অৰুণাচল প্ৰদেশ বিধানসভা
অৰুণাচল প্ৰদেশ বিধানসভা (ইংৰাজী: Arunachal Pradesh Legislative Assembly) হৈছে উত্তৰ-পূব ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ এককক্ষীয় বিধানসভা। অৰুণাচলৰ বিধানসভা ভৱনটো ৰাজ্যখনৰ ৰাজধানী ইটানগৰত অৱস্থিত। অৰুণাচল প্ৰদেশৰ বিধানসভা ৬০ জন বিধায়কৰ সৈতে গঠিত।[4] ইতিহাস১৯৬৯ চনৰ২৯ ডিচেম্বৰত অসমৰ ৰাজ্যপালৰ সভাপতিত্বত উত্তৰ-পূব সীমান্ত এজেন্সী (North-East Frontier Agency, বৰ্তমানৰ অৰুণাচল প্ৰদেশ) শাসনৰ বাবে এটা এজেন্সী কাউন্সিল গঠন কৰা হয়। ১৯৭২ চনৰ ২ অক্টোবৰত এজেন্সী কাউন্সিলৰ সলনি প্ৰদেশ কাউন্সিল গঠিত কৰা হয়। ১৯৭৫ চনৰ ১৫ আগষ্টত প্ৰদেশ কাউন্সিলখনক ৰাজ্য বিধানসভালৈ পৰিৱৰ্তন কৰা হয়। প্ৰথমতে, এই বিধানসভাত ৩৩ জন সদস্য আছিল। ইয়াৰে ৩০ জন সদস্য নিৰ্বাচনৰ দ্বাৰা আৰু আন ৩জন সদস্যক কেন্দ্ৰীয় চৰকাৰে মনোনিত কৰিছিল। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশক পূৰ্ণাংগ ৰাজ্য ঘোষণা কৰাৰ পিছত সদস্যৰ সংখ্যা ৬০ জনলৈ বৃদ্ধি কৰা হয়।[5] লগতে চাওকতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia