কস্তুৰবা গান্ধী
কস্তুৰবা গান্ধী (ইংৰাজী: Kasturba Gandhi) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আছিল৷ তেওঁৰ জন্ম হৈছিল, ১৮৬৯ চনত৷ তেওঁ মহাত্মা গান্ধীৰ পত্নী আছিল৷ কস্তুৰবাৰ স্মৃতিত তেওঁৰ জন্মদিনত ভাৰতত প্ৰতিবছৰে ১১ এপ্ৰিলৰ দিনা “মাতৃত্ব সুৰক্ষা দিৱস’’ পালন কৰা হয়৷[1] জীৱনীপ্ৰাৰম্ভিক জীৱন১৮৬৯ চনৰ ১১ এপ্ৰিল তাৰিখে গোকুলদাস কাপাড়িয়া আৰু ব্ৰজকুনৱেৰবা কাপাড়িয়াৰ ঘৰত কস্তুৰ বাৰ জন্ম হয়৷ এই পৰিয়ালটো মধ বণিয়া জাতিৰ হিন্দু আছিল আৰু গুজৰাটৰ উপকূলীয় চহৰ পোৰবন্দৰত বাস কৰিছিল৷[2] ১৮৮৩ চনৰ মে’ মাহত ১৪ বছৰীয়া কস্তুৰবাৰ ১৩ বছৰীয়া মোহনদাস কৰমচান্দত সৈতে পিতৃ-মাতৃয়ে কন্যা-সম্প্ৰদান কৰে৷[3] বিয়াৰ পিছত প্ৰচলিত পৰম্পৰামতেই কইনাগৰাকীয়ে বিয়াৰ পিছৰ প্ৰথম কেইবছৰমান মাতৃগৃহত কটাব লাগিছিল আৰু স্বামীৰ পৰা আঁতৰত থাকিব লাগিছিল৷[4] কস্তুৰবা আৰু মোহনদাসৰ কেইবাটিও সন্তান হৈছিল৷ প্ৰথম সন্তানটি জন্মৰ কিছুসময় পাছতে মৃত্যু হৈছিল৷ যদিও তেওঁলোকৰ চাৰিজন পুত্ৰ হৰিলাল, মণিলাল, ৰামদাস আৰু দেৱদাস তেওঁলোকৰ প্ৰাপ্তবয়স্ক হোৱা পৰলৈকে বাচি আছিল, তথাপি কস্তুৰবাই তেওঁৰ প্ৰথম সন্তানৰ মৃত্যুৰ শোক পাহৰিব পৰা নাছিল৷[5] প্ৰথম দুই পুত্ৰৰ জন্ম হৈছিল, মোহনদাস প্ৰথমবাৰ বিদেশলৈ যোৱাৰ আগতে৷ মোহনদাস বিদেশলৈ পঢ়িবলৈ যোৱাৰ সময়ত কস্তুৰবা ভাৰততে থাকি গৈছিল৷ পিছত ১৮৯৬ চনত দুই পুত্ৰ সৈতে মোহনদাসৰ লগত দক্ষিণ আফ্ৰিকাত থাকিবলৈ গৈছিল৷ ৰাজনৈতিক জীৱনকস্তুৰবা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত থকা সময়ত নিজকে ৰাজনীতিৰ লগত জড়িত কৰিছিল৷ তেওঁ ১৯১৩ চনত দক্ষিণ আফ্ৰিকাত ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ ওপৰত হোৱা দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত হোৱা আন্দোলনত ভাগ লৈছিল আৰু তাৰ ফলত তেওঁ গ্ৰেপ্তাৰ বৰণ কৰিবলগীয়া হয়৷ ১৯১৩ চনৰ ২৩ ছেপ্তেম্বৰত তেওঁক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল৷ কাৰাগাৰত থকা সময়ত তেওঁ আন মহিলা কাৰাবন্দীসকলক প্ৰাৰ্থনাত নেতৃত্ব দিছিল[6] আৰু কাৰাবন্দী শিক্ষিত মহিলাসকলক অশিক্ষিতসকলক লিখা-পঢ়া শিকাবলৈ উৎসাহিত কৰিছিল৷[7] মোহনদাস গান্ধী আৰু কস্তুৰবা গান্ধী ১৯১৪ চনত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহে৷ কস্তুৰবাৰ ক্ৰণিক ব্ৰংকাইটিছ আছিল আৰু তেওঁ এই ৰোগত ভূগি থকা অৱস্থাতো সমগ্ৰ ভাৰতৰ নাগৰিক কাৰ্যকলাপত অংশ লোৱাৰ উপৰি মোহনদাসৰ অনুপস্থিতিত তেওঁৰ আশ্ৰমৰ চোৱা-চিতাৰ দায়িত্ব পালন কৰিছিল৷[8] ইয়াতেই তেওঁ “বা’’ অথবা মাতৃ বুলি আখ্যা পাইছিল কাৰণ তেওঁ সমগ্ৰ আশ্ৰমখন মাতৃৰ দৰেই চোৱা-চিতা কৰিছিল৷[9] আশ্ৰমত এটা কথা মোহনদাস আৰু কস্তুৰবাৰ মাজত পাৰ্থক্য আছিল যে, মোহনদাসে তেওঁৰ সন্তানসকলক আনতকৈ পৃথক ভাবে চোৱা-চিতা কৰাটো নিবিচাৰিছিল, কিন্তু কস্তুৰবাই নিজৰ সন্তানসকলৰ প্ৰতি মোহনদাসে অৱজ্ঞাৰ ভাব পোষণ কৰা বুলি ভাবি লৈছিল৷[10] ১৯১৭ চনত মহাত্মা গান্ধী ওৰফে মোহনদাসে বিহাৰৰ চম্পাৰণৰ নীল খেতিৰ খেতিয়কসকলৰ সৈতে সম্পৃক্ত হৈ থকা সময়ত কস্তুৰবাই চম্পাৰণৰ মহিলাসকলৰ উন্নয়নৰ বাবে অৱন্তিকাবাঈ গোখলে, দুৰ্গা দেশাই, মণিবেন পাৰেখ আদি মহিলা নেত্ৰীৰ লগত লগ হৈ মহাত্মাৰ নিৰ্দেশনাত কাম কৰিছিল৷ তেওঁ মহিলাসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনুশাসন, স্বাস্থ্য, পঢ়া-শুনা আৰু লিখাৰ শিক্ষা দিছিল৷[11] ১৯২২ চনত ভগ্ন স্বাস্থ্যৰেও গুজৰাটৰ বৰছাদত হোৱা সত্যাগ্ৰহত তেওঁ ভাগ লৈছিল৷ বিখ্যাত দাণ্ডী যাত্ৰাত তেওঁ অংশ লোৱা নাছিল৷ ১৯৩০ চনৰ আইন অমান্য আন্দোলনত তেওঁ বিভিন্ন প্ৰতিবাদী কাৰ্যত ভাগ লৈছিল৷ ফলত তেওঁ একাধিকবাৰ গ্ৰেপ্তাৰ হৈ কাৰাবৰণ কৰিবলগীয়া হৈছিল৷[8] ৰাজকোটৰ মহিলাসকলে কস্তুৰবাক তেওঁলোকৰ নেত্ৰী হিচাপে মানি লোৱাত ১৯৩৯ চনত বৃটিছ শাসনৰ বিৰুদ্ধে অহিংস প্ৰতিবাদ সাব্যস্ত কৰাত নেতৃত্ব দিয়ে৷[8] ইয়াতো কস্তুৰবাক গ্ৰেপ্তাৰ কৰা হয় আৰু এমাহ একাকী কাৰাগাৰত ৰখা হয়৷ তাত তেওঁৰ স্বাস্ব্যৰ অৱনতি ঘটিছিল যদিও তেওঁ হাৰ মনা নাছিল৷ ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত অংশ লৈ তেওঁ মহাত্মা গান্ধী আৰু আন আন নেতাসকলৰ সৈতে গ্ৰেপ্তাৰ বৰণ কৰি পুণেৰ “আগা খা’’ প্ৰাসাদত বন্দী হ’বলগীয়া হৈছিল৷[5] এই সময়ত তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল৷ স্বাস্থ্য আৰু মৃত্যুজন্মৰ সময়ত হোৱা জটিলতাৰ বাবে কস্তুৰবাই ক্ৰণিক ব্ৰংকাইটিছ ৰোগত আক্ৰান্ত হৈছিল৷ নিউমোনিয়াৰ ফলত এই ৰোগ অধিক জটিল হৈ পৰিছিল৷.[12] ১৯০৮ চনৰ জানুৱাৰী মাহত এবাৰ তেওঁৰ স্বাস্থ্য অধিক বেয়া হৈছিল, কাৰণ তেতিয়া মহাত্মা গান্ধী কাৰাগাৰত থকা বাবে তেওঁ উপবাস পালন কৰিছিল আৰু স্বাস্থ্য বেয়া হৈছিল৷ সেই সময়ত তেওঁ প্ৰায় মৃত্যুৰ দুৱাৰ-দলিত উপনীত হৈছিল আৰু মহাত্মা গান্ধীয়ে তেওঁৰ ওচৰত উপস্থিত হৈ ক্ষমা বিচাৰিছিল আৰু কস্তুৰবাৰ অনুপস্থিতিত পুনৰ বিয়া নকৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল৷ তাৰপিছত কস্তুৰবাৰ এটা গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ কৰা হৈছিল৷[13] ১৯৪৪ চনৰ জানুৱাৰী মাহত কস্তুৰবাৰ দুবাৰকৈ “হাৰ্ট এটেক্’’ হয় আৰু তাৰ পিছত তেওঁ শয্যাশায়ী হৈ পৰে৷ তাতো তেওঁ বিষৰ বাবে যন্ত্ৰণা কাতৰ হৈছিল৷ উশাহ বন্ধ হৈ যোৱাকৈ যন্ত্ৰণাই তেওঁৰ টোপনি হৰিছিল৷ গান্ধীজীয়ে ভাৰতীয় চিকিৎসা পদ্ধতিৰ পৰিচিত আয়ুৰ্বেদিক চিকিৎসকৰ সন্ধান কৰিছিল৷ কিছুদিন পলমকৈ, চৰকাৰে ভাৰতীয় আয়ুৰ্বেদ চিকিৎসক এজনক তেওঁৰ চিকিৎসাৰ বাবে নিয়োগ কৰিছিল৷ প্ৰথমাৱস্থাত তেওঁৰ ৰোগ কিছু উপশম হৈছিল আৰু তেওঁ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত কম সময়ৰ বাবে হুইল চেয়াৰত বাৰাণ্ডাত বহিব পৰা হৈছিল৷ পিছত তেওঁ পুনৰ অসুস্থ হৈ পৰিছিল৷ পুত্ৰ দেৱদাসৰ দাবীত “পেনিচিলিন’’ দৰৱ আহি পাইছিল যদিও চিকিৎসকে ইয়াক ব্যৱহাৰ কৰিবলৈ দ্বিধাবোধ কৰিছিল৷ কাৰণ, ইতিমধ্যেই দুৰ্বল হৈ পৰা তেওঁৰ কিডনী এই দৰৱৰ বাবে সম্পূৰ্ণ বিকল হৈ পৰাৰ সম্ভাৱনা আছিল৷ চিকিৎসকে গান্ধী পৰিয়ালক জানিবলৈ দিছিল যে, কস্তুৰবাৰ শৰীৰ ইতিমধ্যে পেনিচিলিন লোৱাৰ অনুপযোগী হৈ পৰিছে, এনে অৱস্থাত এই দৰৱে কোনো কাম নিদিব৷[14][15] ১৯৪৪ চনৰ ২২ ফেব্ৰুৱাৰীত ভাৰতীয় সময় অনুসৰি পুৱা ৭ বাজি ৩৫ মিনিটত “আগা খা’’ প্ৰাসাদত কস্তুৰবাৰ ৭৪ বছৰ বয়সত মৃত্যু হয়৷[16] কস্তুৰবাৰ মৃত্যুৰ পিছত তেওঁৰ স্মৃতিত “কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় সোঁৱৰণী ন্যাস’’ গঠন কৰা হৈছিল৷ মহাত্মা গান্ধীয়ে অনুৰোধ কৰিছিল, এই ন্যাসৰ ধন গাঁৱৰ মহিলা আৰু শিশুসকলৰ উন্নয়নৰ বাবে খৰচ কৰা হওক৷[17] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia