দ্য মেকিং অৱ দ্য মহাত্মা The Making of the Mahatma |
---|
চলচ্চিত্ৰখনৰ প'ষ্টাৰ |
পৰিচালক |
শ্যাম বেনেগাল |
---|
ৰচনা |
ফাতিমা মীৰ |
---|
অভিনয়ত |
ৰজীত কাপুৰ, পল্লৱী যোশী |
---|
চিত্ৰগ্ৰহণকাৰী |
অশোক মেহতা |
---|
সংগীত পৰিচালক |
বনৰাজ ভাটীয়া |
---|
মুক্তি |
১৯৯৬ |
---|
দৈৰ্ঘ্য |
১৪৪ মিনিট |
---|
ভাষা |
ইংৰাজী |
দ্য মেকিং অৱ দ্য মহাত্মা (ইংৰাজী: The Making of the Mahatma) হৈছে ১৯৯৬ চনত নিৰ্মিত এখন ইংৰাজী ভাষাৰ কথাছবি। শ্যাম বেনেগালে পৰিচালনা কৰা ছবিখন দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ যৌথ প্ৰযোজনাত নিৰ্মিত হৈছিল। ছবিখন মহাত্মা গান্ধীৰ প্ৰাৰম্ভিক জীৱনৰ ওপৰত আধাৰিত। দক্ষিণ আফ্ৰিকাত গান্ধীয়ে কটোৱা একৈশটা বছৰৰ ঘটনাৱলীক ছবিখনে সামৰি লৈছে। ছবিখন ফাটিমা মীৰ-এ লিখা দ্য এপ্ৰেনটিশ্বিপ অৱ এ মহাত্মা শীৰ্ষক গ্ৰন্থখনৰ আধাৰত নিৰ্মিত। উল্লেখযোগ্য যে, ফাটিমা মীৰে ছবিখনৰ চিত্ৰনাট্যও লিখিছে।[1]
সংক্ষিপ্ত কাহিনী
এগৰাকী প্ৰতিপত্তিশালী ভাৰতীয়ক আইনী যুঁজত সহায় কৰাৰ মানসেৰে ১৮৯৩ চনত মোহনদাস কৰমচান্দ গান্ধী দক্ষিণ আফ্ৰিকালৈ ৰাওনা হৈছিল। কামটো সমাপ্ত কৰি কেইমাহমানৰ ভিতৰতে তেওঁ দেশলৈ ঘূৰি অহা কথা আছিল যদিও দক্ষিণ আফ্ৰিকাত তেওঁ আন্দোলনত জড়িত হৈ পৰে। পৰিণতিস্বৰূপে তেওঁ সেই দেশখনত একৈশটা বছৰ কটাবলগীয়া হয়। দক্ষিণ আফ্ৰিকাৰ সেইসমূহ অভিজ্ঞতাৰ দ্বাৰা সমৃদ্ধ হৈ মহাত্মা গান্ধী ভাৰতলৈ উভতি আহে আৰু ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামখনত অগ্ৰণী ভূমিকা পালন কৰে।[2]
অভিনয়ত
- ৰজীত কাপুৰ, বেৰিষ্টাৰ মোহনদাস কৰমচান্দ গান্ধীৰ ৰূপত
- পল্লৱী যোশী, কস্তুৰবা গান্ধীৰ ৰূপত
- Paul Slabolepszy, জেচি মাটছৰ ৰূপত
- ছীন কেমেৰুণ মাইকেল,
- ছাৰ্লছ পিল্লাই, ৱাৰ্ডাৰ (কাৰাগাৰৰক্ষী)
- কিথ ষ্টিভেনছন
বঁটা
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
---|
| জীৱনৰ ঘটনাৱলী আৰু আন্দোলন | |
---|
| দৰ্শন | |
---|
| প্ৰকাশন | |
---|
| প্ৰভাৱিত হয় | |
---|
| সহযোগী | |
---|
| প্ৰবাদ | |
---|
| পৰিয়াল | |
---|
| প্ৰভাৱিত কৰে | |
---|
| স্মাৰক |
মূৰ্তি |
- ভাৰত
- দক্ষিণ আফ্ৰিকা
- ইংলেণ্ড
- আমেৰিকা
|
---|
| উদযাপন | |
---|
| অন্যান্য | |
---|
|
---|
| মিডিয়া | |
---|
|