গান্ধী টুপীগান্ধী টুপী (হিন্দী: गांधी टोपी) হৈছে এক বগা ৰঙৰ টুপী বা চাইডকেপ। ইয়াৰ সন্মুখ আৰু পিছ অংশ ঠেক আৰু মাজ অংশ অলপ বহল। গান্ধী টুপী খাদীৰ পৰা তৈয়াৰ কৰা হয়। ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত প্ৰথমে ইয়াৰ ব্যৱহাৰ জনপ্ৰিয় কৰা ভাৰতীয় নেতা মহাত্মা গান্ধীৰ নামেৰে ইয়াৰ নামাকৰণ কৰা হৈছে। আৰম্ভণিতে গান্ধী টুপী সাধাৰণতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী সকলে পৰিধান কৰিছিল। পিছলৈ স্বাধীন ভাৰতত ইয়াক পিন্ধিবলৈ ৰাজনীতিবিদ আৰু ৰাজনৈতিক কৰ্মীসকলৰ বাবে এক প্ৰতীক ঐতিহ্যহৈ পৰিণত হৈছিল। উৎপত্তি১৯১৮-১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ত পোনপ্ৰথমবাৰৰ বাবে গান্ধী টুপী ব্যৱহাৰলৈ আহিছিল।[1] সেইসময়ত ই ভাৰতীয় জাতীয় কংগ্ৰেছৰ মানক পৰিধান আছিল। মহাত্মা গান্ধীয়ে ইয়াক জনপ্ৰিয়কৰণ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। ১৯২১ চনত ব্ৰিটিছ চৰকাৰে গান্ধী টুপী পৰিধানত নিষেধাজ্ঞা আৰোপ কৰিবলৈ চেষ্টা কৰিছিল। মহাত্মা গান্ধীয়ে নিজে কেৱল ১৯২০-২১ চনত এবছৰ বা দুবছৰৰ বাবেহে পিন্ধিছিল।[2][3] গান্ধীৰ নিজ হাতে যঁতৰত সূতা কাটি প্ৰস্তুত কৰা খাদীৰ পাৰম্পৰিক ভাৰতীয় পৰিধানসমূহ প্ৰতীক হিচাপে তেওঁৰ সাংস্কৃতিক গৌৰৱৰ বাৰ্তা বহন কৰিছিল। ইয়াৰ লগতে ইউৰোপত উৎপাদিত বিদেশী দ্ৰৱ্যৰ বৰ্জন আৰু স্বদেশী বস্তুৰ ব্যৱহাৰ, গ্ৰামাঞ্চলৰ জনসাধাৰণৰ আত্মনিৰ্ভৰশীলতা আৰু একতাৰ প্ৰতীক হিচাপেও খাদীকাপোৰ ব্যৱহৃত হৈছিল। গান্ধী টুপী গান্ধীজীৰ অনুগামীসকল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য সকলে পৰিধান কৰিবলৈ লৈছিল। পিছলৈ কোনো ব্যক্তিয়ে গান্ধী টুপী পৰিধান কৰিলে স্বাধীনতা সংগ্ৰামৰ লগত জড়িত বুলি গণ্য কৰা হৈছিল। দক্ষিণ আফ্ৰিকাৰ "নিগ্ৰো" হিচাপে শ্ৰেণীবিভাগ কৰা কাৰাবন্দী সকলে ১৯০৭ চনৰ ১৯১৪ খনলৈ জেলত থকা কালছোৱাত গান্ধী টুপীৰ দৰে এবিধ টুপী পিন্ধিছিল। গান্ধীজীৰ অন্তৰংগ বন্ধু হেনৰী পুলাকে কৈছে যে দক্ষিণ আফ্ৰিকাৰ জেলত "নিগ্ৰো" হিচাপে গান্ধীজী থাকিবলগীয়া হোৱাত তেৱোঁ সেই টুপী পন্ধিবলগীয়া হৈছিল। পিছলৈ এই টুপীৰ পৰায়ে গান্ধী টুপীৰ উৎপত্তি হৈছিল।[4] গান্ধীজীয়ে তেওঁ কাকা কালেলকাৰক লিখা এখন চিঠিত তেওঁৰ গান্ধী টুপী কাশ্মিৰী টুপীৰ আৰ্হিৰ বুলি উল্লেখ কৰিছে।[5] স্বাধীনোত্তৰ কালভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত প্ৰথম প্ৰজন্মৰ বেছিভাগ ৰাজনৈতিক নেতা স্বাধীনতা সংগ্ৰামী আছিল। ১৯৪৮ চনত গান্ধীজীৰ হত্যাৰ পিছত গান্ধী টুপীয়ে এক আৱেগিক গুৰুত্ব লাভ কৰে। সেইসময়ত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, আৰু তাৰ পিছত লাল বাহাদুৰ শাস্ত্ৰী আৰু মোৰাৰজী দেশাইয়ে গান্ধী টুপী পৰিধান কৰিছিল। বেছিভাগ সাংসদ সকলে খাদী কাপোৰ আৰু গান্ধী টুপী পিন্ধিবলৈ লৈছিল। ভাৰতৰ স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসত বহু সংখ্যক মানুহে এই টুপী পৰিধান কৰি আহিছে। জৱাহৰলাল নেহৰুয়ে সদায় মহাত্মা গান্ধীলৈ শ্ৰদ্ধা জনাই গান্ধী টুপী পৰিধান কৰিছিল। ১৯৬৪ চনত গান্ধী টুপী নিপিন্ধা নেহৰুৰ প্ৰতিকৃতি সম্বলিত মুদ্ৰাৰ বাবে চৰকাৰ সমালোচিত হৈছিল। পিছলৈ ১৯৮৯ চনত নেহৰুৰ জন্ম শতাব্দী উপলক্ষে প্ৰকাশিত মুদ্ৰাত গান্ধী পৰিহিত জৱাহৰলাল নেহৰুৰ প্ৰতিকৃতি অন্তৰ্ভুক্ত কৰা হৈছিল। পিছলৈ ক্ৰমে গান্ধী টুপীয়ে ৰাজনৈতিক গুৰুত্ব হেৰুৱাই পেলাইছিল। কিন্তু কংগ্ৰেছ দলৰ কৰ্মকৰ্তা সকলে বৰ্তমানেও এই টুপী পিন্ধি পৰম্পৰা ধৰি ৰাখিব চেষ্টা চলাইছে। পাশ্চাত্য সাজ-পাৰৰ গ্ৰহণযোগ্যতা বৃদ্ধি পোৱাৰ বাবে খাদী কাপোৰেও ৰাজনৈতিক গুৰুত্ব হেৰুৱাইছে। গান্ধী টুপী মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলৰ পুৰুষে মূৰত পিন্ধা অন্যতম মুখ সাজ। দৈনন্দিন কাম-কাজত মহাৰাষ্ট্ৰৰ পুৰুষে গান্ধী টুপী পৰিধান কৰে।[6] ১৯৬৩ চনত মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ বিখ্যাত ভাষণ "আই হেভ এ ড্ৰিম"ৰ সময়ত তেওঁৰ পিছফালে বহুতো মানুহক গান্ধী টুপী পিন্ধা দেখা গৈছিল।[7] পুনৰুত্থান২০১১ চনত বিখ্যাত গান্ধীবাদী নেতা আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ জৰিয়তে গান্ধী টুপীয়ে পুনৰ জনপ্ৰিয়তা লাভ কৰে। এই আন্দোলনৰ অভিকেন্দ্ৰ আছিল দিল্লী। ২০১১ চনৰ আগষ্ট মাহত বহু দূৰ-দূৰণিৰ পৰা হাজাৰ হাজাৰ মানুহ গান্ধী টুপী পৰিধান কৰি দিল্লীৰ ৰামলীলা ময়দানত আন্না হাজাৰেৰ অমৰণ অনশনৰ প্ৰতি সমৰ্থন জনাই গোট খাইছিল। নিমিষতে এই আন্দোলন গোটেই ভাৰততে বিয়পি পৰে। ২০১৪ চনৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ কৰ্মকৰ্তা সকলে 'আম আদমী পাৰ্টি' লিখিত গান্ধী টুপী পৰিধান কৰিছিল।[8][9] ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক সকলে একেই গেৰুৱা ৰঙৰ টুপী পিন্ধিছিল।[10] তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia