অহিংসাঅহিংসা (ইংৰাজী: Nonviolence) হৈছে কোনো পৰিস্থিতিতে আনৰ অনিষ্ট সাধন নকৰাৰ এক ব্যক্তিগত অনুশীলন। এই অনুশীলনৰ উৎপত্তি হৈছে এই বিশ্বাসৰ আধাৰত যে, সফলতা লভিবৰ বাবে মানুহ, জন্তু বা পৰিৱেশৰ অনিষ্ট সাধন কৰাৰ প্ৰয়োজন নাই। ই হিংসাৰ পৰা আঁতৰি থকাৰ এক সাধাৰণ দৰ্শন। ই নৈতিক, ধাৰ্মিক বা আধ্যাত্মিক সিদ্ধান্তৰ ওপৰত আধাৰিত হ’ব পাৰে অথবা ই ৰণনীতি সম্পৰ্কীয় বা ব্যৱহাৰিক জ্ঞান সম্পৰ্কীয়ও হ’ব পাৰে।[1] দুই প্ৰকাৰৰ অহিংস দৃষ্টিভংগীৰ মাজত পাৰ্থক্য নিৰ্ধাৰণ কৰাত ব্যৰ্থ হোৱাৰ ফলত ধাৰণাটোৰ অৰ্থ আৰু প্ৰভাৱ বিকৃত হৈ পৰিব পাৰে, যাৰ ফলত পৰৱৰ্তী সময়ত দেখোঁতা বা উপলব্ধি কৰোঁতাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে।[2] যদিও নীতিগত আৰু ব্যৱহাৰিক অহিংসা, এই দুয়োধৰণৰ দৃষ্টিভংগীয়ে অহিংসাৰে প্ৰচাৰ কৰে, তথাপিও ইয়াৰ সুকীয়া উদ্দেশ্য, লক্ষ্য, দৰ্শন আৰু কৌশল থাকিব পাৰে।[3] অৱশ্যে, দুয়োটা পদ্ধতিৰ মাজত কোনটো সৰ্বশ্ৰেষ্ঠ এই লৈ বিতৰ্ক কৰাৰ সলনি, যিসকলে হিংসাৰ আশ্ৰয় লব নিবিচাৰে তেওঁলোকৰ বাবে দুয়োটাই বিকল্প পথ সূচিত কৰিব পাৰে।[2] অহিংসাৰ ফলদায়ী সামাজিক উপাদান আছে, যাৰ বাবে অহিংসাত বিশ্বাসীসকলে ৰাজনৈতিক আৰু সামাজিক পৰিৱৰ্তন লাভৰ উপায় হিচাপে অহিংসাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে। উদাহৰণ স্বৰূপে, টলষ্টয়ান আৰু গান্ধীবাদী অহিংসা হৈছে সামাজিক পৰিৱৰ্তনৰ বাবে এক দৰ্শন আৰু ৰণনীতি যি হিংসাৰ ব্যৱহাৰক অস্বীকাৰ কৰে, কিন্তু একে সময়তে ই অহিংস কাৰ্যপন্থাক (যাক আইন অমান্য /Civil resistance বুলিও কোৱা হয়) ইয়াৰ বিৰুদ্ধে উৎপীড়নৰ নিষ্ক্ৰিয়কৰণ বা সশস্ত্ৰ সংগ্ৰামৰ বিকল্প ৰূপে গ্ৰহণ কৰে। সাধাৰণতে, যিসকল সামাজিক কৰ্মীয়ে সামাজিক পৰিৱৰ্তনৰ বাবে অহিংস দৰ্শনত বিশ্বাস কৰে, তেওঁলোকে নিজৰ অভিযানত অহিংসাক বিভিন্ন ধৰণে ব্যৱহাৰ কৰে; শিক্ষা আৰু অনুৰোধৰ গুৰুত্বপূৰ্ণ প্ৰকাৰ ৰূপে, গণ সহযোগিতা, আইন অমান্য, অহিংস প্ৰত্যক্ষ পদক্ষেপ ৰূপত; গঠনমূলক কাৰ্যসূচী আৰু সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক বা অৰ্থনৈতিক ক্ষেত্ৰত। আধুনিক সময়ত, সামাজিক প্ৰতিবাদ আৰু বৈপ্লৱিক সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে অহিংস পদ্ধতি এক শক্তিশালী সঁজুলি হৈ পৰিছে।[4][5] তথ্যসূত্ৰ
|