ভালুকপুং


ভালুকপুং
নগৰ
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
জিলা পশ্চিম কামেং

ভালুকপুং (ইংৰাজী: Bhalukpong) ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰে তেজপুৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত অৱস্থিত এখন অতি মনোমোহা প্ৰাকৃতিক দৃশ্যৰাজিৰে ভৰপূৰ স্থান। ভালুকপুং অসমৰ সীমাত আৰু অৰুণাচল প্ৰদেশপশ্চিম কামেং জিলাৰ অকা পৰ্বতমালাৰ পাদ দেশত অৱস্থিত। ইয়াৰ জীয়াভৰলী নদী আৰু কাষৰ পৰ্বতমালাৰ দৃশ্য অতি মনোৰম। প্ৰতি বছৰেই বৃহৎ সংখ্যক প্ৰকৃতিপ্ৰেমী আৰু বনভোজৰ দল ইয়াত সমাগম হয়। জীয়াভৰলী নদীত পাহাৰী মাছ ধৰা (নিয়ন্ত্ৰিত) ৰ সুবিধা থকা আৰু কাষতে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত হোৱাৰ বাবে ইয়াৰ আকৰ্ষণ আৰু বাঢ়িছে। ইয়াত এটা গৰম পানীৰ পুং (উঁহ) আছে। ইয়াত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ দ্বাৰা পৰিচালিত আৰু থকা-খোৱাৰ সুবিধা থকা এটা পৰ্যটন গৃহও ইয়াত আছে। ভালুকপুং বাণ ৰজাৰ নাতি ভালুকৰ এসময়ত ৰাজধানী আছিল।[1]

তথ্য সংগ্ৰহ

  1. চিত্ৰ-বিচিত্ৰ অসম; প্ৰদীপ বৰুৱা (২০০৩). ভালুকপুং. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. 

বাহ্যিক সংযোগ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia