ক্ৰা দাদি জিলা
ক্ৰা দাদি জিলা (Kra Daadi district) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত কুৰুং কুমেই জিলাৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল।[2] এই জিলাৰ সদৰ ঠাই পালিন। জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ। ইতিহাস![]() ২০১৩ চনৰ ২১ মাৰ্চত অৰুণাচল প্ৰদেশ (জিলা পুনৰ্সংগঠন) আইন (Arunachal Pradesh (Re-Organization of Districts) Bill) ৰ দ্বাৰা ক্ৰা দাদি জিলা গঠনৰ প্ৰস্তাৱ গৃহীত হয়।[3] ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত সেইসময়ৰ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী নবাম টুকীয়ে এই নতুন জিলাখন উদ্বোধন কৰে।[2] প্ৰশাসনবৰ্তমান জিলাখনৰ অস্থায়ী সদৰ পালিন। পালিনৰ পৰা ২০ কিমি দুৰত্বত অৱস্থিত জামিন (Jamin) নগৰক জিলাখনৰ সদৰ ঠাই হিচাপে প্ৰস্তাৱ কৰা হৈছে। ক্ৰা দাদি জিলাত দুটা বিধানসভাৰ সমষ্টি আছে- তালি (Tali) আৰু পালিন (Palin)। তদুপৰি জিলাখন আঠটা প্ৰশাসনিক বৃত্তত বিভক্ত কৰা হৈছে- পালিন, জামিন, য়াংটে (Yangte), চামবাং (Chambang), তৰক লাংডি (Tarak Langdi), গাংটে (Gangte), তালি আৰু পিপচ’ৰাং (Pipsorang)।[2] তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia