পশ্চিম কামেং জিলা
পশ্চিম কামেং জিলা (pronounced ˈkæmɛŋ) উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা৷ এই জিলাখনে অৰুণাচল প্ৰদেশৰ ৮.৮৬% মাটিকালি আগুৰি আছে৷ পশ্চিম কামেং জিলাৰ নাম জিলাখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ উপনৈ কামেং নদীৰ পৰা আহিছে৷ এই জিলাৰ সদৰ ঠাই বমডিলা৷ জিলাখনৰ মূল অধিবাসীসকল মনপা, মিজি, আকা, শ্বেৰডুকপেন আৰু বুগুন জনজাতিৰ লোক৷ ইতিহাসকামেং জিলাৰ ভুখণ্ড ঐতিহাসিকভাৱে মিজি আৰু আকা জনজাতিৰ নেতাই শাসন কৰিছিল৷ দশম আৰু বাৰশ শতিকাত নিৰ্মিত ভালুকপুং দুৰ্গ আৰু সোতৰশ শতিকাত নিৰ্মিত দিৰাং দুৰ্গ আদিয়ে ইয়াৰ প্ৰমাণ দিয়ে৷ ব্ৰিটিছৰ আগমণৰ পিছত এই সমগ্ৰ অঞ্চলক নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেঞ্চী নাম দিয়া হয়৷ ১৯১৯ চনত ইয়াক বালিপাৰা ফ্ৰন্টিয়াৰ ট্ৰেক্ট (Balipara Frontier tract) হিচাপে অভিহিত কৰি অসমৰ চাৰদুৱাৰত ইয়াৰ সদৰ পতা হয়৷ ১৯৪৬ চনত বালিপাৰাৰ পৰা কামেং অংশ পৃথক কৰি চেলা চাব এজেঞ্চী (Sela Sub-Agency) নাম দিয়া হয় কিন্তু সদৰ চাৰদুৱাৰতে ৰখা হয়৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত চেলা চাব এজেঞ্চীক কামেং ফ্ৰন্টিয়াৰ ডিভিজন নাম দিয়া হয়৷ ১৯৫৪ চনত ইয়াৰ সদৰ বমডিলালৈ স্থানান্তৰ কৰে৷ পৰৱৰ্তী কালৰ কামেং ফ্ৰন্টিয়াৰ ডিভিজনৰ নাম কামেং জিলা ৰখা হয়৷ ১৯৮০ চনৰ ১ জুনত এই কামেং জিলাক পৃথক কৰি পূব আৰু পশ্চিম কামেং নামেৰে দুখন জিলা সৃষ্টি কৰা হয়৷[2] পশ্চিম কামেং জিলাৰে একাংশ পৃথক কৰি ১৯৮৪ চনৰ ৬ অক্টোবৰত টাৱাং জিলা গঠন কৰা হয়৷[2] ভৌগোলিক অৱস্থানপশ্চিম কামেং জিলাৰ মুঠ মাটিকালি ৭,৪৪২ বৰ্গ কিলোমিটাৰ৷[3] এই জিলাৰ উত্তৰে তিব্বত, পশ্চিমে ভূটান, উত্তৰ-পশ্চিমে টাৱাং জিলা আৰু পূবে পূব কামেং জিলা অৱস্থিত৷ জিলাখনৰ দক্ষিণে অসমৰ শোণিতপুৰ আৰু ওদালগুৰি জিলা৷ পশ্চিম কামেং জিলাৰ অধিকাংশ হিমালয় পৰ্বতৰ অংশ৷ এই জিলাৰ সৰ্বোচ্চ শিখৰ হৈছে কাংটে (Kangte)৷ পূব কামেং জিলাৰ দৰেই এই জিলাৰো জলবায়ু উত্তৰে তুন্দ্ৰা আৰু নৱেম্বৱৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই অঞ্চলত বৰফো পৰে৷ অৰ্থনীতিএই জিলাৰ অধিকাংশ লোকে জুম খেতি কৰি জীৱন নিৰ্বাহ কৰে৷ বোৱাঁ-কটা আৰু হস্ত শিল্পৰ দৰে কিছু কুটীৰ শিল্পও এই জিলাত প্ৰচলিত৷ প্ৰশাসনএই জিলা তিনিটা মহকুমাত বিভক্ত: থ্ৰিজিন’ (Thrizino), ৰূপা (Rupa) আৰু বমডিলা (Bomdila)৷ এই মহকুমা কেইটা পুনৰ বাৰটা প্ৰশাসনিক বৃত্তত বিভক্ত কৰা হৈছে: দিৰাং (Dirang), বমডিলা (Bomdila), কালাকটাং (Kalaktang), বালেমু (Balemu), ভালুকপুং (Bhalukpong), জামেৰী (Jameri), চিনচুং (Sinchung), নাফ্ৰা (Nafra), থ্ৰিজুন’ (Thrizino), ৰূপা (Rupa), থেম্বাং (Thembang) আৰু শ্বেৰগাওঁ (Shergaon)৷ জিলাখনত অৰুণাচল প্ৰদেশ বিধানসভাৰ চাৰিটা সমষ্টি আছে: দিৰাং, কালাকটাং, থ্ৰিজিন’-বুঢ়াগাওঁ আৰু বমডিলা৷ এই গোটেইবোৰ অঞ্চল পশ্চিম অৰুণাচল লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷[4] জনসংখ্যা২০১১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম কামেং জিলাৰ মুঠ জনসংখ্যা ৮৭,০১৩ জন৷[5] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৮৷[5] এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ১২ জন৷[5] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৬.৬৪%।[5] পশ্চিম কামেং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৭৫৫ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৬৯.৪%৷ [5] ভাষাপশ্চিম কামেং জিলাত পাঁচটা মূল জনজাতিৰ লোকে বাস কৰে: মনপা (মূলতঃ দিৰাং, ভোট (Bhut), লিছ (Lish) আৰু কালাকটাং মনপা (Kalaktang Monpa)-ত অঞ্চলত), মিজি (চাজ’লাং (Sajolang)), শ্বেৰডুকপেন (Sherdukpen), আকা (Hrusso), আৰু বুগুণ (Khowa)৷ পশ্চিম কামেং জিলাত ব্যৱহৃত মূল ভাষাবোৰ হৈছে:
ধৰ্মপশ্চিম কামেং জিলাৰ অধিকাংশ লোক বৌদ্ধ ধৰ্মী যদিও আকা আৰু মিজি জনজাতিৰ কিছু লোক দ’নী পলৰ অনুগামী৷ জৈববৈচিত্ৰ্য১৯৮৯ চনত পশ্চিম কামেং জিলাৰ ২১৭ বৰ্গ কিলোমিটাৰ আগুৰি ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য গঠন কৰা হয়৷[6] এই জিলাতে ১৯৮৯ চনত ১০০ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত চেচা অৰ্কিড অভয়াৰণ্য (Sessa Orchid Wildlife Sanctuary) গঠন কৰা হয়৷[6] তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|