লোহিত জিলা
লোহিত জিলা (Pron: /ˈləʊhɪt/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। এই জিলাৰ সদৰঠাই তেজু। ২০১১ চনৰ লোকপিয়ল অনুসৰি পাপুমপাৰে জিলা আৰু চাংলাং জিলাৰ পিচতে অৰুণাচল প্ৰদেশ ৰাজ্যৰ আটাইতকৈ জনবহুল জিলা।[1] নামকৰণপূৰ্বতে লোহিত জিলাৰ নাম আছিল মিছমি হিলছ (Mishmi Hills)। বৰ্তমানৰ নামটো লোহিত নদীৰ নাম অনুসৰি দিয়া হৈছে যাৰ সংস্কৃত ভাষাত অৰ্থ হ’ল- মুগা বৰণীয়া (Louhitya, reddish- or rust-coloured)। ইতিহাসমধ্যযুগত বৰ্তমানৰ লোহিত জিলা চুতীয়া সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। তেৰ শতিকাৰ পৰা ষোল্ল শতিকালৈ চুতীয়া ৰজাসলে এই জিলা শাসন কৰিছিল। উনৈশ শতিকাত জিলাখন ব্ৰিটিছৰ অধীনলৈ আহে। ১৯৮০ চনৰ জুন মাহত লোহিত জিলাৰ একাংশ পৃথক কৰি দিবাং উপত্যকা জিলা গঠন কৰা হয়।[2] ২০০৪ চনৰ ১৬ ফেব্ৰুৱাৰীত পুনৰ লোহিত জিলাৰ উত্তৰ অংশ পৃথক কৰি অনজৌ জিলা সৃষ্টি কৰা হয়।[2] ২০১৪ চনৰ ২৫ নৱেম্বৰত লোহিত জিলাৰ একাংশ পুনৰ পৃথক কৰি নামচাই জিলা গঠন কৰা হয়।[3] ভৌগোলিক অৱস্থানএই জিলাৰ উল্লেখযোগ্য মহকুমা দুটা হ’ল ৱাকৰ’ (Wakro) আৰু সোণপুৰা (Sunpura)। লোহিত জিলাৰ মুঠ মাটিকালি ৫,২১২ বৰ্গ কিলোমিটাৰ। প্ৰশাসনএই জিলাত অৰুণাচল প্ৰদেশ বিধানসভাৰ এটা সমষ্টি আছে: তেজু (Tezu)।[4] এই সকলো অঞ্চল পূব অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।[5] যাতায়াতলোহিত জিলাৰ যাতায়াত ব্যৱস্থা এতিয়াও অনুন্নত হৈ আছে। জনসংখ্যা২০১১ চনৰ লোকপিয়ল অনুসৰি লোহিত জিলাৰ জনসংখ্যা ১৪৫,৭২৬ জন।[1] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬০১।[1]জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ২৮ জন। [1] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৬.৫৯%।[1] লোহিত জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১২ গৰাকী[1] আৰু সাক্ষৰতাৰ হাৰ ৬৮.১৮ %।[1] লোহিত জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী আদি, জেখ্ৰিং (Zekhring), খামতি (Khampti), চিংফৌ (Singpho) আৰু মিছমি জনজাতিৰ। ১৯৬০ৰ দশকত কিছু তিব্বতীয় লোকেও এই জিলাত বসবাস কৰিবলৈ লয়। জেখ্ৰিং সকল তিব্বতীয় বৌদ্ধধৰ্মী, খামতি আৰু চিংফৌ সকল থ্ৰেভাদা বৌদ্ধ আৰু মিছমি আৰু আদিসকল এনিমিষ্ট লোক। ভাষাএই জিলাৰ ব্যৱহৃত মূল ভাষাসমূহ হ’ল খামতি, জেখ্ৰিং, আদি আৰু চিংফৌ।[6] জৈৱবৈচিত্ৰ্য১৯৮৯ চনত লোহিত জিলাৰ ৭৮৩ বৰ্গ কিলোমিটাৰ লৈ কামলাং বন্যপ্ৰাণী অভয়াৰণ্য স্ৰৃষ্টি কৰা হয়।[7] এই জিলাত বহুতো আপুৰুগীয়া উদ্ভিদ আৰু প্ৰাণী পোৱা যায়। তথসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia