পদযাত্ৰাপদযাত্ৰা (সংস্কৃত: पादयात्रा) হৈছে ৰাজনীতিবিদ আৰু প্ৰখ্যাত নাগৰিকৰ উদ্যোগত পৰিচালিত হোৱা এটা যাত্ৰা, যাৰ জৰিয়তে সমাজৰ বিভিন্ন অংশত বাস কৰা লোকসকলৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিব পাৰি৷ পদযাত্ৰাৰ জৰিয়তে নাগৰিকক সমস্যা একোটাৰ সম্বন্ধে বিস্তৃত ৰূপত জ্ঞান দিব পাৰি আৰু সেই সমস্যাটোৰ সমাধানসূত্ৰ বিচাৰি উলিওৱাত তেওঁলোকৰ সমৰ্থন পাব পাৰি৷ পদযাত্ৰা আৰু পদব্ৰজে কৰা তীৰ্থযাত্ৰাৰ জৰিয়তে হিন্দু ধৰ্মৰ অনুগামীসকলে কোনো পবিত্ৰ স্থান আৰু তীৰ্থভূমিলৈও গমন কৰে৷[1] ১৯৩০ চনত মহাত্মা গান্ধীয়ে গুজৰাটৰ দাণ্ডীৰ পৰা তেখেতৰ বিখ্যাত লোণ যাত্ৰা বা লোণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল৷ অস্পৃশ্যতাৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টিৰ প্ৰয়াসেৰে ১৯৩৩-৩৪ চনত মহাত্মা গান্ধীয়ে দেশজুৰি পদযাত্ৰা আৰম্ভ কৰিছিল৷[2]পৰৱৰ্তী সময়ত গান্ধীবাদী বিনোৱা ভাৱে-য়েও এটা পদযাত্ৰা আৰম্ভ কৰিছিল৷ এই পদযাত্ৰাটো ১৯৫১ চনত হোৱা ভূদান আন্দোলনৰ অংশ আছিল৷ টেলাংগানা ৰাজ্যৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাটোৰ সমাপ্তি ঘটিছিল বোধ গয়াত৷[3] ১৯৮৩ চনৰ ৬ জানুৱাৰীত চন্দ্ৰ শেখৰে কন্যাকুমাৰীৰ পৰা তেওঁৰ পদযাত্ৰা আৰম্ভ কৰিছিল৷ প্ৰায় ৪২৬০ কিলোমিটাৰৰ যাত্ৰাটো সম্পূৰ্ণ হৈছিল ১৯৮৩ চনত ২৫ জুনত, ৰাজঘাটত৷ এই যাত্ৰাৰ উদ্দেশ্য আছিল জনগণৰ সমস্যাবোৰ উপলব্ধি কৰা৷[4] তথ্যসূত্ৰ
|