হিন্দু-ধৰ্ম কি?
হিন্দু-ধৰ্ম কি? (ইংৰাজী: Hindu-Dharma Ki?) কিতাপখন মহাত্মা গান্ধীৰ ১২৫ বছৰীয়া জন্ম-জয়ন্তী উপলক্ষে প্ৰকাশ হৈছিল। ভাৰতীয় ইতিহাস অনুসন্ধান পৰিষদৰ হৈ কিতাপখন নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াই প্ৰকাশ কৰিছিল। সাহিত্যিক-সাংবাদিক তিলক হাজৰিকাই কিতাপখন অসমীয়ালৈ অনুবাদ কৰিছে।[1] অসমীয়া অনুবাদটো ১৯৯৪ চনত প্ৰথম প্ৰকাশ হয় আৰু ২০১০ চনত প্ৰথম পুনৰমুদ্ৰণ হয়।[1] লেখক পৰিচয়মহাত্মা গান্ধীগুজৰাটৰ পোৰবন্দৰত মহাত্মা গান্ধীৰ জন্ম। জন্মসূত্ৰে তেখেত আছিল সনাতনী হিন্দু। ভাৰতৰ স্বাধীনতা আন্দোলনৰ তেখেত এগৰাকী গুৰি-ধৰোঁতা আছিল। অহিংস নীতিৰে আন্দোলন কৰাৰ পৃষ্ঠপোষকতা কৰাৰ বাবে তেখেতৰ জন্মদিৱস ২ অক্টোবৰ তাৰিখটো গান্ধী জয়ন্তীৰ লগতে আন্তৰ্জাতিক অহিংসা দিৱস ৰূপে পালন কৰা হয়। গান্ধী পেচাত এগৰাকী অধিবক্তা আছিল আৰু দক্ষিণ আফ্ৰিকাত থকা সময়ছোৱাত তাত থকা প্ৰবাসী ভাৰতীয়সকলৰ বাবে সম অধিকাৰ বিচাৰি প্ৰথমটো অহিংস আন্দোলন কৰিছিল। ব্ৰিটিছ শাসিত ভাৰতলৈ ওভতাৰ পিছত দেশ স্বাধীন কৰাৰ মনোৰথেৰে তেখেতে ভাৰতত অহিংস আন্দোলনৰ গুৰি ধৰে। দুখীয়া দেশবাসীৰ কৰুণ অৱস্থাই গান্ধীৰ মনত প্ৰভাৱ পেলায় আৰু চুট-কোট এৰি গান্ধীয়ে আঁঠুৰ মূৰত চুৰিয়া পিন্ধাৰ লগতে বিদেশী সাঁজ পৰিত্যাগ যঁতৰত সূতা কাটি নিজৰ কাপোৰ নিজে বৈ উলিয়াবলৈ দেশবাসীক উদ্বুদ্ধ কৰে। আন্দোলনৰ সমানে সমানে নিজৰ বিচাৰধাৰা আৰু চিন্তা-চৰ্চা সম্পৰ্কে তেখেতে কেইবাখনো দৈনিক কাকতত নিয়মীয়াকৈ লিখিছিল। এই কিতাপখন তেনে লেখনীৰ আধাৰতে প্ৰস্তুত কৰি উলিওৱা হৈছে। অনুবাদক তিলক হাজৰিকাতিলক হাজৰিকা অসমৰ এগৰাকী সাহিত্যিক আৰু সাংবাদিক। সাংবাদিকতাৰ সমান্তৰালকৈ তেখেতে সাংবাদিকতা বিষয়ক কেইবাখনো কিতাপ লিখিছিল আৰু অনুবাদ কৰিছিল। ১৯২১ চনত কলিয়াবৰত তেখেতৰ জন্ম হৈছিল। তেখেত অসম আন্দোলনৰ এগৰাকী অগ্ৰনী যোদ্ধা আছিল। অনুবাদ কৰ্মৰ বাবে তেখেতে ১৯৯৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।[2] হিন্দু-ধৰ্ম কি? তেখেতৰ এটি অনুবাদ কৰ্ম। গ্ৰন্থখনৰ বিষয় বিৱৰণকিতাপখনত হিন্দু-ধৰ্ম কি?, মই কিয় হিন্দু, সনাতন হিন্দু, অস্পৃশ্যতাৰ পাপ আদি কৰি ৪৩টা পাঠ আছে।[1] গান্ধীৰ চিন্তাৰ প্ৰাসংগিকতাই কিতাপখনৰ ঘাই উপাদান। ইয়ং ইণ্ডিয়া, হৰিজন আৰু নৱজীৱন কাকতত গান্ধীজীয়ে হিন্দী আৰু গুজৰাটী ভাষাত বিভিন্ন প্ৰবন্ধ লিখিছিল।[1] এই প্ৰবন্ধখিনি একেলগ কৰি হিন্দু-ধৰ্ম কি কিতাপখন যুগুতোৱা হৈছে। এই প্ৰবন্ধসমূহত হিন্দু ধৰ্মৰ কিছু চিত্ৰ প্ৰকাশ পাইছে। এই প্ৰকাশে ব্যক্তিৰ চিন্তা-চেতনা, সমগ্ৰতা আৰু অস্তিত্বত জোকাৰণি তুলিব বুলি ভবা হৈছে। গান্ধীয়ে হিন্দু ধৰ্মক 'অহিংসাত্মক উপায়েৰে সত্যৰ সন্ধান' বুলি কৈছে। সত্যৰ প্ৰতি বাধাহীন অনুসন্ধানৰে আন এটা নাম হৈছে হিন্দু-ধৰ্ম। নিজকে সনাতনী হিন্দু বুলি কিয় কয় এই বিষয়েও গান্ধীয়ে কিতাপখনত কাৰণ দিছে। 'যঁতৰ নে সূতা'- এই অধ্যায়ত গান্ধীয়ে কৈছে যে যঁতৰত সূতা কটাটোক তেওঁ সাম্প্ৰদায়িক ধৰ্মতকৈ শ্ৰেষ্ঠ বুলি বিবেচনা কৰে কাৰণ হিন্দুস্তানৰ হাড়-ছাল ওলোৱা মানুহে যেতিয়ালৈকে অন্ন-বস্ত্ৰ নাপায় তেতিয়ালৈকে তেওঁলোকৰ বাবে ধৰ্ম নামৰ কোনো বস্তুৱেই পৃথিৱীত নাই। ধৰ্মক খোৱা-বোৱা, জাত-পাতৰ বিষয় কৰি তাৰ প্ৰতিষ্ঠাক লঘু কৰাক গান্ধীয়ে একেমুখে নিন্দা কৰিছে। নিজৰ ধৰ্মৰ প্ৰচাৰ কৰিবলৈ গৈ আনৰ ধৰ্মৰ ওপৰত অপমানসূচক মন্তব্য কৰাৰ পৰাও আঁতৰি থাকিবলৈ গান্ধীয়ে উপদেশ দিছে। হিন্দু ধৰ্মৰ গৌৰৱপূৰ্ণ পুৰণি অধ্যায় আৰু আৰু এই ধৰ্মক কলংকিত কৰা নতুন নিয়মৰ বিষয়েও কিতাপখনত গান্ধীজীয়ে বহু-কথা কৈছে। তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia