সেৱাগ্ৰাম
সেৱাগ্ৰাম (অৰ্থ "এক সেৱাৰ নগৰ") হৈছে ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰৰ এখন নগৰ। ই আছিল ১৯৩৬ চনৰ পৰা ১৯৪৮ চনত মহাত্মা গান্ধীৰ মৃত্যুলৈকে তেওঁৰ আশ্ৰম আৰু বাসস্থান।[1] অৱলোকনসেৱাগ্ৰাম, পূৰ্বৰ ছেগাঁও, হৈছে ৱাৰ্ধাৰ পৰা প্ৰায় ৮ কিঃমিঃ দূৰত অৱস্থিত এখন সৰু গাওঁ। এইখন গান্ধীয়ে এনে দৰে স্থাপন কৰিছিল যে শেষত গাঁৱৰ উপ-প্ৰান্তত ই আশ্ৰম হৈ পৰিছিল।[2]গান্ধীৰ শিষ্য ৱাৰ্ধাৰ ছেথ জামনালাল বাজাজে আশ্ৰমৰ বাবে প্ৰায় ৩০০(১.২ কিঃমিঃ২) একৰ ভূমি উলিয়াই দিছিল।[3] আশ্ৰমৰ ওচৰত এটা সংগ্ৰাহলয় আছে য'ত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কৃতি সমূহ সংৰক্ষণ কৰা হয়। ইতিহাসযেতিয়া গান্ধীয়ে ১৯৩০ চনত সবৰমতী আশ্ৰমৰ পৰা নিমখ সত্যাগ্ৰহৰ বাবে আহমেদাবাদলৈ তেওঁৰ দণ্ডি যাত্ৰা আৰম্ভ কৰিছিল, তেতিয়া, ভাৰতে স্বাধীনতা লাভ নকৰালৈকে তেওঁ সবৰমতীলৈ ঘূৰি নাযাবলৈ সিদ্ধান্ত লৈছিল। গান্ধীয়ে দুবছৰৰ অধিক সময় কাৰাবাস খাটিবলগীয়া হৈছিল। মুক্তিৰ পিছত তেওঁ কিছুসময় ভাৰতভ্ৰমণ কৰি কটাইছিল। তেওঁ মধ্য ভাৰতৰ এখন গাওঁ, তেওঁৰ মুখ্য কাৰ্য্যালয় হিচাপে নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল।[4] তেওঁৰ অনুৰাগী আৰু উদ্যোগপতি জামনালাল বাজাজৰ আমন্ত্ৰণক্ৰমে তেওঁ ১৯৩৪ চনত ৱাৰ্ধালৈ আহিছিল, আৰু ৱাৰ্ধাৰ জামনালালৰ বঙলা(বাজাজৱাদী)ত[5] আৰু মহিলা আশ্ৰমৰ প্ৰাৰ্থনা মন্দিৰত কিছু সময়ৰ বাবে থাকিছিল।[6] ১৯৩৬ চনত গান্ধীজীয়ে ৱাৰ্ধাৰ উপ-প্ৰান্তৰ ছেগাঁও নামৰ এখন গাঁৱত তেওঁৰ বাসস্থান স্থাপন কৰে,[7]যিখনক তেওঁ সেৱাগ্ৰাম নাম দিয়ে যাৰ অৰ্থ 'সেৱাৰ গাঁও'। গান্ধী ৬৭ বছৰ বয়সত সেৱাগ্ৰামলৈ আহিছিল। গান্ধী আৰু কস্তুৰবা,আৰু তেওঁৰ অনুগামীসকলৰ বাবে আশ্ৰমত নিৰ্মাণ কৰা সৰু ঘৰবোৰ, সাধাৰণ গাঁৱৰ ঘৰবোৰৰ দৰে একে আছিল।[8]আশ্ৰমখনে জাতিগত বাধা ভাঙিবলৈ উমৈহতীয়া পাকঘৰত কিছুমান হৰিজন নিয়োগ কৰিছিল। বিনোৱা ভাবেৰ পৰম ধাম আশ্ৰম, ওচৰৰ ধাম নদীৰ পাৰত অৱস্থিত। গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয় আৰু আন্দোলনৰ ওপৰত বহুতো সিদ্ধান্ত সেৱাগ্ৰামত লোৱা হৈছিল। এই দেশৰ অন্তৰ্ভুক্ত শক্তিৰ সৈতে খাপ খোৱাকৈ গান্ধীজীয়ে সৃষ্টি কৰা দেশ নিৰ্মাণকাৰ্যৰ হেতু কেইখনমান প্ৰতিষ্ঠানৰ বাবে ই কেন্দ্ৰীয় স্থান হৈ পৰিছিল। সেৱাগ্ৰাম মহাৰাষ্ট্ৰৰ ৱাৰ্ধা নগৰৰ পৰা ৮ কিঃমিঃ আৰু নাগপুৰৰ পৰা ৭৫ কিঃমিঃ দূৰত্বত অৱস্থিত। বহু অসুবিধা হোৱা স্বত্বেও গান্ধীজীয়ে ইয়াত থাকিবলৈ সিদ্ধান্ত লৈছিল। যদিও তেওঁৰ পত্নী কস্তুৰবাৰ বাহিৰে কাকো তেওঁৰ সৈতে ৰখাৰ কোনো উদ্দেশ্য নাছিল, সেৱাগ্ৰাম আশ্ৰম সম্পূৰ্ণ প্ৰতিষ্ঠান নোহোৱালৈকে কামৰ চাপৰ বাবে তেওঁৰ সৈতে অধিক সহকৰ্মীৰ প্ৰয়োজন হৈছিল। সেৱাগ্ৰামত কোনো সুবিধা নাছিল, আনকি এটা পোষ্ট বা টেলিগ্ৰাফ কাৰ্য্যালয়ও নাছিল। ৱাৰ্ধাৰ পৰা চিঠিবোৰ আনিবলগীয়া হৈছিল। চেইণ্ট গজানন ৰাজৰাজৰ বাসভৱনৰ দ্বাৰা বিখ্যাত শেগাঁও নামৰ এই অঞ্চলৰে আন এখন গাওঁ আছিল। সেয়েহে, গান্ধীজীৰ চিঠিবোৰ প্ৰায়েই ভুল ঠিকনাত গৈছিল। সেয়েহে, ১৯৪০ চনত এই গাওঁখনৰ নাম সেৱাগ্ৰাম হিচাপে পুনৰ নামকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।[9] or 'the village of service'. পৰিবহণসেৱাগ্ৰাম ৰে'ল আৰু বাছৰ দ্বাৰা ভালদৰে সংযোজিত। সেৱাগ্ৰাম ৰে'লৱে ষ্টেচন মুখ্য গাঁৱৰ পৰা ৬ কিলোমিটাৰ। পূৰ্বতে ষ্টেচনটো ৱাৰ্ধা ইষ্ট ৰে'লৱে ষ্টেচন নামেৰে নামকৰণ কৰা হৈছিল। সেৱাগ্ৰাম হৈছে হাওৰা-নগাওঁ-মুম্বাই লাইনৰ এটা ষ্টেচন। লগতে উত্তৰৰ পৰা দক্ষিণ আৰু পূৱৰ পৰা পশ্চিমলৈ বেছিভাগ ট্ৰেইন এই পথৰ মাজেৰে পাৰ হৈ যায়। ওচৰৰ ৱাৰুড ষ্টেচনত কম ৰে'ল ৰয়। নিকটতম বিমানবন্দৰটো প্ৰায় ৫৫ কিঃমিঃ দূৰত নাগপুৰত অৱস্থিত। শিক্ষাসেৱাগ্ৰাম ভাৰতৰ প্ৰথম গ্ৰাম্য চিকিৎসা কলেজ, মহাত্মা গান্ধী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, আৰু এখন অভিযান্ত্ৰিক কলেজ, বাপুৰাও দেশমুখ কলেজ অফ ইঞ্জিনিয়াৰিঙৰ বাসস্থান, যিটো গ্ৰাম্য ট্ৰাষ্টৰ দ্বাৰাও চলোৱা হয়। তথ্যউৎস
|
Portal di Ensiklopedia Dunia