উত্তেজনা মূলক পৰিস্থিতিৰ সৃষ্টি হয়।[4] অৱশেষত তেওঁৰ পিতৃৰ সিদ্ধান্তৰ বিৰুদ্ধে বিৰক্ত হয়, আৰু ১৯১১ চনত হৰিলালে সকলো পাৰিবাৰিক সম্পৰ্ক পৰিহাৰ কৰে। ১৯০৬ চনত[5] তেওঁ গুলাব গান্ধীক বিয়া কৰাই, যাৰ সৈতে তেওঁৰ পাঁচটা সন্তান আছিল: দুই কন্যা, ৰাণী আৰু মনু; আৰু তিনিজন পুত্ৰ, কান্তিলাল, ৰসিকলাল আৰু শান্তিলাল। ৰসিকলাল আৰু শান্তিলালৰ কম বয়সতে মৃত্যু হয়। তেওঁৰ চাৰিটা নাতি (অনুশ্ৰয়া, প্ৰবোধ, নীলম সলানকী, আৰু নৱমল্লিকা) ৰাণীৰ মাধ্যমেৰে, কান্তিলালৰ মাধ্যমেৰে দুটা (শান্তি আৰু প্ৰদীপ) আৰু মনুৰ মাধ্যমেৰে এটা (উৰ্মি)। ১৯১৮ চনৰ ইনফ্লুৱেঞ্জা মহামাৰীত গুলাব গান্ধীৰ মৃত্যু হোৱাৰ পিছত, হৰিলাল তেওঁৰ সন্তানৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। তেওঁ তেওঁৰ মৃত পত্নীৰ ভনীয়েক কুমি আডালজাক বিয়া কৰাবলৈ মন কৰিছিল, যি শিশু কালতেই বিধৱা হৈছিল, কিন্তু এয়া সম্ভৱ হৈ উঠা নাছিল। ইয়াৰ ফলত হৰিলালৰ আৰু অৱনতি হয় আৰু তেওঁ ক্ৰমান্বয়ে মানসিক ভাৱে ভাঙি পৰে আৰু নিচাশক্ত হৈ পৰিছিল। হৰিলালৰ একেবাৰে ডাঙৰ গৰাকী সন্তান ৰাণীবেহেনৰ কন্যা নীলম পাৰিখে পৰৱৰ্তী সময়ত 'গান্ধীজীৰ হেৰুওৱা জুৱেল: হৰিলাল গান্ধী' শিৰোনাম দি তেওঁৰ জীৱনী লিখিছিল। ধৰ্মীয় ৰূপান্তৰ১৯৩৬ চনৰ মে মাহত, ৪৮ বছৰ বয়সত হৰিলালে ৰাজহুৱাভাৱে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু নিজকে আব্দুলা গান্ধী নামেৰে নামকৰণ কৰে।[6] কিন্তু পিছত ১৯৩৬ চনত তেওঁৰ মাতৃৰ অনুৰোধত তেওঁ আৰ্য সমাজৰ মাধ্যমেৰে হিন্দু লৈ ধৰ্মান্তৰিত হয় আৰু হীৰালাল নামেৰে নিজৰ পৰিচয় দিয়ে।[7] মহাত্মা গান্ধীৰ পত্ৰ১৯৩৫ চনৰ জুন মাহত মহাত্মা গান্ধীয়ে হৰিলালক "মদাহী আৰু লম্পট" বুলি অভিযোগ কৰি এখন চিঠি[8]লিখিছিল। চিঠিখনত,[9] মহাত্মা গান্ধীয়ে কৈছিল যে হৰিলালৰ সমস্যাবোৰ মোকাবিলা কৰাটো তেওঁৰ বাবে ভাৰতীয় গণতন্ত্ৰৰ বাবে হোৱা যুঁজতকৈয়ো অধিক কঠিন। ২০১৪ চনত মহাত্মা গান্ধীয়ে ১৯৩৫ চনত হৰিলাললৈ লিখা তিনিখন চিঠি নিলামৰ বাবে আগবঢ়োৱা হৈছিল।[10] এখন চিঠিৰ অনুবাদ(যিখন গুজৰাটী ভাষাত লিখা আছিল) মতে গান্ধীয়ে হৰিলালক তেওঁৰ নিজৰেই কন্যা মনু আৰু তেওঁৰ খুলশালীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ তুলিছিল।[11] তুষাৰ গান্ধী(মহাত্মা গান্ধীৰ ডাঙৰ নাতি)ৰ অভিযোগ মতে এই চিঠিৰ অনুবাদত দুৰ্বলতা আছে। তেওঁৰ মতে চিঠিখনৰ যিটো অভিধাক ইংৰাজীত rape শব্দটোৰে তৰ্জমা কৰা হৈছে, ই বাস্তৱত যৌন নিৰ্যাতনৰ অৰ্থ নুবুজাবও পাৰে।[11] মৃত্যুমহাত্মা গান্ধীৰ মৃত্যুৰ চাৰি মাহ পিছত ১৯৪৮ চনৰ ১৮ জুনৰ নিশা, ৫৯ বছৰ বয়সত মুম্বাইৰ এখন পৌৰ চিকিৎসালয়ত হৰিলালৰ যক্ষ্মা ৰোগত মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ প্ৰমাণপত্ৰ ভাকোলাৰ ব্ৰিহনমুম্বাই পৌৰ নিগমৰ আৰ্কাইভত সংৰক্ষণ কৰা হৈছে। হৰিলালৰ মৃত্যু প্ৰমাণপত্ৰত প্ৰকাশ পাইছে যে কামাথিপুৰাত অজ্ঞান হৈ পৰিথকাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।[12] হৰিলালে কৰ্মচাৰীসকলক প্ৰকাশ কৰা নাছিল যে তেওঁ গান্ধীৰ সন্তান, আৰু তেওঁৰ পৰিয়ালে কেৱল তেওঁৰ মৃত্যুৰ পিছতহে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিষয়ে জানিছিল।[13] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia